--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান্দৰৰ অতপালিয়ে মানৱ সমাজক বৰকৈ অতীষ্ঠ কৰে। সংসদ ভৱন কমপ্লেক্সত উপদ্ৰৱ কৰা বান্দৰবোৰক খেদিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এই বান্দৰবোৰক খেদিবলৈ ৪জন লোকক নিযুক্তি দিয়া হৈছে। সংসদ সুৰক্ষা সেৱাৰ চক্ৰান্তৰ পৰা এই তথ্য লাভ কৰা হৈছে।  এই চাৰিওজন লোকে লেংগুৰৰ মাত উলিয়াই বান্দৰবোৰক ভয় খুৱাব। লেংগুৰক বান্দৰে ভয় কৰে আৰু সমীহ কৰি চলে। লেংগুৰ থকা ঠাইত বান্দৰ নাথাকে। 

সংসদ নিৰাপত্তা সেৱাই জাৰি কৰা বিবৃত্তি অনুসৰি সংসদ ভৱন কমপ্লেক্সত সঘনাই বান্দৰৰ উপস্থিতি দেখা পোৱা গৈছে। বহু কষ্ট কৰিও কৰ্তৃপক্ষই বান্দৰ খেদিব নোৱাৰা হ’ল। অৱশেষত বহু ভাবি চিন্তি লেংগুৰৰ মাত উলিয়াব পৰা চাৰিজন লোকক নিযুক্তি দিয়া হ’ল। বান্দৰবোৰক খেদিবলৈ দুই প্ৰকাৰৰ লোক নিযুক্তি কৰা হৈছে। এটা শ্ৰেণী দক্ষ আৰু আনটো শ্ৰেণী অদক্ষ। দক্ষ লোক দুজনক ১৭,৯৯০ টকা আৰু অদক্ষ লোক দুজনক ১৪,৯০০ টকাৰ সন্মানীয় ধন প্ৰদান কৰা হৈছে। সংসদত বান্দৰ খেদিবলৈ ব্যস্ত থকা এজন শ্ৰমিকে কয় যে পূৰ্বে বান্দৰ খেদিবলৈ লেংগুৰ ৰখা হৈছিল, কিন্তু এতিয়া ইয়াক নিষিদ্ধ কৰা হৈছে। সেয়েহে উপায় নাপায় মানুহেই উলিয়াব লগা হৈছে লেংগুৰৰ মাত। 

ইয়াৰ পূৰ্বেও ২০১৪ চনত বান্দৰৰ আতংকৰ পৰা হাত সাৰিবলৈ চৰকাৰে এনে ৪০ জনীয়া এটা দল প্ৰস্তুত কৰিছিল, যিসকল লেংগুৰৰ বেশত আছিল। লেংগুৰৰ বেশত যুৱকসকলক দেখি বান্দৰবোৰে পলাই গৈছিল আৰু এইদৰে আতংকৰ পৰা হাত সাৰিব পৰা গৈছিল। এই ৪০টা ‘মানৱ লেংগুৰ’ৰ উপৰিও বান্দৰক খেদিবলৈ এনডিএমচিয়ে ৰবৰৰ বুলেট গানো ক্ৰয় কৰিছিল। মানৱ লেংগুৰে এই কামৰ বাবে দিনটোত ৭০০-৮০০ টকা পাইছিল আৰু এমাহত প্ৰায় ১৫ দিন কাম পাইছিল। ইয়াৰ উপৰিও বান্দৰৰ ওপৰত গুলীও নিক্ষেপ কৰা হৈছিল। এয়া প্ৰকৃত গুলীৰ সলনি ৰবৰৰ গুলী আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক