--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাসংকটত বিশ্ববাসী৷ ৰাছিয়াই আজি পুৱাৰে পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছে৷ যাৰ ফলত শংকা আৰু ভয়েৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলে৷ ইউক্ৰেইনৰ আকাশী পথ আজি বন্ধ হোৱাৰ পাছত ভাৰতে কিয়েভলৈ বিশেষ বিমান বাতিল কৰিছে যদিও দেশখনৰ ভাৰতীয় দূতাবাসে হেল্পলাইন নম্বৰ জাৰি কৰিছে। অৱশ্যে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বৃহস্পতিবাৰে ৰাতিপুৱা ইউক্ৰেইনলৈ উৰা মাৰিছিল পূব ইউৰোপীয় ৰাষ্ট্ৰৰ পৰা ভাৰতীয়সকলক ঘূৰাই আনিবলৈ, যি এতিয়া ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হৈছে। ইউক্ৰেইন ষ্টেট এয়াৰ ট্ৰেফিক চাৰ্ভিচেছ এণ্টাৰপ্ৰাইজে ইয়াৰ ৱেবছাইটত কৈছিল যে বৃহস্পতিবাৰে ০০:৪৫ জিএমটিৰ পৰা আৰম্ভ হোৱা অসামৰিক বিমানৰ বাবে দেশখনৰ আকাশীসীমা বন্ধ কৰি দিয়া হয় আৰু বিমান সেৱা স্থগিত ৰখা হয়। বিগত সপ্তাহত ভাৰত আৰু ইউক্ৰেইনৰ মাজত বিমানৰ সংখ্যাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰ কৰাৰ লগতে এয়াৰ বাবল চুক্তিৰ অধীনত সেইবোৰত আসন উপলব্ধ হোৱাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাই দিছিল। উল্লেখ্য যে, পূব ইউৰোপীয় ৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সীমান্তত বৰ্ধিত উত্তেজনাৰ মাজত ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে মঙলবাৰে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান মোতায়েন কৰা হৈছিল। টাটাৰ মালিকানাধীন এয়াৰলাইনৰ এজন বিষয়াই জনোৱা অনুসৰি ২৪২ জন যাত্ৰীৰ সৈতে বিমানখন নিশা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। ভ্লাডিমিৰ পুটিন নেতৃত্বাধীন ৰাছিয়ান চৰকাৰে ৰাছিয়াপন্থী বিচ্ছিন্নতাবাদী পূব ইউক্ৰেইন অঞ্চলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ আকাশী সীমা বন্ধ হোৱাৰ লগে লগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৈকল্পিক আকস্মিক পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে কেইবাটাও উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ মাজতে আজি কেন্দ্ৰ চৰকাৰে ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত নিৰাপদজনকভাৱে থকা উচিত বুলি অবিহিত কৰিছে। ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে। লগতে ভাৰতীয়সকলক তেওঁলোকৰ লগত পাছপোৰ্ট আৰু প্ৰয়োজনীয় নথিপত্ৰ ৰাখিবলৈ নিৰ্দেশনা দিয়ে। লগতে এটা হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক