--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বতৰ সুখকৰ হৈ পৰিছে। দক্ষিণ ভাৰতৰ বহু অঞ্চলতো ধাৰাসাৰ বৰষুণ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, আগন্তুক কেইদিনমানলৈও একেদৰেই বৰষুণ আৰু ধুমুহাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব। ৫ এপ্ৰিললৈকে তামিলনাডু, কেৰালা, অন্ধ্ৰ, তেলেংগানা, কৰ্ণাটকত বৰষুণৰ সৈতে ধুমুহাৰ সম্ভাৱনা আছে। একে সময়তে উত্তৰ ভাৰতৰ বহু ৰাজ্যত এই সপ্তাহত বৰষুণৰ বাবে বতৰ সুখদায়ক হৈ থকাৰ সম্ভাৱনা আছে।

দ্য ৱেদাৰ চেনেলৰ মেট দলৰ মতে, দক্ষিণ ভাৰতৰ আভ্যন্তৰীণ অংশৰ ওপৰত এটা সতেজ ট্ৰাফ আছে। অনাগত দিনত ইয়াৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোত দেখা যাব। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত বজ্ৰপাত আৰু প্ৰচণ্ড বতাহৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। আগন্তুক চাৰিদিনলৈ বৰষুণৰ প্ৰক্ৰিয়া অব্যাহত থাকিব।

চেন্নাইস্থিত আই এম ডিৰ আঞ্চলিক বতৰ কেন্দ্ৰই উত্তৰ আৰু উত্তৰ-পশ্চিম জিলা ৰাণীপেট্টাই, ভেল্লোৰ, তিৰুৱন্নামলাই, তিৰুপট্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী, চেলেম, ইৰোড, নীলগিৰি, কইম্বাটুৰ, থিৰুপপুৰ, নামককাল, কৰুৰ, দিণ্ডিগুল আৰু থেনিত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে৷এইবিলাক স্থানত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। স্থানীয় বতৰ সন্দৰ্ভত বাসিন্দাসকলক সজাগ হৈ থাকিবলৈয়ো আহ্বান জনোৱা হৈছে

যোৱা কেইদিনমানৰ পৰা দেশৰ ৰাজধানী দিল্লীত হোৱা বৰষুণৰ বাবে বতৰ ভাল হৈ আছে। গৰমৰ পৰা সকাহ পাইছে মানুহে। দিল্লীৰ বহু অঞ্চল জলমগ্ন হৈ পৰে। আই এম ডিৰ নতুন তথ্য অনুসৰি আজি (২ এপ্ৰিল) দিল্লীত আকাশখন ডাৱৰীয়া হোৱাৰ লগতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পূৰ্বাভাসত কোৱা হৈছে যে সৰ্বনিম্ন তাপমাত্ৰা ১৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ৩১ ডিগ্ৰী চেলছিয়াছ হ’ব।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ, ছিকিম, লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত সামান্য বৰষুণৰ সম্ভাৱনা আছে। একে সময়তে ২ এপ্ৰিলৰ ৰাতি পৰ্যন্ত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত সামান্যৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমলখি আৰু নৰসিংহ পাত চুলিৰ বাবে বৰ উপকাৰী
শোকাৱহ! কাছাৰত দুৰ্ঘটনাত মৃত্যু জোৱানৰ
'ভিলেজ ৰকষ্টাৰ্ছ-২'ৰ বাবে ৰীমা দাসলৈ শ্রেষ্ঠ পৰিচালকৰ সন্মান
১২০ টকা পর্যন্ত বৃদ্ধি হ'ব পাৰে পেট্ৰলৰ দাম
মুম্বাই বন্দৰত পৰি আছে ১৫০ কোটি টকাৰ চাহ
শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত