ডিজিটেল ডেস্ক: বিপদে লগ এৰা নাই নে শাসকীয় পক্ষৰ চক্ৰান্তৰ বলি হৈছে মহম্মদ জুবেইৰ? ন-পুৰণি গোচৰত বাৰে বাৰে গ্ৰেপ্তাৰৰ সন্মুখীন হোৱাৰ পিছত জনপ্ৰিয় তথ্য পৰীক্ষণ ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক তথা সাংবাদিক মহম্মদ জুবেইৰ সন্দৰ্ভত এই প্ৰশ্নই সবাতোকৈ চৰ্চিত হৈ পৰিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা এটা গোচৰত জামিন লাভ কৰাৰ পাছতে শনিবাৰে পুনৰ তথ্য পৰীক্ষক গৰাকীলৈ আহিছে আৰক্ষীৰ আন এক চমন। বিগত বৰ্ষৰ ছেপ্টেম্বৰত জুবেইৰৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ আৰক্ষীয়ে তেওঁলৈ চমন জাৰি কৰিছে।
২০২১ চনৰ ১৪ মে'ত জুবেইৰে কৰা এটা টুইটৰ বাবে সুদৰ্শন নিউজ নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে এই অভিযোগ দাখিল কৰিছিল। আশীষ কাটিয়াৰ নামৰ অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছিল যে জুবেইৰে তেওঁৰ টুইটৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰিছিল। টুইটটোত জুবেইৰে সুদৰ্শন চেনেলৰ ইজৰাইল-পেলেষ্টাইন বিবাদৰ কভাৰেজৰ ভুৱা প্ৰচাৰ উন্মোচন কৰিছিল।
দিল্লী স্থিত সুদৰ্শন নিউজ নামৰ প্ৰতিষ্ঠানটোৱে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ কভাৰেজৰ অংশ হিচাপে মুছলমানসকলৰ পবিত্ৰ চহৰ মদিনাৰ মছজিদৰ গ্ৰীণ ডোম আন-নাবাৱীত বোমা বিস্ফোৰণৰ এক গ্ৰাফিকেল চিত্ৰ প্ৰচাৰ কৰিছিল।
তথ্য পৰীক্ষক জুবেইৰে এই মিথ্যাচাৰিতা ফাদিল কৰি এটা টুইটযোগে লিখিছিল যে সোঁপন্থী প্ৰচাৰ মাধ্যম সুদৰ্শন নিউজ টিভিয়ে মদিনাৰ আল মছজিদ এন নাবাৱিৰ এখন ছবি ব্যৱহাৰ কৰি গাজাৰ এটা পুৰণি ছবিৰে সংযোগ কৰি গ্ৰাফিক্সৰ সহযোগত মছজিদত বোমা বিস্ফোৰণ কৰা দেখুৱাইছে। এইয়া প্ৰকৃততেই সাংবাদিকতাই নে হিংসা বিয়পোৱাৰ চেষ্টা বুলি প্ৰশ্ন কৰি জুবেইৰে উত্তৰ প্ৰদেশ আৰক্ষীক এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।
ইয়াৰ পিছতেই আশীষ কাটিয়াৰে জুবেইৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। পিছে এইদৰে ইটোৰ পিছত সিটো গোচৰত সাঙুৰি জুবেইৰক বৰ্তমান কাৰাবন্দী কৰি ৰখাৰ সময়ত এই এবছৰ পুৰণি গোচৰটোৰ সন্দৰ্ভত জুবেইৰলৈ পুনৰ জাননী প্ৰেৰণে অন্য এক তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰ গোচৰত জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইট যোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে। ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে জুবেইৰৰ জামিন নাকচ কৰাৰ পিছত জুবেইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু জুবেইৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই শীৰ্ষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।
অৱশ্যে সীতাপুৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলেও দিল্লীত দাখিল হোৱা আন এটা গোচৰত জামিন লাভ কৰা নাই বাবে কাৰাগাৰতেই থাকিবলগীয়া হৈছে মহম্মদ জুবেইৰ। সীতাপুৰ গোচৰৰ পূৰ্বেই জুবেইৰৰ বিৰুদ্ধে চাৰি বছৰ এটা পুৰণি টুইটৰ আধাৰত ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি দিল্লীত ৰুজু হোৱা গোচৰত যোৱা ২৭ জুনত দিল্লী আৰক্ষীয়ে জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।
১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ২০১৮ চনত টুইটযোগে প্ৰকাশ কৰিছিল জুবেইৰে। এই টুইটটোৰ জৰিয়তে জুবেইৰে হিন্দুৰ ধৰ্মীয় অনুভূতিক অপমান কৰা বুলি গোচৰ ৰুজু কৰা হৈছিল।
উল্লেখ্য যে প্ৰতীক সিন্হাৰ সৈতে লগলাগি ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰপৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচাৰ দৰে প্ৰচাৰ কৰিছিল।
কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো পথ বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ অনবদ্য কৌশল ব্যৱহাৰ কৰি ফাদিল কৰি আহিছিল৷ যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷
তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰৰ গ্ৰেপ্তাৰ শাষক পক্ষৰ ষড়যন্ত্ৰৰে পৰিণতি বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এতিয়া এবছৰ পুৰণি গোচৰত জুবেইৰলৈ প্ৰেৰণ কৰা জাননীয়ে এই সন্দেহক অধিক ঘণীভূত কৰি তুলিছে।