--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কৃষিখণ্ডৰ দ্ৰুত উন্নয়নৰ  লক্ষ্যৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা  গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী  শিৱৰাজ সিং চৌহানে ৰাজ্যভিত্তিক আলোচনাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেইমৰ্মে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ কৃষি ভৱনত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে  উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয় ।

বৈঠকত অসমত মাটিৰ স্বাস্থ্য পৰীক্ষা, প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা (PMFBY), মজুতকৰণৰ ক্ষমতা বৃদ্ধি, উদ্যান শস্য আদিৰ প্ৰসাৰৰ লগতে কৃষি তথা কৃষকৰ কল্যাণ সম্পৰ্কীয় আন বহু বিষয়ত বিশদভাবে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষক আৰু কৃষিখণ্ডৰ স্বাৰ্থ চৰকাৰৰ  বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে।  কেন্দ্ৰীয় চৰকাৰে অসমত সামৰ্থ্য বিকাশ সম্পৰ্কীয়  কৰ্মশালা তথা প্ৰশিক্ষণ আদিৰ আয়োজনত সম্পূৰ্ণ সহায় আগবঢ়াই যাব বুলিও মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাক আশ্বাস দিয়ে।


কেন্দ্ৰীয় মন্ত্ৰী  চৌহানে অসমৰ কৃষি মন্ত্ৰী  বৰাৰ সৈতে কৃষি মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে।  তেওঁ ৰাজ্যখনত শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনাৰ ক্ষমতা বৃদ্ধি আৰু শস্যৰ লোকচান হ্ৰাস কৰাৰ বাবে  এমআইডিএইছ(MIDH), পিএমকেএছৱাই (PMKSY)  আৰু এমঅ’এফপিআই(MoFPI)ৰ অধীনস্থ পিএমএফএমই (PmFME) আদি আঁচনিৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি(AIF)ৰ  জড়িয়তে শুকান শস্য ৰাখিব পৰা ভঁৰাল,  শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ গোট সৃষ্টিৰ দৰে আন্তঃগাঁথনি সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। 

 কেন্দ্ৰীয় মন্ত্ৰী  চৌহানে কয় যে অসমৰ কৃষকসকলক  কোনো সমস্যাৰ সন্মুখীন হ'বলৈ দিয়া নহ'ব, কিয়নো এইক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি যাব।  চৌহানে আশ্বাস দিয়ে যে কৃষি আৰু কৃষক কল্যাণ দপ্তৰে  অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে  সম্পূৰ্ণ সমৰ্থন আগবঢ়াই যাব। তেওঁ প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিষয়েও উল্লেখ কৰে।  চৌহানে কয় যে অসমত প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ যথেষ্ট সুযোগ তথা সম্ভাৱনা আছে।
বৈঠকত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব  সঞ্জীৱ চোপ্ৰাৰ লগতে কেন্দ্ৰীয়  তথা ৰাজ্যিক কৃষি, উদ্যান শস্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ