--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীয়ে সংসদত মূল্য বৃদ্ধিৰ বিষয়ত সৰৱ হৈ আছে। বিৰোধীৰ অবাঞ্চিত হুলস্থূলৰ বাবে অধিৱেশনৰ কাম বাৰে বাৰে ব্যাহত হৈ আছে। এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীপক্ষক আক্ৰমণ কৰে। "চৰকাৰৰ উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত হৈ আছে। বিৰোধীয়ে ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধ্বত গৈ দেশৰ কথা চিন্তা কৰা উচিত," সোমবাৰে প্ৰধানমন্ত্ৰীয়ে কয়। অৱশ্যে, বিৰোধীয়ে মোদীৰ এই সমালোচনাক গুৰুত্ব দিবলৈ অনিচ্ছুক। তেওঁলোকে অভিযোগ কৰিছিল যে কেন্দ্ৰই বিৰোধীৰ কণ্ঠস্বৰ বন্ধ কৰিবলৈ চেষ্টা কৰি আছে।

সোমবাৰে সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য হৰমোহন সিং যাদৱৰ দশম মৃত্যু বাৰ্ষিকী আছিল। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ভাষণ দিয়ে। তাতেই তেওঁ বিৰোধীক সমালোচনা কৰিছিল আৰু কয় যে, "তেওঁলোক শাসনত থাকোতে উন্নয়নৰ কামত কোনো গুৰত্ব দিয়া নাছিল। এতিয়া কেন্দ্ৰই দ্ৰুত গতিত উন্নয়নৰ ওপৰত কাম কৰি আছে। কিন্তু বিৰোধীয়ে কেৱল সমালোচনা কৰা আন কিবা কাম কৰিছে নেকি তেওঁ প্ৰশ্ন কৰে। 

সোমবাৰে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ চাৰিজন সাংসদক নিলম্বন কৰে। সংসদৰ অধিৱেশনৰ সময়ত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত তেওঁলোকক নিলম্বিত কৰা হৈছিল। লোকসভাৰ অধ্যক্ষই কৈছিল যে বৰ্ষাকালীন অধিৱেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন অব্যাহত থাকিব। নিলম্বিত সাংসদসকলৰ ভিতৰত তামিলনাডুৰ মণিকম ঠাকুৰ আৰু জ্যোতিমণি চেন্নিমালাই আছে। কেৰালাৰ পৰা টি এন প্ৰতাপন আৰু ৰাম্য হৰিদাসো আছে। অধ্যক্ষৰ আদেশ অমান্য কৰি অধিৱেশনৰ সময়ত প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবে চাৰিজনক নিলম্বিত কৰা হৈছিল। এই বছৰৰ অধিৱেশন অহা মাহৰ ১২ তাৰিখলৈকে চলিব।

বিৰোধীয়ে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। "সাংসদসকলক নিলম্বন কৰি ভাবুকি দিয়া হৈছে। কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় যে এই ধৰণৰ ভাবুকিৰ পৰা কোনো লাভ নহ'ব।  বিৰোধীয়ে ভাৰ্চুৱেল সভাত প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছিল আৰু কয়, "ৰাজনৈতিক স্বাৰ্থতকৈ দেশৰ স্বাৰ্থ আদৰ্শ আগত। সকলোৱে ইয়াক চোৱা উচিত। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি