--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতীয় শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ সময়ত বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিব লগীয়া হয়৷  বিশেষকৈ ১৮ অনুৰ্ধৰ শিক্ষাৰ্থী সকল অধিক সমস্যাৰ সন্মুখীন হয় ।কন্যা শিক্ষাৰ্থীৰ ক্ষেত্ৰত সমস্যাসমূহ তুলনামূলকভাৱে বেছি৷ শিক্ষানুষ্ঠানৰ ভিতৰৰ সমস্যাখিনিৰ উপৰিও শিক্ষাৰ্থী সকলে যাতায়তৰ সময়তো নানা দুৰ্ভোগ ভূগে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বহু শিক্ষানুষ্ঠানে যাতায়তৰ ব্যৱস্থা কৰে৷ কিন্তু এই যাতায়তৰ বাহন সমূহৰ ভিতৰতো বহু কেইটা নিৰ্যাতনৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে৷ লগতে শিক্ষাৰ্থীক অনা-নিয়া কৰা বহু বাহনৰ চালকে মাদক দ্ৰবও সেৱন কৰে৷ এনেবোৰ পৰিস্থিতিৰ পৰিপেক্ষিতত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে৷ ন্যায়লয়ৰ এই নিৰ্দেশনাৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে এক নিৰ্দেশনা জাৰি কৰে৷ এই নিৰ্দেশনা জাৰিৰ পিছতই তৎপৰ হৈ উঠিছে ৰাজ্যৰ পৰিবহণ বিভাগ৷ 

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি , প্ৰতিখন স্কুলবাছ হালধীয়া ৰঙৰ হ’ব লাগিব। লগতে প্ৰতিখন বাছতে থাকিব লাগিব জি পি এছ৷ এই জি পি এছৰ দ্বাৰা বাছৰ গতিবিধি নজৰত ৰাখিব স্কুল কৰ্তৃপক্ষই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা হ’ল যে- বাছসমূহত চি চি টিভি কেমেৰা থকাটো বাধ্যতামূলক। “অন ডিউটি” বুলি লিখা থাকিব লাগিব প্ৰতিখন স্কুলবাছত৷ স্কুল বাছসমূহত থাকিব লাগিব নিজ নিজ স্কুলৰ ফোন নম্বৰ আৰু নাম৷ প্ৰতিজন বাছ চালকৰ পাঁচ বছৰ বাছ চলোৱাৰ অভিজ্ঞতা থকাটো  বাঞ্চনীয়৷ লগতে বাছসমূহত ফাৰ্ষ্ট এইড বক্স আৰু ফায়াৰ এষ্টিংগুইজাৰ থাকিব লাগিব৷ এই নিয়ম সূহ পালন নকৰিলে বাছৰ মালিক বা কৰ্তৃপক্ষক দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। তাৰোপৰি নিয়ম নামানিলে বিদ্যালয়ৰো স্বীকৃতি বাতিল কৰা হ’ব৷ 

এই নতুন নীতিসমূহৰ সংযোজনে বাছ চালক সকলক নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ সুৰক্ষা নিশ্চিত কৰিব। কিন্তু এই নীতি সমূহ বাস্তৱক্ষেত্ৰত কিমানদূৰ ৰূপায়িত হয় সেইয়াও লক্ষণীয় হ’ব৷ নীতি অনুসৰি স্কুলবাছ সমূহ অতি সোনকালেই নতুন ৰূপত গঢ়ি তোলা উচিত৷ লগতে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত পৌৰ নিগম সমূহে৷ কাৰণ মহানগৰীত স্কুলবাছত অহা-যোৱা কৰা  শিশুসকলে অধিক সমস্যাৰ সন্মুখীন হ’ব লাগে৷ ট্ৰেফিকজামৰ পৰা পথৰ দুৰৱস্থাৰো সন্মুখীন হয় শিক্ষাৰ্থী সকল৷ গতিকে এনে ক্ষেত্ৰতো দীৰ্ঘম্যাদী সমাধানৰ বাবে ব্যৱস্থা হাতত লোৱা উচিত৷ 

উল্লেখযোগ্য যে,স্কুলবাছৰ উপৰিও চিটিবাছ সমূহেও কোনো নিয়ম নামানে গুৱাহাটী মহানগৰীত৷ বহুক্ষেত্ৰত এই বিষটো আলোচিত হৈছে যদিও গুৱাহাটীবাসীয়ে কোনোদিন সুফল পোৱা নাই৷ গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’লে দুচিন্তা কমিব যাত্ৰী সকলৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি