--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক অনাকাংক্ষিত ভিডিঅ’ই মানসিকভাৱে আতংকিত কৰিছে প্ৰখ্যাত বলীউড অভিনেতা নানা পাটেকাৰক৷শেহতীয়াকৈ ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ’ত নানা পাটেকাৰে ছেলফী ল’বলৈ উদ্যত এজন ব্যক্তিক প্ৰচণ্ড চৰ মৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হয়৷ এতিয়া অনুৰাগীক চৰ মাৰি মানুহৰ বাক-আক্ৰমণৰ বলি হোৱা বলীউডৰ চলচ্চিত্ৰ অভিনেতা নানা পাটেকাৰে ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত ক্ষমা বিচাৰি স্পষ্টীকৰণ দিছে। ভিডিঅ’টো মুকলি কৰাৰ সময়ত নানা পাটেকাৰে কয় যে এই দৃশ্যটো চিনেমাখনৰ অংশ আৰু ভুলবশতঃহে সংঘটিত হৈছিল। 


পাটেকৰে কয় যে এইটো আমাৰ ছবিৰ অংশ। যিহেতু আমি নাজানো যে শিশুটি আমাৰ ছবিখনৰ অংশ নাছিল। আমি দৃশ্য অনুযায়ী শিশুজনক চৰ মৰাৰ দৃশ্যগ্ৰহণ কৰিলোঁ আৰু পাছত গম পালোঁ যে ল’ৰাজন আমাৰ ছবিৰ অংশ নাছিলয।যেতিয়ালৈকে সেই ল’ৰাজনক মাতিবলৈ ক্ৰুৰ লোকসকল গ’ল তেতিয়ালৈকে ল’ৰাজন পলাই গৈছিল। তদুপৰি পাটেকাৰে স্পষ্ট কৰি কয় যে আমি কাকো ছেলফী লোৱাত বাধা দিয়া নাই। 


দৰাচলতে চলচ্চিত্ৰ অভিনেতা নানা পাটেকাৰে বৰ্তমান বাৰাণসীত ‘জাৰ্নী’ শীৰ্ষক ছবিখনৰ শ্বুটিং কৰি আছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে দৃশ্যগ্ৰহণৰ বাবে থিয় হৈ আছিল যেতিয়া ছবিখনৰ এটা শ্বট সাজু হৈছিল। ঠিক তেনেতে মাজতে এজন যুৱক আহি নানা পাটেকাৰৰ লগত ছেলফী তুলিবলৈ উদ্যত হয়। এই কথাত ক্ষুব্ধ হৈ নানা পাটেকাৰে দিকবিদিক হেৰুৱাই সকলোৰে সন্মুখত অনুৰাগীজনক চৰ সোধায়। ফেনজনৰ এই কাৰ্য দেখি ইউনিটৰ আন সদস্যসকলে আহি ডিঙিত ধৰি বাহিৰলৈ লৈ যায়।আৰু অতি কম সময়ৰ ভিতৰতে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক