--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়ালৈকে বহুলোকে এলিয়েন আৰু ইউএফঅ' দেখা বুলি দাবী কৰিছে। এলিয়েন আৰু ইউএফঅ'ৰ ৰহস্য আজিলৈকে কোনেও ভেদ কৰিব পৰা নাই। পাকিস্তানৰ আকাশত দেখা পোৱা গ'ল এখন অচিনাক্ত ৰহস্যময়ী যান৷ যানখন প্ৰত্যক্ষ কৰাৰ পিছতে বহু লোকে ইউএফঅ' বুলি দাবী কৰিছে। ছ'চিয়েল মিডিয়াত এই ঘটনাটোৰ এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। এই ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত। ভিডিঅ'টোত আকাশত এটা ৰহস্যময় বস্তু উৰি থকা দেখা গৈছে। ইউএফঅ' হান্টাৰসকলে ইয়াক এলিয়েন কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰিবলৈ বিচাৰি আছে। আৰ্ছলান ৱাৰাইচ নামৰ এজন ৩৩ বছৰীয়া যুৱকে ইছলামাবাদৰ আকাশত দেখা পায় এই ৰহস্যময় যানখন। আৰ্ছলানে কৈছিল ''মই দুঘণ্টা ধৰি এটা ৰহস্যময় 'ত্ৰিভুজাকাৰ' বস্তু আকাশত উৰি থকা দেখিছিলোঁ, যিটো ক'লা ধাতুৰে নিৰ্মিত যেন লাগিছিল। মই এতিয়াও নাজানো সেইটো আচলতে কি আছিল। মই ১২ মিনিট দীঘল ভিডিঅ' বনাইছো আৰু এক ডজন ফটো তুলিছিলোঁ। প্ৰায় দুঘণ্টা ধৰি মই সেই ৰহস্যময় বস্তুটো চাই আছিলোঁ।'' আৰ্ছলানে লগতে কয় যে ''খালী চকুৰে চাই বস্তুটো ক'লা ঘূৰণীয়া শিলৰ দৰে লাগিছিল কিন্তু যেতিয়া মই জুম ইন কৰিছিলো, মই দেখিছিলো যে ইয়াৰ আকৃতি ত্ৰিভুজাকাৰ আৰু ইয়াৰ ওপৰভাগ ফুলা আছিল।ধাতুৰে নিৰ্মিত যেন লগা যানখনৰ কোনো লাইট জ্বলি থকা নাছিল৷'' আৰ্ছলানৰ ভিডিঅ'ত ৰহস্যময় বস্তুটো কোনো গতি নোহোৱাকৈ চহৰখনৰ আকাশত দুলি থকা দেখা গৈছিল। আৰ্ছলান ৱাৰাইচে প্ৰত্যক্ষ কৰাৰ পাছত ইছলামাবাদৰ আকাশত এই ৰহস্যময় যানখন ধীৰ গতিৰে প্ৰায় ১ ঘণ্টাৰো অধিক সময় দেখিবলৈ পোৱা গৈছিল। আৰু পঢ়কঃ যুদ্ধ আৰম্ভ! ইউক্ৰেইনত ৰকেট আক্ৰমণ আৰম্ভ ৰাছিয়াৰ সেনাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক