--°C
Loading...
Listen to Article
2 min read
80%
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বুধবাৰে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাৱত মমতা বেনাৰ্জীৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে দেশৰ বিৰোধী দলসমূহে। বিয়লি ৩ বজাৰ পৰা সভা আৰম্ভ হোৱা এই বৈঠকৰ পূৰ্বে কেতবোৰ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে, ইয়াৰ ভিতৰত প্ৰশ্ন উত্থাপন হৈছে অবিজেপি শক্তিক একগোট কৰি ভাৰতীয় ৰাজনীতিত চাণক্যৰ ভূমিকা ৰূপায়ন কৰিছে নেকি মমতাই?

বিগত সময়ছোৱাত দেশৰ ৰাজনীতিত অবিজেপি শক্তিক একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটোৰ আঁৰৰ চালিকা শক্তি হিচাপে মমতা বেনাৰ্জীৰ নাম বাৰে বাৰে উত্থাপিত হৈছে।

অবিজেপি শক্তিক একোগোট কৰি মমতা বেনাৰ্জীয়ে বুধবাৰে এখন বৈঠক আহ্বান কৰিছিল। এতিয়ালৈকে আপ আৰু টি আৰ এছকে ধৰি পাঁচটা দলৰ বাহিৰে সকলো পক্ষই ইতিবাচক সঁহাৰি দিছে বুলি তৃণমূল পৰ্যায়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বৈঠকলৈ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল প্ৰেৰণ। এই বৈঠকত কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছে মল্লিকাৰ্জুন খৰ্গে আৰু জয়ৰাম ৰমেশৰ উপস্থিতিয়ে পুনৰ যেন মমতাৰ ক্ষমতাকহে প্ৰতিপন্ন কৰিছে!

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ বিৰোধী দলসমূহক একত্ৰিত কৰাৰ মূল উদ্দেশ্যই যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে মমতাৰ এই বৈঠকে যেন দি গ’ল আন এক বাৰ্তা। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোদী বিৰোধী ৰাজনীতিৰ চালিকাশক্তি কাৰ হাতত থাকিব সেয়া এতিয়া অৱগত নহয় যদিও মমতাৰ নেতৃত্বতে দেশত প্ৰবল সম্ভাৱনাময় বিৰোধী ঐক্য দল এটা গঠন হ’ব নেকি? সেয়া কিন্তু লক্ষ্যণীয় বিষয় হৈ পৰিছে। 

ইফালে, এনে অৱস্থাত তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও দলে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে, যোগ্যতাৰ দোহাইদি কংগ্ৰেছৰ হাততে থাকিব নেকি ষ্টিয়াৰিং হুইল? যোৱা কেইমাহমানৰ পৰা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত তিক্ততাৰ সৃষ্টি হোৱা দেখা গৈছে। মমতা বেনাৰ্জী আৰু তৃণমূলৰ মুখপাত্ৰই বাৰে বাৰে এই বিষয়টো উত্থাপন কৰি আহিছে। সকলোৰে চকু আছিল কংগ্ৰেছে এই বৈঠকত অংশ ল’ব নে নলয় সেই সম্পৰ্কে।

এই মুহূৰ্তত ৰাষ্ট্ৰীয় ৰাজনীতিত মমতা বেনাৰ্জীৰ এই পদক্ষেপক আওকাণ কৰিব পৰাকৈ কংগ্ৰেছৰ সন্মুখত কোনো বিকল্প নাই। সেইবাবেই কংগ্ৰেছে এই বৈঠকলৈ প্ৰতিনিধি প্ৰেৰণ কৰা বুলি দাবী কৰিছে একাংশই।

আনহাতে, বৈঠকত প্রতিনিধিত্বৰ আশা কৰা সকলো দলেই যদি সভাত উপস্থিত থাকে, তেন্তে ৰাজনৈতিক মহলে ভবিষ্যতে ৰায়সীমাৰ চাবিকাঠী মমতা বেনাৰ্জীৰ হাতত থকাৰ সম্ভাৱনা আছে বুলি অনুমান কৰিছে বিৰোধী দলসমূহে। মমতাই ভবামতে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী বিৰোধী ঐক্য মঞ্চ এখন গঢ় লৈ উঠিবনে? ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিৰোধীদলসমূহক একত্ৰিত কৰা এই ৰণকৌশলে অনাগত সময়ত মমতাৰ গৰিমা অক্ষুন্ন ৰাখিব নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে