--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়ালৈকে বহুলোকে এলিয়েন আৰু ইউএফঅ' দেখা বুলি দাবী কৰিছে। এলিয়েন আৰু ইউএফঅ'ৰ ৰহস্য আজিলৈকে কোনেও ভেদ কৰিব পৰা নাই। পাকিস্তানৰ আকাশত দেখা পোৱা গ'ল এখন অচিনাক্ত ৰহস্যময়ী যান৷ যানখন প্ৰত্যক্ষ কৰাৰ পিছতে বহু লোকে ইউএফঅ' বুলি দাবী কৰিছে। ছ'চিয়েল মিডিয়াত এই ঘটনাটোৰ এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। এই ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত। ভিডিঅ'টোত আকাশত এটা ৰহস্যময় বস্তু উৰি থকা দেখা গৈছে। ইউএফঅ' হান্টাৰসকলে ইয়াক এলিয়েন কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰিবলৈ বিচাৰি আছে। আৰ্ছলান ৱাৰাইচ নামৰ এজন ৩৩ বছৰীয়া যুৱকে ইছলামাবাদৰ আকাশত দেখা পায় এই ৰহস্যময় যানখন। আৰ্ছলানে কৈছিল ''মই দুঘণ্টা ধৰি এটা ৰহস্যময় 'ত্ৰিভুজাকাৰ' বস্তু আকাশত উৰি থকা দেখিছিলোঁ, যিটো ক'লা ধাতুৰে নিৰ্মিত যেন লাগিছিল। মই এতিয়াও নাজানো সেইটো আচলতে কি আছিল। মই ১২ মিনিট দীঘল ভিডিঅ' বনাইছো আৰু এক ডজন ফটো তুলিছিলোঁ। প্ৰায় দুঘণ্টা ধৰি মই সেই ৰহস্যময় বস্তুটো চাই আছিলোঁ।'' আৰ্ছলানে লগতে কয় যে ''খালী চকুৰে চাই বস্তুটো ক'লা ঘূৰণীয়া শিলৰ দৰে লাগিছিল কিন্তু যেতিয়া মই জুম ইন কৰিছিলো, মই দেখিছিলো যে ইয়াৰ আকৃতি ত্ৰিভুজাকাৰ আৰু ইয়াৰ ওপৰভাগ ফুলা আছিল।ধাতুৰে নিৰ্মিত যেন লগা যানখনৰ কোনো লাইট জ্বলি থকা নাছিল৷'' আৰ্ছলানৰ ভিডিঅ'ত ৰহস্যময় বস্তুটো কোনো গতি নোহোৱাকৈ চহৰখনৰ আকাশত দুলি থকা দেখা গৈছিল। আৰ্ছলান ৱাৰাইচে প্ৰত্যক্ষ কৰাৰ পাছত ইছলামাবাদৰ আকাশত এই ৰহস্যময় যানখন ধীৰ গতিৰে প্ৰায় ১ ঘণ্টাৰো অধিক সময় দেখিবলৈ পোৱা গৈছিল। আৰু পঢ়কঃ যুদ্ধ আৰম্ভ! ইউক্ৰেইনত ৰকেট আক্ৰমণ আৰম্ভ ৰাছিয়াৰ সেনাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক