--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত ঘটিছে এক শোকাৱহ ঘটনা। ভাত আৰু মেগী একেলগে খোৱাৰ পিছতে  দুটা পৰিয়ালৰ শিশুসহ ছগৰাকী লোক  অসুস্থ হৈ পৰে।এটি শিশুৰ স্বাস্থ্যৰ  অৱস্থাৰ অধিক অৱনতি ঘটাৰ ফলত মৃত্যু ঘটে । পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ভাতৰ সৈতে একেলগে মেগী খোৱাৰ পিছতে লোককেইগৰাকী   বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হয়। পাঁচগৰাকী লোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। চিকিৎসকজনে প্ৰকাশ কৰা মতে  খাদ্যৰ বিষক্ৰিয়াৰ ফলতে লোককেইগৰাকী  অসুস্থ হৈ পৰিছে। 

ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ   চন্দিয়া হাজাৰা গ্ৰাম পঞ্চায়তৰ ৰাহুলনগৰ গাঁৱত। গাওঁখনৰ  বাসিন্দা চনু আৰু তেওঁৰ শহুৰেক একেটা ঘৰতে বাস কৰে। চনুৰ ভায়েকৰ পত্নী সঞ্জনাই প্ৰকাশ কৰা  সন্ধিয়া সকলোৱে ঘৰত মেগী আৰু ভাত খাইছিল। কিছু সময়ৰ পিছত, সঞ্জনা (২২), তেওঁৰ ভগ্নী সঞ্জু (১৮), চনুৰ পত্নী সীমা (৩০), দুই পুত্ৰ ৰোহন (১২), বিবেক (৮) তথা  কন্যা সন্ধ্যা (৪)ই বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হয়। 

তেওঁলোক সকলোকে চান্দিয়া হাজাৰা গাঁৱৰ চিকিৎসালয়ত  ওচৰত ভৰ্তি কৰোৱা হয়।  চিকিৎসাৰ পিছত, সকলো লোকক ঘৰলৈ যাবলৈ দিয়া হয়। সঞ্জনাই  প্ৰকাশ কৰা মতে ঘৰলৈ আহি সকলোৱে পুনৰ বমি কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাতে চনুৰ পুত্ৰ ৰোহনৰ মৃত্যু হয়।  হাজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমেন্দ্ৰ সিঙে কয়  যে খাদ্যৰ বিষক্ৰিয়াৰ ফলতে শিশুটোৰ মৃত্যুৰ হোৱা বুলি ধাৰণা কৰা হৈছে।  

খাদ্য সুৰক্ষা বিষয়া সতীশ কুমাৰ আৰু শান্তনু কুমাৰে গাওঁখনত উপস্থিত হৈ আৰু বহু ঠাইৰ পৰা মেগীৰ নমুনা সংগ্ৰহ কৰিছে। চনুৰ ঘৰৰ ওচৰত এটা চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে। মুখ্য ফাৰ্মাচিষ্ট সুশান্ত হালদাৰৰ তত্বাৱধানত  এই শিবিৰৰ আয়োজন কৰা হৈছে আৰু ১২০ জন লোকক পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ