--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ দেখা যাব পাৰে দুই ধনকুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানিৰ দুৰ্বাদল প্ৰতিদ্বন্দিতা। শীঘ্ৰেই হয়তো সমুখ সমৰত লিপ্ত হ'ব পাৰে দেশৰ দুই শীৰ্ষ পুঁজিপতি। এই সম্ভাব্য যুঁজৰ বাতৰিয়ে ইতিমধ্যে খলকনি তুলিছে সমগ্ৰ দেশতে। প্ৰকাশিত খবৰ অনুসৰি দুই ব্যৱসায়িক হস্তীৰ যুদ্ধৰ বাবে সাজু হৈ উঠিছে এখন বিশেষ যুদ্ধক্ষেত্ৰ। অৱশ্যে এই যুদ্ধক্ষেত্ৰত পূৰ্বৰে পৰা সমৰসজ্জাত ব্যস্ত আছিল আম্বানী। এইবাৰ আম্বানীক মুকলি প্ৰত্যাহ্বান জনাই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ’বলৈ মন মেলিছে আদানিয়ে।

ইতিপূৰ্বে মুখামুখি যুদ্ধত লিপ্ত নহ’লেও ধনৱন্তৰ তালিকাত অনানুষ্ঠানিক যুদ্ধত অৱতীৰ্ণ হৈ আহিছে দুয়োগৰাকী ধনকুবেৰ। এই যুদ্ধত ইতিমধ্যে আম্বানীক পৰাস্ত কৰি ভাৰতৰ লগতে এছিয়াৰো আটাইতকৈ ধনৱন্ত হিচাপে স্বীকৃত হৈছে আদানি। কিন্তু এইবাৰ মুকলিকৈ আদানিয়ে প্ৰতিদ্বন্দীতালৈ আগবঢ়াৰ পিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

দৰাচলতে গৌতম আদানীয়ে এতিয়া ভাৰতীয় টেলিকম খণ্ডতো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। যদি এনে হয়, আদানি গ্ৰুপে আম্বানীৰ ৰিলায়েন্স জিঅ'ৰ সৈতে ব্যৱসায়িক জগতখনত প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দীতাত নামি পৰিব। প্ৰকাশিত খবৰ অনুসৰি ২৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া 5G স্পেকট্ৰামৰ নিলামৰ বাবে শেহতীয়াকৈ নিবিদা বন্ধ কৰা হৈছে।

নিলামত অংশগ্ৰহণৰ বাবে চাৰিখন আবেদন ইতিমধ্যে দাখিল হৈছে। সূত্ৰ অনুসৰি ইয়াৰে তিনিখন আবেদন ভাৰতৰ টেলিকম খণ্ডৰ তিনিটা শীৰ্ষ কোম্পানী- জিঅ', এয়াৰটেল আৰু ভোডাফোন-আইডিয়াৰ। আনহাতে দাখিল হোৱা আনখন আবেদন আদানি গ্ৰুপৰ বুলি দাবী কৰা হৈছে।

অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত আদানি গোটৰ পৰা কোনো বিস্তৃত সঁহাৰি পোৱা নাই। নিলামৰ সময়সীমা অনুসৰি আৱেদনকাৰীসকলৰ বিৱৰণ ১২ জুলাইত প্ৰকাশ কৰা হ'ব আৰু ২৬ জুলাইৰ পৰা নিলাম আৰম্ভ হ'ব।

বৰ্তমান দেশত অন্যান্য টেলিকম সংস্থাসমূহতকৈ আগবাঢ়ি আছে আম্বানীৰ জিঅ’। দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰেও আম্বানীৰ জিঅ’ক ব্যাপক পৃষ্ঠপোষকতা কৰি আহিছে। আনহাতে বিগত কেইটামান বছৰত আদানিৰো চমকপ্ৰদ ব্যৱসায়িক উত্থান ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা ঘনিষ্ঠতাই যে এই উত্থানত ইন্ধন যোগাইছে, তাত কোনো সন্দেহ নাই।

দেশৰ ব্যৱসায়িক জগতখনৰ এই দুই হস্তী এতিয়া প্ৰত্যক্ষভাৱে সম্ভাব্য সমুখ সমৰত লিপ্ত হোৱাৰ খবৰে দেশৰ ব্যৱসায়িক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ