--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংবাদ শিৰোনামত থকাটো যেন তেওঁলোকৰ সহজাত প্ৰবৃত্তি। নিজৰ অসাধাৰণ কৰ্মৰাজি, অসাধাৰণ জীৱনশৈলীৰ বাবে তেওঁলোক থাকে সংবাদ শীৰ্ষত। কেতিয়াবা নিগেটিভ কামৰ বাবেও তেওঁলোক চৰ্চালৈ আহে। সকলো বলীউড তাৰকাৰ ক্ষেত্ৰতে এইকথা খাটে যদিও বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চন আৰু তেওঁৰ পৰিয়ালৰ কথা আৰু সুকীয়া। তেওঁলোকৰ প্ৰতিটো পদাংকৰ খবৰ ৰাখে অনুৰাগীয়ে। তেওঁ কোৱা কথা পৰিণত হয় অনুকৰণীয় বাণীত। কিন্তু এইবাৰ বলীউডৰ মহাতাৰকাৰ পৰিয়ালৰ পৰা স্পট লাইট আঁতৰাই নিছে এটা ষাঁড়গৰুৱে। এতিয়া বচ্চন পৰিয়ালৰ কথা বাদ দি সকলোৱে পাতিছে এটা ষাঁড়ৰ কথা। বচ্চন পৰিয়ালৰ জনপ্ৰিয়তাৰ চান কঢ়া এই ষাঁড়টোক লৈ ছ'চিয়েল মিডিয়াত এতিয়া চলিছে তুমুল চৰ্চা।

দেৱালীৰ দিনা বচ্চন পৰিয়ালে এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছিল অনুৰাগীসকলৰ বাবে। সম্পূৰ্ণ বচ্চন পৰিয়ালক দেখা গৈছিল ছবিখনত। অমিতাভ, অভিষেক, জয়াবচ্চন, ঐশ্বৰ্য, আৰাধ্যা, শ্বেতাবচ্চন, নব্যা নৱেলী নন্দা, অগস্ত্য নন্দা আদিয়ে পৰিপূৰ্ণ কৰি তুলিছিল বচ্চন পৰিয়ালৰ আলোকচিত্ৰখন। অনুৰাগীক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এই আলোকচিত্ৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল বিগ বি-এ। পিছে তাৰকাখচিত ছবিখনে নহয় নেটিজেনৰ দৃষ্টি কাঢ়িলে এটা ষাঁড় গৰুৱেহে।
প্ৰকৃততে ছবিখনৰ পিছফালৰ দেৱালত এখন বিশাল পেইণ্টিং ওলমি আছিল। বগা বৰণৰ ষাঁড়ৰ পেইণ্টিংখনক লৈ তুমুল চৰ্চা চলিছে নেটিজেনৰ মাজত। ষাঁড়টোৰ বাবেই এতিয়া ভাইৰেল হৈ পৰিছে বচ্চন পৰিয়ালৰ আলোকচিত্ৰখন। পিছে ষাঁড়ৰ এই পেইণ্টিংখনৰ দাম কিমান জানেনে? শুনিলে আচৰিত যেন লাগিলেও এই পেইণ্টিংখনৰ দাম হৈছে ৪কোটি টকা। মনজিত বাবা নানৰ এগৰাকী বিখ্যাত শিল্পীয়ে এই ছবিখন আঁকিছিল। মনজিত বাবাৰ প্ৰায় আটাইবোৰ পেইণ্টিংঙেই বিক্ৰী হৈ আহিছে কোটি কোটি টকাত। এইখন পেইণ্টিংও তাৰ ব্যতিক্ৰম হোৱা নাছিল। ভাৰতীয় মাইথ'লজী, ছুফী দৰ্শনৰ আধাৰত বিভিন্ন আলোকচিত্ৰ অংকণ কৰিছিল শিল্পীগৰাকীয়ে। আৰু এইবোৰ বিশ্বজুৰি জনপ্ৰিয় হৈছিল।

বচ্চনপৰিয়ালৰ জনপ্ৰিয়তাৰ চান কঢ়া এই আলোকচিত্ৰখনত থকা ষাঁড়টোক শক্তি, তেজস্বীতা, প্ৰৱলতা, আশাবাদৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যাৰ বাবে বচ্চন পৰিয়ালৰ ড্ৰয়িংৰূমৰ দেৱালত এই পেইণ্টিং সগৌৰৱে জিলিকি আছে আৰু ই বচ্চন পৰিয়ালৰ জনপ্ৰিয়তাকো চেৰ পেলাই এতিয়া ইণ্টাৰনেটত খলকনি তুলিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু