--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এসময়ত একেলগে শাসনৰ মধুচন্দ্ৰিকা, তাৰ পিছতেই হঠাতে পৰস্পৰৰ শত্ৰু! ভাৰতীয় ৰাজনীতিত বিজেপি আৰু শিৱসেনাৰ এই সম্পৰ্ক একবিংশ শতিকাৰ দ্বিতীয় দশকৰ এক আজৱ ঘটনা। দেশৰ ৰাজনীতিত সুদীৰ্ঘ ২৫ বছৰীয়া মিত্ৰতা তথা মিত্ৰজোঁট হিচাপে ৯ বছৰ ৮ মাহ মহাৰাষ্ট্ৰৰ ক্ষমতাত অধিষ্ঠিত থকাৰ পিছত বিজেপি আৰু শিৱ সেনাৰ মাজত মিত্ৰতা ভংগই ভাৰতীয় ৰাজনীতিত খলকনি তুলিছিল। মিত্ৰতা ভংগৰ পিছতে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি আহিছে শিৱ সেনাই। 

ইতিপূৰ্বে বিজেপিৰ সৈতে মিত্ৰতাত থাকি ২৫ টা মূল্যৱান বছৰ নষ্ট কৰা বুলিও অনুতপ্ত হৈ পৰিছিল মহাৰাষ্ট্ৰৰ শাসকীয় দলটো। সময়ে সময়ে বিজেপি দল তথা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি অহা শিৱ সেনাই আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। 

বিজেপিৰে মিত্ৰতা ভংগৰ পাছত কংগ্ৰেছৰে নতুনকৈ মিত্ৰতা গঢ়া শিৱ সেনাই আজি দাবী কৰে যে বিজেপিয়ে কেৱল মাত্ৰ যে প্ৰয়াত কংগ্ৰেছ নেতা পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ স্মৃতি মচি পেলাব বিচাৰে এনে নহয়, লগতে ই নেহৰু-গান্ধী বংশৰ সম্ভাৱনা ধ্বংস কৰিব বিচাৰে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নেচনেল হেৰাল্ডৰ ধনৰ লেনদেনৰ গোচৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে তিনি দিধ ধৰি ধাৰাবাহিকভাৱে জেৰা কৰাৰ পিছতে আজি শিৱ সেনাৰ মুখপত্ৰ 'সামনা'ৰ এটা সম্পাদকীয়ত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।  

সম্পাদকীয়টোত কোৱা হৈছে যে গান্ধীক প্ৰশ্ন কৰি বিজেপিয়ে দেখুৱাবলৈ চেষ্টা কৰি আছে যে ই যিকোনো লোকেই পৰিধান কৰি থকা পোছাকৰ কলাৰত ধৰি টানি আনিব পাৰে। কিন্তু এই ব্যক্তিজন যিমানেই শক্তিশালী নহওঁক কিয়, মাৰাঠী সকলে দৈনিক এনে কৰ্মক ক্ষমতাৰ অহংকাৰ বুলিহে অভিহিত কৰে।

আজি বিজেপিয়ে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক লক্ষ্য কৰি লৈছে, সেইদৰে কাইলৈ আন কোনোবা বিজেপিৰ লক্ষ্য হ'ব পাৰে বুলি শিৱ সেনাই সকীয়াই  দিছে। যদিও শিৱসেনা, আৰজেডি, সমাজবাদী পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ দৰে বিৰোধী দলবোৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ নিৰীক্ষণৰ অধীনত আছে, সংস্থাটোৱে কেতিয়াও এজন বিজেপি ৰাজনীতিবিদৰ বিৰুদ্ধে অভিযান চলোৱা দেখা নাযায় বুলিও সামনাৰ সম্পাদকীয়টোত অভিযোগ কৰা হৈছে। 

চৰকাৰৰ এই দমনমূলক শাসনক হিটলাৰৰ শাসনৰ লগত তুলনা কৰি শিৱ সেনাই লগতে দাবী কৰে যে বিৰোধীক আঁতৰ কৰাৰ বাবে হিটলাৰে বিষাক্ত গেছ চেম্বাৰ নিৰ্মাণ কৰাৰ দৰে বিজেপি কেৱল গেছ চেম্বাৰ নিৰ্মাণৰ দিশটোতহে হিটলাৰতকৈ পিছত আছে। কেৱল বিৰোধীক দমনৰ লক্ষ্য কৰি লোৱা বিজেপি চৰকাৰে দলৰ কোনো নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ পাছতো আইনৰ সমতা কেনেকৈ হ'ব পাৰে বুলিও শিৱ সেনাই শাসকীয় বিজেপিক প্ৰশ্ন কৰে।

উল্লেখ্য যে বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰসংস্থা সমূহক ব্যৱহাৰকৰি আহিছে বুলি বিৰোধী দলসমূহে অভিযোগ কৰি আহিছে। শেহতীয়াকৈ এনফ’ৰ্চমেণ্টডাইৰেক্টৰেট, চমুকৈ ইডি- এ অনিল দেশমুখ, নৱাব মালিক, অভিষেক বেনাৰ্জী, সঞ্জয় ৰাউত, অনিল পাৰাব আৰু লালু প্ৰসাদ যাদৱৰ দৰে নেতাৰ বিৰুদ্ধে অভিযান চলাই আছে। 

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত একেৰাহে তৃতীয় দিনৰ বাবে ইডিৰ সন্মুখত হাজিৰ হৈছিল। একেটা গোচৰতে ছোনিয়া গান্ধীলৈও চমন জাৰি কৰিছিল ইডি- এ। ইডি- ৰ চমনৰ পাছতে কংগ্ৰেছে দাবী কৰিছিল যে এই ক্ষেত্ৰত কোনো অপৰাধ সংঘটিত হোৱা নাই, যাৰ আধাৰত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত গোচৰ ৰুজু কৰা হৈছে।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে ইতিমধ্যে নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত এজাহাৰৰ প্ৰতিলিপিও প্ৰদান কৰিব নোৱাৰে বুলি দাবী কৰিছিল। চিদাম্বৰমৰ এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই শিৱ সেনাইও বিজেপি চৰকাৰক একেই প্ৰত্যাহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ