--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহুতো ৰাজ্যত হিন্দু-মুছলমানৰ বিবাদৰ খবৰ নিৰন্তৰ পোৱা যায়। এনে সময়তে মধ্য প্ৰদেশৰ ভূপালৰ পৰা আহিছে এক হৃদয়স্পৰ্শী খবৰ। ভূপালৰ লক্ষ্মী নাৰায়ণ নামৰ এজন হিন্দু ব্যক্তিয়ে ৫০ বছৰ ধৰি ৰোজা পালন কৰি আহিছে। ৰোজা ৰাখি তেওঁ হিন্দু-মুছলমান ঐক্যৰ এক উদাহৰণ স্থাপন কৰিছে। ৭১ বছৰীয়া লক্ষ্মী নাৰায়ণ খাণ্ডেলৱাল হিন্দু-মুছলমান ঐক্যৰ এক সুন্দৰ উদাহৰণ বুলি বহুলোকেই একমুখে কয়। 

লক্ষ্মী নাৰায়ণ খাণ্ডেলৱালে যোৱা ৫০ বছৰ ধৰি ৰোজা ৰখাৰ লগতে মছজিদত নামাজ পঢ়িবলৈও যায়। এনে নহয় যে লক্ষ্মী নাৰায়ণ খাণ্ডেলৱালে কেৱল ইছলামত বিশ্বাস কৰে, তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে নিজৰ হিন্দু ধৰ্মও পালন কৰি আহিছে। নিজ ধৰ্মৰ প্ৰতি থকা আস্থাৰ বাবে তেওঁ দেশৰ প্ৰায় সকলো মন্দিৰ দৰ্শন কৰিছে।পবিত্ৰ ৰমজান মাহত তেওঁ দুবাৰ খোজকাঢ়ি খোৱাজা গৰিব নাৱাজৰ দৰগাহ পৰিদৰ্শন কৰিছে। 

লক্ষ্মী নাৰায়ণে কয় যে প্ৰায় ৫০ বছৰ আগতে খোৱাজা গৰিব নাৱাজ তেওঁৰ সপোনত দৰ্শন দিছিল আৰু তেওঁক নামাজ পঢ়িবলৈ আৰু ৰোজা ৰাখিবলৈ কৈছিল। তেতিয়াৰ পৰা তেওঁ এই নিয়ম পালন কৰি আহিছে। 

তেওঁৰ পৰিয়ালত তিনিটা সন্তান আছে আৰু কোনেও তেওঁক ৰোজা ৰখা আৰু নামাজ পঢ়াত বাধা প্ৰদান নকৰে। লক্ষ্মী নাৰায়ণ খাণ্ডেলৱালে সমাজত বাৰ্তা দিব বিচাৰে যে হিন্দু-মুছলমানে নিজৰ মাজত যুঁজ দিব নালাগে। সকলোৱে মিলিজুলি এখন সুস্থ সমাজ গঢ়াত আগভাগ ল'ব লাগে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ