--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাঁথো কেইটামান দিন বাকী আছে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰ কুচকাৱাজ উঠিছে তুংগত। তৎপৰতা বাঢ়িছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে। শাসক-বিৰোধী উভয় নেতাৰ মাজতে দেখিবলৈ পোৱা গৈছে বাকযুদ্ধ। প্ৰতিটো ৰাজনৈতিক দলৰে উদ্দেশ্য কেৱল সমাগত বিধানসভা নির্বাচনক লৈয়ে নহয়, আন এটি ডাঙৰ উদ্দেশ্য হ’ল ২০২৪ৰ লোকসভা নির্বাচন। ইয়াৰ মাজতে উত্তৰ প্ৰদেশত অব্যাহত আছে নেতাৰ দলত্যাগ প্ৰক্ৰিয়া। উত্তৰ প্ৰদেশত ৩জন কেবিনেট মন্ত্ৰীকে ধৰি কেইবাজনো বিধায়কে বিজেপি ত্যাগ কৰি যোগদান কৰে সমাজবাদী পাৰ্টীত। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত কেইদিনমান থকাৰ মাজতে এই খবৰে বিজেপিশাসিত ৰাজ্যখনত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল। আনহাতে এক খবৰ আহিছে যে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে আজি বিজেপিত যোগদান কৰিব। তেওঁৰ সৈতে আইপিএছৰ চাকৰি ত্যাগ কৰা অসীম অৰুণেও বিজেপিত যোগদান কৰিব। এই খবৰেও ৰাজনৈতিক মহলত লাভ কৰিছে তীব্ৰ চৰ্চা। উল্লেখ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্রেছ দলটোৱে দেশত নতুন ৰূপত গঠন হোৱা বুলি প্ৰচাৰ চলাইছে উত্তৰ প্ৰদেশ কংগ্রেছে। প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা হিচাপে কংগ্রেছে ঘোষণা কৰিলে প্ৰথমখন তালিকা। ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা ঘোষণা কৰি উত্তৰ প্ৰদেশত কংগ্রেছে দেখুৱালে অন্য এক চমক। কাৰণ এই প্রথমখন তালিকাতেই কংগ্রেছে ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ ভিতৰত প্ৰাধান্য দিলে ৫০ গৰাকী মহিলা প্ৰাৰ্থীক। ৫০ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাধান্য দি উত্তৰ প্ৰদেশ কংগ্রেছে মন্তব্য কৰে যে, ‘যোগী আদিত্য নাথৰ শাসন কালত লাঞ্ছিত-বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ লোকসকলক বেছিভাগকে আমি প্ৰাৰ্থিত্ব দিম।’ নাৰী শক্তিক প্ৰাধান্য দি কংগ্রেছে অনাগত দিনত ন উদ্যমেৰে কাম কৰি যোৱাৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। ইফালে সমাজবাদী-ৰাষ্ট্ৰীয় লোকদল মৰ্চাই ২৯জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বিজেপিয়ে ১৭২জন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক