--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি সময়ত চিকিৎসাৰ ব্যয় দিনক দিনে বাঢ়ি আহিছে, সেই সময়ত পশ্চিমবংগৰ এজন চিকিৎসকে মাত্ৰ এটকাত ৰোগীক চিকিৎসা কৰি আছিল। এইগৰাকী চিকিৎসক 'এক টকাৰ ডাক্তৰ' নামেৰে জনাজাত আছিল। তেওঁৰ নাম আছিল ডাঃ সুশোভন বন্দ্যোপাধ্যায়। 

অতি মানৱ দৰদী, অতি জনপ্ৰিয় চিকিৎসক ডাঃ সুশোভন বন্দ্যোপাধ্যায়ৰ মঙলবাৰে কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। ডাঃ বন্দ্যোপাধ্যায়ে যোৱা দুবছৰ ধৰি বৃক্ক সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছিল। চিকিৎসক তথা ৰাজনীতিবিদ ডাঃ সুশোভনে প্ৰায় ৬০ বছৰ ধৰি ৰোগীৰ চিকিৎসা কৰিছিল। বিশেষ কথাটো আছিল যে তেওঁ মাত্ৰ এটকাত ৰোগীক চিকিৎসা কৰিছিল।

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ২০২০ বৰ্ষত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। সেই বছৰতে সৰ্বাধিক ৰোগীৰ চিকিৎসাৰ বাবে তেওঁৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছিল। বলপুৰ আসনৰ পৰা তেওঁ প্ৰাক্তন বিধায়ক আছিল। ১৯৮৪ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্য আৰু বীৰভূম জিলা সভাপতি আছিল যদিও পিছলৈ দল ত্যাগ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ড০ বন্দ্যোপাধ্যায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, "ডাঃ সুশোভন বন্দ্যোপাধ্যায় মানৱীয় প্ৰমূল্যৰ উত্তম মনোভাৱেৰে ৰঞ্জিত আছিল। বহুতকে সুস্থ কৰি তোলা এজন দয়ালু আৰু বিশাল হৃদয়ৰ ব্যক্তি হিচাপে তেওঁক স্মৰণ কৰা হ'ব।" প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "পদ্ম বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ সৈতে হোৱা কথা-বতৰাৰ কথা মনত আছে। তেওঁৰ মৃত্যুত দুখী। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।" পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰি লিখিছে, "দানশীল ডাঃ সুশোভন বন্দ্যোপাধ্যায়ৰ মৃত্যুৰ বিষয়ে জানি দুখ পাইছো।তেওঁ দানশীলতাৰ বাবে পৰিচিত আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জনালোঁ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু