--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অন্যতম ঘনিষ্ঠ দুই বন্ধু কৰীণা কাপুৰ আৰু কৰণ জোহৰ৷ এইবাৰ পুনৰ প্ৰেক্ষাপটত এই দুই বন্ধু বিশেষ আলাপ৷হ’টষ্টাৰত বৰ্তমান কফি উইথ কৰণৰ ছিজন ৮ চলি আছে।কফি উইথ কৰণৰ শেষৰ খণ্ডটোত অনন্যা পাণ্ডে আৰু ছাৰা আলী খানক আমন্ত্ৰণ কৰি অনা হৈছিল৷উক্ত আলাপত ডেটিঙৰ উৰাবাতৰিক স্পষ্টভাৱে সম্বোধন কৰি ছাৰা আৰু অনন্যা বিতৰ্কত  সোমাই পৰিছিল। ‘কফি উইথ কৰণ’ৰ প্ৰথম খণ্ডত দীপিকা আৰু ৰণবীৰৰ বহু  গুজৱৰ দ্বাৰা ছিজনৰ আৰম্ভণি হৈছিল। ছানী আৰু ববি দেউলৰ গতিশীল যুটিটোৱে শ্বাবানা আজমীৰ সৈতে ধৰ্মেন্দ্ৰৰ চুমা খোৱাৰ দৰে বিতৰ্কিত মুহূৰ্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ব’টোত উজ্জীৱিত কৰি তুলিছিল। কফি উইথ কৰণৰ শেষৰ খণ্ডটোত কৰণ জোহৰেও কল হো না হোৰ সময়ত কৰীণা কাপুৰৰ সৈতে হোৱা বহু ঘটনাৰ কথা মনত পেলাইছিল।

কফি উইথ কৰণৰ আগন্তুক খণ্ডটোত আলিয়া ভাট আৰু কৰীণা কাপুৰে অংশ ল’ব বুলি জানিব পৰা গৈছে।উল্লেখ্য যে কৰণ জোহৰৰ পাউট চেলফিবোৰ আটাইতকৈ দীৰ্ঘদিন ধৰি বলীউড টাউনৰ চৰ্চা হৈ আহিছে। বহুতে এই ছবিবোৰ ভাল পায় আৰু নিজৰ স্নেহৰ বৰষুণ দিয়ে যদিও কৰীণা কাপুৰ খানৰ মতামত পৃথক। শ্ব’টোত কৰীণাই কয়, “মই ভাবো আজিকালি, আপুনি টেৰেচত সেই বেলেন্সিয়াগা চুৱেটচাৰ্ট আৰু জিভেঞ্চিৰ সৈতে দেখা যায়।এয়া দেখি সকলো পাগল হৈ পৰিছে।যদি এনেকুৱা পোষ্ট আগলৈ দেখাে তেন্তে ইনষ্টাগ্ৰামত মই আপোনাক আনফ’ল কৰিম৷”

সদ্য প্ৰকাশিত প্ৰমোটোত কৰণ জোহৰে কৰীণাক গাদাৰ ২ৰ সফলতাৰ পাৰ্টীত অনুপস্থিত থকা সম্পৰ্কত পৰোক্ষভাৱে প্ৰশ্ন কৰে৷ গাদাৰ ২ ছবিখনৰ নায়িকা অমীছা পেটেলৰ সৈতে কৰীণাৰ তিক্ত সম্পৰ্কৰ বাবে প্ৰশ্নটো কৰা হৈছিল। উত্তৰত কৰীণাই আনফালে চাই ধেমালিসুলভভাৱে কয়, “মই কৰণক আওকাণ কৰিছোঁ,আপোনালোক সকলোৱে দেখাৰ দৰে!”






FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান