--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংবাদ শিৰোনামত থকাটো যেন তেওঁলোকৰ সহজাত প্ৰবৃত্তি। নিজৰ অসাধাৰণ কৰ্মৰাজি, অসাধাৰণ জীৱনশৈলীৰ বাবে তেওঁলোক থাকে সংবাদ শীৰ্ষত। কেতিয়াবা নিগেটিভ কামৰ বাবেও তেওঁলোক চৰ্চালৈ আহে। সকলো বলীউড তাৰকাৰ ক্ষেত্ৰতে এইকথা খাটে যদিও বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চন আৰু তেওঁৰ পৰিয়ালৰ কথা আৰু সুকীয়া। তেওঁলোকৰ প্ৰতিটো পদাংকৰ খবৰ ৰাখে অনুৰাগীয়ে। তেওঁ কোৱা কথা পৰিণত হয় অনুকৰণীয় বাণীত। কিন্তু এইবাৰ বলীউডৰ মহাতাৰকাৰ পৰিয়ালৰ পৰা স্পট লাইট আঁতৰাই নিছে এটা ষাঁড়গৰুৱে। এতিয়া বচ্চন পৰিয়ালৰ কথা বাদ দি সকলোৱে পাতিছে এটা ষাঁড়ৰ কথা। বচ্চন পৰিয়ালৰ জনপ্ৰিয়তাৰ চান কঢ়া এই ষাঁড়টোক লৈ ছ'চিয়েল মিডিয়াত এতিয়া চলিছে তুমুল চৰ্চা।

দেৱালীৰ দিনা বচ্চন পৰিয়ালে এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছিল অনুৰাগীসকলৰ বাবে। সম্পূৰ্ণ বচ্চন পৰিয়ালক দেখা গৈছিল ছবিখনত। অমিতাভ, অভিষেক, জয়াবচ্চন, ঐশ্বৰ্য, আৰাধ্যা, শ্বেতাবচ্চন, নব্যা নৱেলী নন্দা, অগস্ত্য নন্দা আদিয়ে পৰিপূৰ্ণ কৰি তুলিছিল বচ্চন পৰিয়ালৰ আলোকচিত্ৰখন। অনুৰাগীক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এই আলোকচিত্ৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল বিগ বি-এ। পিছে তাৰকাখচিত ছবিখনে নহয় নেটিজেনৰ দৃষ্টি কাঢ়িলে এটা ষাঁড় গৰুৱেহে।
প্ৰকৃততে ছবিখনৰ পিছফালৰ দেৱালত এখন বিশাল পেইণ্টিং ওলমি আছিল। বগা বৰণৰ ষাঁড়ৰ পেইণ্টিংখনক লৈ তুমুল চৰ্চা চলিছে নেটিজেনৰ মাজত। ষাঁড়টোৰ বাবেই এতিয়া ভাইৰেল হৈ পৰিছে বচ্চন পৰিয়ালৰ আলোকচিত্ৰখন। পিছে ষাঁড়ৰ এই পেইণ্টিংখনৰ দাম কিমান জানেনে? শুনিলে আচৰিত যেন লাগিলেও এই পেইণ্টিংখনৰ দাম হৈছে ৪কোটি টকা। মনজিত বাবা নানৰ এগৰাকী বিখ্যাত শিল্পীয়ে এই ছবিখন আঁকিছিল। মনজিত বাবাৰ প্ৰায় আটাইবোৰ পেইণ্টিংঙেই বিক্ৰী হৈ আহিছে কোটি কোটি টকাত। এইখন পেইণ্টিংও তাৰ ব্যতিক্ৰম হোৱা নাছিল। ভাৰতীয় মাইথ'লজী, ছুফী দৰ্শনৰ আধাৰত বিভিন্ন আলোকচিত্ৰ অংকণ কৰিছিল শিল্পীগৰাকীয়ে। আৰু এইবোৰ বিশ্বজুৰি জনপ্ৰিয় হৈছিল।

বচ্চনপৰিয়ালৰ জনপ্ৰিয়তাৰ চান কঢ়া এই আলোকচিত্ৰখনত থকা ষাঁড়টোক শক্তি, তেজস্বীতা, প্ৰৱলতা, আশাবাদৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যাৰ বাবে বচ্চন পৰিয়ালৰ ড্ৰয়িংৰূমৰ দেৱালত এই পেইণ্টিং সগৌৰৱে জিলিকি আছে আৰু ই বচ্চন পৰিয়ালৰ জনপ্ৰিয়তাকো চেৰ পেলাই এতিয়া ইণ্টাৰনেটত খলকনি তুলিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ