--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰয়োজন হ’ল অখিলেশ যাদৱ নেতৃত্বৰ সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব আম আদমী পাৰ্টীয়ে। আজি এই মন্তব্য কৰিছে আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে। উত্তৰ প্ৰদেশত বিজেপিক প্ৰতিহত কৰাৰ বাবে সমাজবাদীৰে মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰিলে আপ নেতাগৰাকীয়ে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনে শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে এই মন্তব্য কৰি সঞ্জয় সিঙে কয়, ‘যদিহে বিজেপিক প্ৰতিহত কৰাৰ বাবে আম আদমী পাৰ্টীৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি সমাজবাদী পাৰ্টীক সমৰ্থন দিম।’ তেওঁ লগতে কয় যে, ‘পঞ্জাবত আম আদমী পাৰ্টীৰ চৰকাৰ হ’ব। উত্তৰাখণ্ড আৰু গোৱাতো আমাৰ দলৰ উত্থান ঘটিব। আপৰ ৰাজনীতি এতিয়া মানুহৰ মাজলৈ বিয়পি গৈছে।’ সঞ্জয় সিঙে উত্তৰ প্ৰদেশত আপৰ এটা ভেটি গঢ় লৈ উঠা বুলি মন্তব্য কৰি তেওঁ কয় যে, এতিয়া জনগণে উন্নয়নৰ নামত ভোট দিছে। উত্তৰ প্ৰদেশে জাতিগত ৰাজনীতিৰ পৰা মূৰ দাঙি উঠিবই লাগিব। তেওঁ লগতে দাবী কৰে যে, নিৰ্বাচনত বহু ৰাজনৈতিক দলে তেওঁলোকৰ দলৰ নিৰ্বাচনী ইস্তাহাৰক অনুসৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য