--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে সোমবাৰে স্কুলীয়া শিক্ষাক লৈ পিতৃ-মাতৃৰ উদ্বেগ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ শিশুসকলক তেওঁলোকৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অতি কম বয়সতে তেওঁলোকক বিদ্যালয়লৈ পঠিয়াব নালাগে বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে৷ 

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে মন্তব্য কৰে যে, 'শিশুসকলক বিদ্যালয়লৈ পঠিয়াবলৈ এক প্ৰকাৰৰ খৰধৰ কৰা হয়। পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ দুবছৰ বয়স হোৱাৰ লগে লগে বিদ্যালয়লৈ পঠোৱাৰ ব্যৱস্থা আৰম্ভ কৰিব বিচাৰে। এইটো তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে অনুকূল নহ'ব পাৰে।'

বিচাৰপীঠখনে আগন্তুক শৈক্ষিক অধিৱেশনৰ বাবে কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে ছয় বছৰৰ নিম্নতম বয়সৰ চৰ্তক প্ৰত্যাহ্বান জনাই অভিভাৱকৰ এটা গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ ১১ এপ্ৰিলৰ আদেশক প্ৰত্যাহ্বান জনাই অভিভাৱকসকলে দাবী কৰে যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে (কেভিএছ) ২০২২ চনৰ মাৰ্চত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ মাত্ৰ চাৰি দিন আগতে হঠাতে ১ম শ্ৰেণীৰ পৰা ছয় বছৰৰ বাবে নামভৰ্তিৰ চৰ্ত সলনি কৰে। পূৰ্বৱৰ্তী চৰ্ত অনুসৰি বয়সৰ সীমা আছিল পাঁচ বছৰ।

বিচাৰপীঠে এইদৰে কৈছিল: 'এটি শিশুক বিদ্যালয়ত ভৰ্তি কৰাৰ সঠিক বয়স আছে। শিশুটোক অত্যাধিক কষ্ট নিদিব। ইয়াৰ দ্বাৰা শিশুটিৰ বুজি পোৱা আৰু পঢ়াৰ সামৰ্থ্যক প্ৰভাৱিত কৰাৰ লগতে মানসিকভাৱেও প্ৰভাৱ পৰিব পাৰে।'



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ