--°C
Loading...
Listen to Article
2 min read
80%
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বুধবাৰে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাৱত মমতা বেনাৰ্জীৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে দেশৰ বিৰোধী দলসমূহে। বিয়লি ৩ বজাৰ পৰা সভা আৰম্ভ হোৱা এই বৈঠকৰ পূৰ্বে কেতবোৰ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে, ইয়াৰ ভিতৰত প্ৰশ্ন উত্থাপন হৈছে অবিজেপি শক্তিক একগোট কৰি ভাৰতীয় ৰাজনীতিত চাণক্যৰ ভূমিকা ৰূপায়ন কৰিছে নেকি মমতাই?

বিগত সময়ছোৱাত দেশৰ ৰাজনীতিত অবিজেপি শক্তিক একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটোৰ আঁৰৰ চালিকা শক্তি হিচাপে মমতা বেনাৰ্জীৰ নাম বাৰে বাৰে উত্থাপিত হৈছে।

অবিজেপি শক্তিক একোগোট কৰি মমতা বেনাৰ্জীয়ে বুধবাৰে এখন বৈঠক আহ্বান কৰিছিল। এতিয়ালৈকে আপ আৰু টি আৰ এছকে ধৰি পাঁচটা দলৰ বাহিৰে সকলো পক্ষই ইতিবাচক সঁহাৰি দিছে বুলি তৃণমূল পৰ্যায়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বৈঠকলৈ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল প্ৰেৰণ। এই বৈঠকত কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছে মল্লিকাৰ্জুন খৰ্গে আৰু জয়ৰাম ৰমেশৰ উপস্থিতিয়ে পুনৰ যেন মমতাৰ ক্ষমতাকহে প্ৰতিপন্ন কৰিছে!

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ বিৰোধী দলসমূহক একত্ৰিত কৰাৰ মূল উদ্দেশ্যই যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে মমতাৰ এই বৈঠকে যেন দি গ’ল আন এক বাৰ্তা। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোদী বিৰোধী ৰাজনীতিৰ চালিকাশক্তি কাৰ হাতত থাকিব সেয়া এতিয়া অৱগত নহয় যদিও মমতাৰ নেতৃত্বতে দেশত প্ৰবল সম্ভাৱনাময় বিৰোধী ঐক্য দল এটা গঠন হ’ব নেকি? সেয়া কিন্তু লক্ষ্যণীয় বিষয় হৈ পৰিছে। 

ইফালে, এনে অৱস্থাত তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও দলে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে, যোগ্যতাৰ দোহাইদি কংগ্ৰেছৰ হাততে থাকিব নেকি ষ্টিয়াৰিং হুইল? যোৱা কেইমাহমানৰ পৰা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত তিক্ততাৰ সৃষ্টি হোৱা দেখা গৈছে। মমতা বেনাৰ্জী আৰু তৃণমূলৰ মুখপাত্ৰই বাৰে বাৰে এই বিষয়টো উত্থাপন কৰি আহিছে। সকলোৰে চকু আছিল কংগ্ৰেছে এই বৈঠকত অংশ ল’ব নে নলয় সেই সম্পৰ্কে।

এই মুহূৰ্তত ৰাষ্ট্ৰীয় ৰাজনীতিত মমতা বেনাৰ্জীৰ এই পদক্ষেপক আওকাণ কৰিব পৰাকৈ কংগ্ৰেছৰ সন্মুখত কোনো বিকল্প নাই। সেইবাবেই কংগ্ৰেছে এই বৈঠকলৈ প্ৰতিনিধি প্ৰেৰণ কৰা বুলি দাবী কৰিছে একাংশই।

আনহাতে, বৈঠকত প্রতিনিধিত্বৰ আশা কৰা সকলো দলেই যদি সভাত উপস্থিত থাকে, তেন্তে ৰাজনৈতিক মহলে ভবিষ্যতে ৰায়সীমাৰ চাবিকাঠী মমতা বেনাৰ্জীৰ হাতত থকাৰ সম্ভাৱনা আছে বুলি অনুমান কৰিছে বিৰোধী দলসমূহে। মমতাই ভবামতে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী বিৰোধী ঐক্য মঞ্চ এখন গঢ় লৈ উঠিবনে? ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিৰোধীদলসমূহক একত্ৰিত কৰা এই ৰণকৌশলে অনাগত সময়ত মমতাৰ গৰিমা অক্ষুন্ন ৰাখিব নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ