--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা বিবাদ, ব্যৱসায়-চাকৰি সম্পৰ্কীয় সমস্যা, আদালতৰ গোচৰ বা অন্যান্য কাৰণত হোৱা শত্ৰুৰ সৈতে মোকাবিলা কৰাটো সহজ কাম নহয়। বহু সময়ত সেইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ বহু মানসিক কষ্ট ভোগ কৰিবলগীয়া হয়। হিমাচল প্ৰদেশত এনে এটা মন্দিৰ আছে, য’ত বিশেষ পূজা-অৰ্চনা কৰি ডাঙৰতকৈও ডাঙৰ ঘোৰ শত্ৰুৰ ওপৰত বিজয় সাধন কৰিব পাৰি। এই মন্দিৰটোৰ নাম বগলামুখী মন্দিৰ। এই মন্দিৰত শত্ৰুনাশিনী যজ্ঞ সম্পন্ন কৰা হয়। এই যজ্ঞ কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহ আহে। 

হিমাচল প্ৰদেশ কাংগৰা জিলাত অৱস্থিত এই মা বগলামুখী মন্দিৰত শত্ৰুনাশিনী যজ্ঞ আৰু বাকসিদ্ধি যজ্ঞ সম্পন্ন কৰা হয়। এই যজ্ঞ কৰিলে শত্ৰুক পৰাস্ত কৰাত সহায় হয়। জীৱনলৈ যিমান ডাঙৰ শত্ৰু নাহক কিয় সেই শত্ৰু পৰাজিত হোৱাটো নিশ্চিত। ইয়াৰ সমান্তৰালকৈ এই মন্দিৰলৈ অহাৰ পাছত ব্যক্তিজনৰ প্ৰতিটো মনৰ ইচ্ছাও পূৰণ হয়। শত্ৰুক পৰাজিত কৰিবৰ বাবে এই যজ্ঞত ৰঙা জলকীয়া আহুতি দিয়া হয়। 

হিন্দু পৌৰাণিক শাস্ত্ৰ অনুসৰি মা বগলামুখীয়ে দহটা মহাবিদ্যাৰ ভিতৰত আঠ নম্বৰ স্থান লাভ কৰিছে। মা বগলামুখী ৰাৱণৰ ইষ্ট দেৱী আছিল। ধৰ্ম শাস্ত্ৰ অনুসৰি যেতিয়া ভগৱান ৰামে ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ সাজু হৈছিল তেতিয়া তেওঁ মা বগলামুখীকো পূজা কৰিছিল। তাৰপিছতেই ৰামে ৰাৱণৰ ওপৰত জয়লাভ কৰিছিল। একেদৰে পাণ্ডৱসকলেও মা বগলামুখীক পূজা কৰিছিল। কাংগৰাত অৱস্থিত এই মন্দিৰটো মহাভাৰতৰ যুগৰ বুলি কোৱা হয় আৰু নিৰ্বাসনৰ সময়ছোৱাত পাণ্ডৱসকলে এৰাতিতে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে। 

মা বগলামুখীৰ এই মন্দিৰটো হালধীয়া ৰঙৰ। আনকি এই মন্দিৰৰ সকলো বস্তু, আনকি মাতৃৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি দেৱীমাক আগবঢ়োৱা ভোগ পৰ্যন্ত হালধীয়া ৰঙৰ হয়। মা বগলামুখীয়ে ভক্তৰ ভয় দূৰ কৰি তেওঁলোকৰ শত্ৰু আৰু তেওঁলোকৰ ওপৰত পৰা কুশক্তিৰ প্ৰভাৱক ধ্বংস কৰে বুলি বিশ্বাস কৰা হয়। সাধাৰণ লোকৰ বাহিৰেও বহু ডাঙৰ ডাঙৰ নেতা, চেলিব্ৰিটি আদিয়ে শত্ৰুনাশিনী যজ্ঞ সম্পন্ন কৰিবলৈ এই মন্দিৰত উপস্থিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন