--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা বিবাদ, ব্যৱসায়-চাকৰি সম্পৰ্কীয় সমস্যা, আদালতৰ গোচৰ বা অন্যান্য কাৰণত হোৱা শত্ৰুৰ সৈতে মোকাবিলা কৰাটো সহজ কাম নহয়। বহু সময়ত সেইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ বহু মানসিক কষ্ট ভোগ কৰিবলগীয়া হয়। হিমাচল প্ৰদেশত এনে এটা মন্দিৰ আছে, য’ত বিশেষ পূজা-অৰ্চনা কৰি ডাঙৰতকৈও ডাঙৰ ঘোৰ শত্ৰুৰ ওপৰত বিজয় সাধন কৰিব পাৰি। এই মন্দিৰটোৰ নাম বগলামুখী মন্দিৰ। এই মন্দিৰত শত্ৰুনাশিনী যজ্ঞ সম্পন্ন কৰা হয়। এই যজ্ঞ কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহ আহে। 

হিমাচল প্ৰদেশ কাংগৰা জিলাত অৱস্থিত এই মা বগলামুখী মন্দিৰত শত্ৰুনাশিনী যজ্ঞ আৰু বাকসিদ্ধি যজ্ঞ সম্পন্ন কৰা হয়। এই যজ্ঞ কৰিলে শত্ৰুক পৰাস্ত কৰাত সহায় হয়। জীৱনলৈ যিমান ডাঙৰ শত্ৰু নাহক কিয় সেই শত্ৰু পৰাজিত হোৱাটো নিশ্চিত। ইয়াৰ সমান্তৰালকৈ এই মন্দিৰলৈ অহাৰ পাছত ব্যক্তিজনৰ প্ৰতিটো মনৰ ইচ্ছাও পূৰণ হয়। শত্ৰুক পৰাজিত কৰিবৰ বাবে এই যজ্ঞত ৰঙা জলকীয়া আহুতি দিয়া হয়। 

হিন্দু পৌৰাণিক শাস্ত্ৰ অনুসৰি মা বগলামুখীয়ে দহটা মহাবিদ্যাৰ ভিতৰত আঠ নম্বৰ স্থান লাভ কৰিছে। মা বগলামুখী ৰাৱণৰ ইষ্ট দেৱী আছিল। ধৰ্ম শাস্ত্ৰ অনুসৰি যেতিয়া ভগৱান ৰামে ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ সাজু হৈছিল তেতিয়া তেওঁ মা বগলামুখীকো পূজা কৰিছিল। তাৰপিছতেই ৰামে ৰাৱণৰ ওপৰত জয়লাভ কৰিছিল। একেদৰে পাণ্ডৱসকলেও মা বগলামুখীক পূজা কৰিছিল। কাংগৰাত অৱস্থিত এই মন্দিৰটো মহাভাৰতৰ যুগৰ বুলি কোৱা হয় আৰু নিৰ্বাসনৰ সময়ছোৱাত পাণ্ডৱসকলে এৰাতিতে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে। 

মা বগলামুখীৰ এই মন্দিৰটো হালধীয়া ৰঙৰ। আনকি এই মন্দিৰৰ সকলো বস্তু, আনকি মাতৃৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি দেৱীমাক আগবঢ়োৱা ভোগ পৰ্যন্ত হালধীয়া ৰঙৰ হয়। মা বগলামুখীয়ে ভক্তৰ ভয় দূৰ কৰি তেওঁলোকৰ শত্ৰু আৰু তেওঁলোকৰ ওপৰত পৰা কুশক্তিৰ প্ৰভাৱক ধ্বংস কৰে বুলি বিশ্বাস কৰা হয়। সাধাৰণ লোকৰ বাহিৰেও বহু ডাঙৰ ডাঙৰ নেতা, চেলিব্ৰিটি আদিয়ে শত্ৰুনাশিনী যজ্ঞ সম্পন্ন কৰিবলৈ এই মন্দিৰত উপস্থিত হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ