--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাঁথো কেইটামান দিন বাকী আছে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰ কুচকাৱাজ উঠিছে তুংগত। তৎপৰতা বাঢ়িছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰে। শাসক-বিৰোধী উভয় নেতাৰ মাজতে দেখিবলৈ পোৱা গৈছে বাকযুদ্ধ। প্ৰতিটো ৰাজনৈতিক দলৰে উদ্দেশ্য কেৱল সমাগত বিধানসভা নির্বাচনক লৈয়ে নহয়, আন এটি ডাঙৰ উদ্দেশ্য হ’ল ২০২৪ৰ লোকসভা নির্বাচন। ইয়াৰ মাজতে উত্তৰ প্ৰদেশত অব্যাহত আছে নেতাৰ দলত্যাগ প্ৰক্ৰিয়া। উত্তৰ প্ৰদেশত ৩জন কেবিনেট মন্ত্ৰীকে ধৰি কেইবাজনো বিধায়কে বিজেপি ত্যাগ কৰি যোগদান কৰে সমাজবাদী পাৰ্টীত। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত কেইদিনমান থকাৰ মাজতে এই খবৰে বিজেপিশাসিত ৰাজ্যখনত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল। আনহাতে এক খবৰ আহিছে যে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে আজি বিজেপিত যোগদান কৰিব। তেওঁৰ সৈতে আইপিএছৰ চাকৰি ত্যাগ কৰা অসীম অৰুণেও বিজেপিত যোগদান কৰিব। এই খবৰেও ৰাজনৈতিক মহলত লাভ কৰিছে তীব্ৰ চৰ্চা। উল্লেখ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্রেছ দলটোৱে দেশত নতুন ৰূপত গঠন হোৱা বুলি প্ৰচাৰ চলাইছে উত্তৰ প্ৰদেশ কংগ্রেছে। প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা হিচাপে কংগ্রেছে ঘোষণা কৰিলে প্ৰথমখন তালিকা। ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ তালিকা ঘোষণা কৰি উত্তৰ প্ৰদেশত কংগ্রেছে দেখুৱালে অন্য এক চমক। কাৰণ এই প্রথমখন তালিকাতেই কংগ্রেছে ১২৫ জন প্ৰাৰ্থী প্ৰত্যাশীৰ ভিতৰত প্ৰাধান্য দিলে ৫০ গৰাকী মহিলা প্ৰাৰ্থীক। ৫০ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাধান্য দি উত্তৰ প্ৰদেশ কংগ্রেছে মন্তব্য কৰে যে, ‘যোগী আদিত্য নাথৰ শাসন কালত লাঞ্ছিত-বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ লোকসকলক বেছিভাগকে আমি প্ৰাৰ্থিত্ব দিম।’ নাৰী শক্তিক প্ৰাধান্য দি কংগ্রেছে অনাগত দিনত ন উদ্যমেৰে কাম কৰি যোৱাৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। ইফালে সমাজবাদী-ৰাষ্ট্ৰীয় লোকদল মৰ্চাই ২৯জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু বিজেপিয়ে ১৭২জন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি