--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্দৰৰ অতপালিয়ে মানৱ সমাজক বৰকৈ অতীষ্ঠ কৰে। সংসদ ভৱন কমপ্লেক্সত উপদ্ৰৱ কৰা বান্দৰবোৰক খেদিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এই বান্দৰবোৰক খেদিবলৈ ৪জন লোকক নিযুক্তি দিয়া হৈছে। সংসদ সুৰক্ষা সেৱাৰ চক্ৰান্তৰ পৰা এই তথ্য লাভ কৰা হৈছে।  এই চাৰিওজন লোকে লেংগুৰৰ মাত উলিয়াই বান্দৰবোৰক ভয় খুৱাব। লেংগুৰক বান্দৰে ভয় কৰে আৰু সমীহ কৰি চলে। লেংগুৰ থকা ঠাইত বান্দৰ নাথাকে। 

সংসদ নিৰাপত্তা সেৱাই জাৰি কৰা বিবৃত্তি অনুসৰি সংসদ ভৱন কমপ্লেক্সত সঘনাই বান্দৰৰ উপস্থিতি দেখা পোৱা গৈছে। বহু কষ্ট কৰিও কৰ্তৃপক্ষই বান্দৰ খেদিব নোৱাৰা হ’ল। অৱশেষত বহু ভাবি চিন্তি লেংগুৰৰ মাত উলিয়াব পৰা চাৰিজন লোকক নিযুক্তি দিয়া হ’ল। বান্দৰবোৰক খেদিবলৈ দুই প্ৰকাৰৰ লোক নিযুক্তি কৰা হৈছে। এটা শ্ৰেণী দক্ষ আৰু আনটো শ্ৰেণী অদক্ষ। দক্ষ লোক দুজনক ১৭,৯৯০ টকা আৰু অদক্ষ লোক দুজনক ১৪,৯০০ টকাৰ সন্মানীয় ধন প্ৰদান কৰা হৈছে। সংসদত বান্দৰ খেদিবলৈ ব্যস্ত থকা এজন শ্ৰমিকে কয় যে পূৰ্বে বান্দৰ খেদিবলৈ লেংগুৰ ৰখা হৈছিল, কিন্তু এতিয়া ইয়াক নিষিদ্ধ কৰা হৈছে। সেয়েহে উপায় নাপায় মানুহেই উলিয়াব লগা হৈছে লেংগুৰৰ মাত। 

ইয়াৰ পূৰ্বেও ২০১৪ চনত বান্দৰৰ আতংকৰ পৰা হাত সাৰিবলৈ চৰকাৰে এনে ৪০ জনীয়া এটা দল প্ৰস্তুত কৰিছিল, যিসকল লেংগুৰৰ বেশত আছিল। লেংগুৰৰ বেশত যুৱকসকলক দেখি বান্দৰবোৰে পলাই গৈছিল আৰু এইদৰে আতংকৰ পৰা হাত সাৰিব পৰা গৈছিল। এই ৪০টা ‘মানৱ লেংগুৰ’ৰ উপৰিও বান্দৰক খেদিবলৈ এনডিএমচিয়ে ৰবৰৰ বুলেট গানো ক্ৰয় কৰিছিল। মানৱ লেংগুৰে এই কামৰ বাবে দিনটোত ৭০০-৮০০ টকা পাইছিল আৰু এমাহত প্ৰায় ১৫ দিন কাম পাইছিল। ইয়াৰ উপৰিও বান্দৰৰ ওপৰত গুলীও নিক্ষেপ কৰা হৈছিল। এয়া প্ৰকৃত গুলীৰ সলনি ৰবৰৰ গুলী আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী