--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ ক্ৰীড়াজগতলৈ আন এক সন্মান। পুনৰ এবাৰ স্ব-মহিমাৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল এগৰাকী অসমীয়া খেলুৱৈ। নাম তেওঁৰ নয়নমণি শইকীয়া। এতিয়া ‘স্বৰ্ণকন্যা নয়নমণি’। এই নয়নমণিয়েই চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আজুৰি আনিলে আকাংক্ষিত স্বৰ্ণ পদক। ইতিহাস ৰচি পৰিগণিত হ'ল কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে। আজি বাৰ্মিংহামত মহিলাৰ শাখাত লন বলৰ ফাইনেলত ভাৰতীয় দলৰ ঐতিহাসিক জয়ৰ লগে লগে এই গৌৰৱোজ্জ্বল সন্মানৰ অধিকাৰী হয় নয়নমণি শইকীয়া।

ফাইনেলত ভাৰতীয় মহিলা দলটোৱে শক্তিশালী দক্ষিণ আফ্ৰিকাক ১৭-১০ ব্যৱধানত পৰাস্ত কৰি অৰ্জন কৰে স্বৰ্ণ পদক। উল্লেখ্য যে কমনৱেলথ গেমছৰ ইতিহাসত লনবলত এয়াই হৈছে ভাৰতৰ প্ৰথমটো পদক। নয়নমণিৰ লগতে ভাৰতীয় দলৰ আনকেইগৰাকী সদস্য হৈছে ক্ৰমে লাভলী চৌবে, পিঙ্কি সিং আৰু ৰূপা ৰাণী তিৰ্কী। 

১৯৩০ চনৰ উদ্বোধনী সংস্কৰণৰ পৰাই কমনৱেলথ গেমছত লনবল ইভেণ্ট অন্তৰ্ভুক্ত হৈ আছে। ক্ৰীড়া সমাৰোহখনৰ ইতিহাসত এই ইভেণ্টোত অন্যতম সফল দল হিচাপে পৰিগণিত হৈ আহি দক্ষিণ আফ্ৰিকা। বিগত বাৰৰ গল্ডক’ষ্ট কমনৱেলথ গেমছৰ ডিফেণ্ডিংচেম্পিয়নো আছিল দক্ষিণ আফ্ৰিকাৰ মহিলা দলটো। 

উল্লেখ্য যে খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল। স্বাভাৱিকতেই লববন খেলবিধ অসমৰ ক্ৰীড়াক্ষেত্ৰত অধিকাংশ ক্ৰীড়াপ্ৰেমীৰ বাবে এক অজানা খেলেই হৈ আছিল। কিন্তু আজি নয়নমণিৰ ঐতিহাসিক স্বৰ্ণ জয়ৰ লগে লগে এতিয়া ৰাজ্যৰ চাৰিওফালে গুঞ্জৰিত হৈছে নয়নমণিৰ লগতে লনবল খেলৰ নামো।

ভাৰতীয় দলটোৱে লনবল ইভেণ্টত স্বৰ্ণ জয় কৰাৰ পাছত চলিত কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা দহটালৈ বৃদ্ধি পালে। ভৰতীয় দলে অৰ্জন কৰা দহটা পদকৰ ভিতৰত আছে চাৰিটা স্বৰ্ণ আৰু তিনিটাকৈ ৰূপ আৰু ব্ৰঞ্জ। 

নয়নমণিৰ এই সফলতাৰ পিছত ৰাজ্যবাসীয়ে এতিয়া আগ্ৰহেৰে বাট চাইছে ভাৰতক প্ৰতিনিধিত্ব কৰা আন কেইগৰাকী ক্ৰীড়া তাৰকালৈ। ৰাজ্যবাসীৰ আশা, প্ৰতিগৰাকী খেলুৱৈয়ে পূৰণ কৰিব এই প্ৰত্যাশা, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠক অসমৰ সন্মান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
‘ডার্ক ঈগল’ৰে ইৰানত মোক্ষম আঘাত হানিব আমেৰিকাই!
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু