--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক অনাকাংক্ষিত ভিডিঅ’ই মানসিকভাৱে আতংকিত কৰিছে প্ৰখ্যাত বলীউড অভিনেতা নানা পাটেকাৰক৷শেহতীয়াকৈ ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ’ত নানা পাটেকাৰে ছেলফী ল’বলৈ উদ্যত এজন ব্যক্তিক প্ৰচণ্ড চৰ মৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হয়৷ এতিয়া অনুৰাগীক চৰ মাৰি মানুহৰ বাক-আক্ৰমণৰ বলি হোৱা বলীউডৰ চলচ্চিত্ৰ অভিনেতা নানা পাটেকাৰে ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত ক্ষমা বিচাৰি স্পষ্টীকৰণ দিছে। ভিডিঅ’টো মুকলি কৰাৰ সময়ত নানা পাটেকাৰে কয় যে এই দৃশ্যটো চিনেমাখনৰ অংশ আৰু ভুলবশতঃহে সংঘটিত হৈছিল। 


পাটেকৰে কয় যে এইটো আমাৰ ছবিৰ অংশ। যিহেতু আমি নাজানো যে শিশুটি আমাৰ ছবিখনৰ অংশ নাছিল। আমি দৃশ্য অনুযায়ী শিশুজনক চৰ মৰাৰ দৃশ্যগ্ৰহণ কৰিলোঁ আৰু পাছত গম পালোঁ যে ল’ৰাজন আমাৰ ছবিৰ অংশ নাছিলয।যেতিয়ালৈকে সেই ল’ৰাজনক মাতিবলৈ ক্ৰুৰ লোকসকল গ’ল তেতিয়ালৈকে ল’ৰাজন পলাই গৈছিল। তদুপৰি পাটেকাৰে স্পষ্ট কৰি কয় যে আমি কাকো ছেলফী লোৱাত বাধা দিয়া নাই। 


দৰাচলতে চলচ্চিত্ৰ অভিনেতা নানা পাটেকাৰে বৰ্তমান বাৰাণসীত ‘জাৰ্নী’ শীৰ্ষক ছবিখনৰ শ্বুটিং কৰি আছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে দৃশ্যগ্ৰহণৰ বাবে থিয় হৈ আছিল যেতিয়া ছবিখনৰ এটা শ্বট সাজু হৈছিল। ঠিক তেনেতে মাজতে এজন যুৱক আহি নানা পাটেকাৰৰ লগত ছেলফী তুলিবলৈ উদ্যত হয়। এই কথাত ক্ষুব্ধ হৈ নানা পাটেকাৰে দিকবিদিক হেৰুৱাই সকলোৰে সন্মুখত অনুৰাগীজনক চৰ সোধায়। ফেনজনৰ এই কাৰ্য দেখি ইউনিটৰ আন সদস্যসকলে আহি ডিঙিত ধৰি বাহিৰলৈ লৈ যায়।আৰু অতি কম সময়ৰ ভিতৰতে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান