--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতীয় শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ সময়ত বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিব লগীয়া হয়৷  বিশেষকৈ ১৮ অনুৰ্ধৰ শিক্ষাৰ্থী সকল অধিক সমস্যাৰ সন্মুখীন হয় ।কন্যা শিক্ষাৰ্থীৰ ক্ষেত্ৰত সমস্যাসমূহ তুলনামূলকভাৱে বেছি৷ শিক্ষানুষ্ঠানৰ ভিতৰৰ সমস্যাখিনিৰ উপৰিও শিক্ষাৰ্থী সকলে যাতায়তৰ সময়তো নানা দুৰ্ভোগ ভূগে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বহু শিক্ষানুষ্ঠানে যাতায়তৰ ব্যৱস্থা কৰে৷ কিন্তু এই যাতায়তৰ বাহন সমূহৰ ভিতৰতো বহু কেইটা নিৰ্যাতনৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে৷ লগতে শিক্ষাৰ্থীক অনা-নিয়া কৰা বহু বাহনৰ চালকে মাদক দ্ৰবও সেৱন কৰে৷ এনেবোৰ পৰিস্থিতিৰ পৰিপেক্ষিতত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে৷ ন্যায়লয়ৰ এই নিৰ্দেশনাৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে এক নিৰ্দেশনা জাৰি কৰে৷ এই নিৰ্দেশনা জাৰিৰ পিছতই তৎপৰ হৈ উঠিছে ৰাজ্যৰ পৰিবহণ বিভাগ৷ 

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি , প্ৰতিখন স্কুলবাছ হালধীয়া ৰঙৰ হ’ব লাগিব। লগতে প্ৰতিখন বাছতে থাকিব লাগিব জি পি এছ৷ এই জি পি এছৰ দ্বাৰা বাছৰ গতিবিধি নজৰত ৰাখিব স্কুল কৰ্তৃপক্ষই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা হ’ল যে- বাছসমূহত চি চি টিভি কেমেৰা থকাটো বাধ্যতামূলক। “অন ডিউটি” বুলি লিখা থাকিব লাগিব প্ৰতিখন স্কুলবাছত৷ স্কুল বাছসমূহত থাকিব লাগিব নিজ নিজ স্কুলৰ ফোন নম্বৰ আৰু নাম৷ প্ৰতিজন বাছ চালকৰ পাঁচ বছৰ বাছ চলোৱাৰ অভিজ্ঞতা থকাটো  বাঞ্চনীয়৷ লগতে বাছসমূহত ফাৰ্ষ্ট এইড বক্স আৰু ফায়াৰ এষ্টিংগুইজাৰ থাকিব লাগিব৷ এই নিয়ম সূহ পালন নকৰিলে বাছৰ মালিক বা কৰ্তৃপক্ষক দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। তাৰোপৰি নিয়ম নামানিলে বিদ্যালয়ৰো স্বীকৃতি বাতিল কৰা হ’ব৷ 

এই নতুন নীতিসমূহৰ সংযোজনে বাছ চালক সকলক নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ সুৰক্ষা নিশ্চিত কৰিব। কিন্তু এই নীতি সমূহ বাস্তৱক্ষেত্ৰত কিমানদূৰ ৰূপায়িত হয় সেইয়াও লক্ষণীয় হ’ব৷ নীতি অনুসৰি স্কুলবাছ সমূহ অতি সোনকালেই নতুন ৰূপত গঢ়ি তোলা উচিত৷ লগতে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত পৌৰ নিগম সমূহে৷ কাৰণ মহানগৰীত স্কুলবাছত অহা-যোৱা কৰা  শিশুসকলে অধিক সমস্যাৰ সন্মুখীন হ’ব লাগে৷ ট্ৰেফিকজামৰ পৰা পথৰ দুৰৱস্থাৰো সন্মুখীন হয় শিক্ষাৰ্থী সকল৷ গতিকে এনে ক্ষেত্ৰতো দীৰ্ঘম্যাদী সমাধানৰ বাবে ব্যৱস্থা হাতত লোৱা উচিত৷ 

উল্লেখযোগ্য যে,স্কুলবাছৰ উপৰিও চিটিবাছ সমূহেও কোনো নিয়ম নামানে গুৱাহাটী মহানগৰীত৷ বহুক্ষেত্ৰত এই বিষটো আলোচিত হৈছে যদিও গুৱাহাটীবাসীয়ে কোনোদিন সুফল পোৱা নাই৷ গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’লে দুচিন্তা কমিব যাত্ৰী সকলৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান