--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কৃষিখণ্ডৰ দ্ৰুত উন্নয়নৰ  লক্ষ্যৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা  গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী  শিৱৰাজ সিং চৌহানে ৰাজ্যভিত্তিক আলোচনাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেইমৰ্মে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ কৃষি ভৱনত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে  উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয় ।

বৈঠকত অসমত মাটিৰ স্বাস্থ্য পৰীক্ষা, প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা (PMFBY), মজুতকৰণৰ ক্ষমতা বৃদ্ধি, উদ্যান শস্য আদিৰ প্ৰসাৰৰ লগতে কৃষি তথা কৃষকৰ কল্যাণ সম্পৰ্কীয় আন বহু বিষয়ত বিশদভাবে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষক আৰু কৃষিখণ্ডৰ স্বাৰ্থ চৰকাৰৰ  বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে।  কেন্দ্ৰীয় চৰকাৰে অসমত সামৰ্থ্য বিকাশ সম্পৰ্কীয়  কৰ্মশালা তথা প্ৰশিক্ষণ আদিৰ আয়োজনত সম্পূৰ্ণ সহায় আগবঢ়াই যাব বুলিও মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাক আশ্বাস দিয়ে।


কেন্দ্ৰীয় মন্ত্ৰী  চৌহানে অসমৰ কৃষি মন্ত্ৰী  বৰাৰ সৈতে কৃষি মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে।  তেওঁ ৰাজ্যখনত শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনাৰ ক্ষমতা বৃদ্ধি আৰু শস্যৰ লোকচান হ্ৰাস কৰাৰ বাবে  এমআইডিএইছ(MIDH), পিএমকেএছৱাই (PMKSY)  আৰু এমঅ’এফপিআই(MoFPI)ৰ অধীনস্থ পিএমএফএমই (PmFME) আদি আঁচনিৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি(AIF)ৰ  জড়িয়তে শুকান শস্য ৰাখিব পৰা ভঁৰাল,  শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ গোট সৃষ্টিৰ দৰে আন্তঃগাঁথনি সৃষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। 

 কেন্দ্ৰীয় মন্ত্ৰী  চৌহানে কয় যে অসমৰ কৃষকসকলক  কোনো সমস্যাৰ সন্মুখীন হ'বলৈ দিয়া নহ'ব, কিয়নো এইক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি যাব।  চৌহানে আশ্বাস দিয়ে যে কৃষি আৰু কৃষক কল্যাণ দপ্তৰে  অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে  সম্পূৰ্ণ সমৰ্থন আগবঢ়াই যাব। তেওঁ প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিষয়েও উল্লেখ কৰে।  চৌহানে কয় যে অসমত প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ যথেষ্ট সুযোগ তথা সম্ভাৱনা আছে।
বৈঠকত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব  সঞ্জীৱ চোপ্ৰাৰ লগতে কেন্দ্ৰীয়  তথা ৰাজ্যিক কৃষি, উদ্যান শস্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু