--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত সোমবাৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মোদী আৰু বিজেপিক সমালোচনা কৰিবলৈ গৈ কৰা হিন্দুত্ব সম্পৰ্কীয় মন্তব্য সংসদৰ ৰেকৰ্ডৰ পৰা মচি পেলোৱা হৈছে। বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ প্ৰথম ভাষণত সোমবাৰে  ৰাহুলে   লোকসভাৰ মজিয়াত  আক্ৰমণাত্মক হৈ পৰিছিল।  বিশেষকৈ হিন্দুত্বৰ প্ৰশ্নক লৈ সংসদত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ মোদীৰ চৰকাৰক আক্ৰমণ কৰিছিল। হাতত শিৱৰ ফটো লৈ ৰাহুলে লোকসভাত ভাষণ আৰম্ভ কৰাৰ লগে লগে শাসকীয় পক্ষৰ মাজত  হাহাকাৰ লাগিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলে সংসদত শিৱৰ ফটো প্ৰদৰ্শন কৰাৰ বিৰোধিতা কৰি কৈছিল যে সংসদত কোনো প্লেকাৰ্ড প্ৰদৰ্শন কৰিব নালাগে। ৰাহুলে কৈছিল যে একাংশই এতিয়া দেশত  ধৰ্মৰ নামত বিভাজন আনিবলৈ চেষ্টা কৰি আছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে  হিন্দুসকলে কেতিয়াও হিংসা বিয়পাই নিদিয়ে। কিন্তু বিজেপিয়ে সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে। 

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুলৰ মন্তব্যৰ বিৰোধিতা কৰি   কৈছিল যে সমগ্ৰ হিন্দু সমাজক এনেদৰে দোষ দিব নোৱাৰি। ৰাহুলে হিন্দুসকলক অপমান কৰিছে। মোদীৰ মন্তব্যৰ প্ৰত্যুত্তৰত ৰাহুলে কৈছিল-  আমি মনত ৰাখিব লাগিব যে বিজেপি আৰু আৰএছএছেৰেই সমগ্ৰ হিন্দু সম্প্ৰদায় গঠিত নহয়।  ৰাহুলে NEETৰ  প্ৰশ্ন ফাদিল কেলেংকাৰী আৰু কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰক লৈ সংসদত প্ৰস্তাৱ আগবঢ়াইছিল। কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰিছিল যে চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে  প্ৰশ্ন উত্থাপন কৰিলে প্ৰতিশোধৰ সন্মুখীন হ’ব লাগে। তেনে কৰাৰ বাবেই কাৰাগাৰলৈ  নিক্ষেপ কৰা হৈছে বহু বিৰোধী দলৰ নেতাক। মোকো আক্ৰমণ কৰা হৈছিল। মোৰ ঘৰটো কাঢ়ি লৈ গৈছিল। ৫৫ ঘণ্টা ধৰি ইডিয়ে জেৰা চলাইছিল  । এনেবোৰ বক্তব্যৰ জড়িয়তে লোকসভাৰ  অধিৱেশনত ৰাহুলে বুজাই দিছিল যে তেওঁ বিৰোধীৰ এজন শক্তিশালী নেতা। আনহাতে ইটোৰ পিছত সিটোকৈ অভিযোগেৰে ৰাহুলে কৰা  বক্তব্যত অস্বস্তিত পেলাইছিল চৰকাৰক।

শিৱৰ ছবিৰে সংসদত ভাষণ দিবলৈ আৰম্ভ কৰি  ৰাহুলে হিন্দুকলৈ এচামে ভণ্ডামী কৰি থকা বুলি কৈছিল। ৰাহুলৰ এনে  মন্তব্যৰ বাবেই সংসদত হুলস্থুল আৰম্ভ হৈছিল । বিৰোধী নেতাৰ ভাষণৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাহুলৰ হিন্দু মন্তব্যৰ বিৰোধিতা কৰিছিল। বিজেপিৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়াৰ অভিযোগৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এনেদৰে কোনো দলক দোষাৰোপ কৰিব নোৱাৰি বুলিও তেওঁ কৈছিল। মন কৰিবলগীয়া যে সোমবাৰৰ দিনটোতে ৰাহুলে অযোধ্যাত বিজেপিৰ পৰাজয়কো উপহাস কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৰাম জন্মভূমিৰ পৰা দৰিদ্ৰ লোকক উচ্ছেদ কৰি বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। সাধাৰণ মানুহক তাৰ বিনিময়ত তেওঁলোকৰ প্ৰাপ্যখিনি দিয়া হোৱা নাই। ইপিনে লোকসভাৰ ৰেকৰ্ডৰ পৰা ৰাহুলে হিন্দুত্ব সন্দৰ্ভত কৰা মন্তব্য মচি পোলোৱাৰ প্ৰসংগত ৰাহুলে কয়- 'মোদীয়ে সদায় সত্য মচি পেলায়'।

 সংসদত ৰাহুল গান্ধীয়ে কয়, ‘এই দেশ ভয়ৰ দেশ নহয়। আমাৰ পূৰ্বপুৰুষসকলে অহিংসাৰ কথা কৈছিল। ডিঙিত সাপ লৈও ভগৱান শিৱক অভয়া মুদ্ৰাত দেখা যায়। যাৰ অৰ্থ ভয় নকৰা। আনহাতে নিজকে হিন্দু বুলি কোৱা সকলে দিনে-নিশাই কেৱল হিংসা, মিছা কথা আৰু ঘৃণা বিয়পাইছে। আপোনালোক (বিজেপি) হিন্দু নহয়। হিন্দু ধৰ্মত স্পষ্টকৈ লিখা হৈছে, সত্যৰ সৈতে থিয় হওক। সত্যৰ বাবে যুঁজ দিয়ক।” ৰাহুলৰ মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ মাজতে অধ্যক্ষই ৰাহুলৰ মন্তব্যৰ কিছু অংশ আঁতৰোৱাৰ সিদ্ধান্ত লয়। ৰায়ে বৰেলীৰ সাংসদ ৰাহুলৰ  হিন্দুত্ব বিষয়ক  মন্তব্য সংসদৰ ৰেকৰ্ডত আৰু নাথাকিব। অৱশ্যে এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাহুল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ