--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰয়োজন হ’ল অখিলেশ যাদৱ নেতৃত্বৰ সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব আম আদমী পাৰ্টীয়ে। আজি এই মন্তব্য কৰিছে আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে। উত্তৰ প্ৰদেশত বিজেপিক প্ৰতিহত কৰাৰ বাবে সমাজবাদীৰে মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰিলে আপ নেতাগৰাকীয়ে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনে শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে এই মন্তব্য কৰি সঞ্জয় সিঙে কয়, ‘যদিহে বিজেপিক প্ৰতিহত কৰাৰ বাবে আম আদমী পাৰ্টীৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি সমাজবাদী পাৰ্টীক সমৰ্থন দিম।’ তেওঁ লগতে কয় যে, ‘পঞ্জাবত আম আদমী পাৰ্টীৰ চৰকাৰ হ’ব। উত্তৰাখণ্ড আৰু গোৱাতো আমাৰ দলৰ উত্থান ঘটিব। আপৰ ৰাজনীতি এতিয়া মানুহৰ মাজলৈ বিয়পি গৈছে।’ সঞ্জয় সিঙে উত্তৰ প্ৰদেশত আপৰ এটা ভেটি গঢ় লৈ উঠা বুলি মন্তব্য কৰি তেওঁ কয় যে, এতিয়া জনগণে উন্নয়নৰ নামত ভোট দিছে। উত্তৰ প্ৰদেশে জাতিগত ৰাজনীতিৰ পৰা মূৰ দাঙি উঠিবই লাগিব। তেওঁ লগতে দাবী কৰে যে, নিৰ্বাচনত বহু ৰাজনৈতিক দলে তেওঁলোকৰ দলৰ নিৰ্বাচনী ইস্তাহাৰক অনুসৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ