--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ দেখা যাব পাৰে দুই ধনকুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানিৰ দুৰ্বাদল প্ৰতিদ্বন্দিতা। শীঘ্ৰেই হয়তো সমুখ সমৰত লিপ্ত হ'ব পাৰে দেশৰ দুই শীৰ্ষ পুঁজিপতি। এই সম্ভাব্য যুঁজৰ বাতৰিয়ে ইতিমধ্যে খলকনি তুলিছে সমগ্ৰ দেশতে। প্ৰকাশিত খবৰ অনুসৰি দুই ব্যৱসায়িক হস্তীৰ যুদ্ধৰ বাবে সাজু হৈ উঠিছে এখন বিশেষ যুদ্ধক্ষেত্ৰ। অৱশ্যে এই যুদ্ধক্ষেত্ৰত পূৰ্বৰে পৰা সমৰসজ্জাত ব্যস্ত আছিল আম্বানী। এইবাৰ আম্বানীক মুকলি প্ৰত্যাহ্বান জনাই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ’বলৈ মন মেলিছে আদানিয়ে।

ইতিপূৰ্বে মুখামুখি যুদ্ধত লিপ্ত নহ’লেও ধনৱন্তৰ তালিকাত অনানুষ্ঠানিক যুদ্ধত অৱতীৰ্ণ হৈ আহিছে দুয়োগৰাকী ধনকুবেৰ। এই যুদ্ধত ইতিমধ্যে আম্বানীক পৰাস্ত কৰি ভাৰতৰ লগতে এছিয়াৰো আটাইতকৈ ধনৱন্ত হিচাপে স্বীকৃত হৈছে আদানি। কিন্তু এইবাৰ মুকলিকৈ আদানিয়ে প্ৰতিদ্বন্দীতালৈ আগবঢ়াৰ পিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

দৰাচলতে গৌতম আদানীয়ে এতিয়া ভাৰতীয় টেলিকম খণ্ডতো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। যদি এনে হয়, আদানি গ্ৰুপে আম্বানীৰ ৰিলায়েন্স জিঅ'ৰ সৈতে ব্যৱসায়িক জগতখনত প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দীতাত নামি পৰিব। প্ৰকাশিত খবৰ অনুসৰি ২৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া 5G স্পেকট্ৰামৰ নিলামৰ বাবে শেহতীয়াকৈ নিবিদা বন্ধ কৰা হৈছে।

নিলামত অংশগ্ৰহণৰ বাবে চাৰিখন আবেদন ইতিমধ্যে দাখিল হৈছে। সূত্ৰ অনুসৰি ইয়াৰে তিনিখন আবেদন ভাৰতৰ টেলিকম খণ্ডৰ তিনিটা শীৰ্ষ কোম্পানী- জিঅ', এয়াৰটেল আৰু ভোডাফোন-আইডিয়াৰ। আনহাতে দাখিল হোৱা আনখন আবেদন আদানি গ্ৰুপৰ বুলি দাবী কৰা হৈছে।

অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত আদানি গোটৰ পৰা কোনো বিস্তৃত সঁহাৰি পোৱা নাই। নিলামৰ সময়সীমা অনুসৰি আৱেদনকাৰীসকলৰ বিৱৰণ ১২ জুলাইত প্ৰকাশ কৰা হ'ব আৰু ২৬ জুলাইৰ পৰা নিলাম আৰম্ভ হ'ব।

বৰ্তমান দেশত অন্যান্য টেলিকম সংস্থাসমূহতকৈ আগবাঢ়ি আছে আম্বানীৰ জিঅ’। দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰেও আম্বানীৰ জিঅ’ক ব্যাপক পৃষ্ঠপোষকতা কৰি আহিছে। আনহাতে বিগত কেইটামান বছৰত আদানিৰো চমকপ্ৰদ ব্যৱসায়িক উত্থান ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা ঘনিষ্ঠতাই যে এই উত্থানত ইন্ধন যোগাইছে, তাত কোনো সন্দেহ নাই।

দেশৰ ব্যৱসায়িক জগতখনৰ এই দুই হস্তী এতিয়া প্ৰত্যক্ষভাৱে সম্ভাব্য সমুখ সমৰত লিপ্ত হোৱাৰ খবৰে দেশৰ ব্যৱসায়িক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন