--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ঘটিছে এক শোকাৱহ ঘটনা। ভাত আৰু মেগী একেলগে খোৱাৰ পিছতে  দুটা পৰিয়ালৰ শিশুসহ ছগৰাকী লোক  অসুস্থ হৈ পৰে।এটি শিশুৰ স্বাস্থ্যৰ  অৱস্থাৰ অধিক অৱনতি ঘটাৰ ফলত মৃত্যু ঘটে । পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ভাতৰ সৈতে একেলগে মেগী খোৱাৰ পিছতে লোককেইগৰাকী   বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হয়। পাঁচগৰাকী লোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। চিকিৎসকজনে প্ৰকাশ কৰা মতে  খাদ্যৰ বিষক্ৰিয়াৰ ফলতে লোককেইগৰাকী  অসুস্থ হৈ পৰিছে। 

ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ   চন্দিয়া হাজাৰা গ্ৰাম পঞ্চায়তৰ ৰাহুলনগৰ গাঁৱত। গাওঁখনৰ  বাসিন্দা চনু আৰু তেওঁৰ শহুৰেক একেটা ঘৰতে বাস কৰে। চনুৰ ভায়েকৰ পত্নী সঞ্জনাই প্ৰকাশ কৰা  সন্ধিয়া সকলোৱে ঘৰত মেগী আৰু ভাত খাইছিল। কিছু সময়ৰ পিছত, সঞ্জনা (২২), তেওঁৰ ভগ্নী সঞ্জু (১৮), চনুৰ পত্নী সীমা (৩০), দুই পুত্ৰ ৰোহন (১২), বিবেক (৮) তথা  কন্যা সন্ধ্যা (৪)ই বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হয়। 

তেওঁলোক সকলোকে চান্দিয়া হাজাৰা গাঁৱৰ চিকিৎসালয়ত  ওচৰত ভৰ্তি কৰোৱা হয়।  চিকিৎসাৰ পিছত, সকলো লোকক ঘৰলৈ যাবলৈ দিয়া হয়। সঞ্জনাই  প্ৰকাশ কৰা মতে ঘৰলৈ আহি সকলোৱে পুনৰ বমি কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাতে চনুৰ পুত্ৰ ৰোহনৰ মৃত্যু হয়।  হাজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমেন্দ্ৰ সিঙে কয়  যে খাদ্যৰ বিষক্ৰিয়াৰ ফলতে শিশুটোৰ মৃত্যুৰ হোৱা বুলি ধাৰণা কৰা হৈছে।  

খাদ্য সুৰক্ষা বিষয়া সতীশ কুমাৰ আৰু শান্তনু কুমাৰে গাওঁখনত উপস্থিত হৈ আৰু বহু ঠাইৰ পৰা মেগীৰ নমুনা সংগ্ৰহ কৰিছে। চনুৰ ঘৰৰ ওচৰত এটা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে। মুখ্য ফাৰ্মাচিষ্ট সুশান্ত হালদাৰৰ তত্বাৱধানত  এই শিবিৰৰ আয়োজন কৰা হৈছে আৰু ১২০ জন লোকক পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু