--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি সময়ত চিকিৎসাৰ ব্যয় দিনক দিনে বাঢ়ি আহিছে, সেই সময়ত পশ্চিমবংগৰ এজন চিকিৎসকে মাত্ৰ এটকাত ৰোগীক চিকিৎসা কৰি আছিল। এইগৰাকী চিকিৎসক 'এক টকাৰ ডাক্তৰ' নামেৰে জনাজাত আছিল। তেওঁৰ নাম আছিল ডাঃ সুশোভন বন্দ্যোপাধ্যায়। 

অতি মানৱ দৰদী, অতি জনপ্ৰিয় চিকিৎসক ডাঃ সুশোভন বন্দ্যোপাধ্যায়ৰ মঙলবাৰে কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। ডাঃ বন্দ্যোপাধ্যায়ে যোৱা দুবছৰ ধৰি বৃক্ক সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছিল। চিকিৎসক তথা ৰাজনীতিবিদ ডাঃ সুশোভনে প্ৰায় ৬০ বছৰ ধৰি ৰোগীৰ চিকিৎসা কৰিছিল। বিশেষ কথাটো আছিল যে তেওঁ মাত্ৰ এটকাত ৰোগীক চিকিৎসা কৰিছিল।

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ২০২০ বৰ্ষত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। সেই বছৰতে সৰ্বাধিক ৰোগীৰ চিকিৎসাৰ বাবে তেওঁৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছিল। বলপুৰ আসনৰ পৰা তেওঁ প্ৰাক্তন বিধায়ক আছিল। ১৯৮৪ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্য আৰু বীৰভূম জিলা সভাপতি আছিল যদিও পিছলৈ দল ত্যাগ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ড০ বন্দ্যোপাধ্যায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, "ডাঃ সুশোভন বন্দ্যোপাধ্যায় মানৱীয় প্ৰমূল্যৰ উত্তম মনোভাৱেৰে ৰঞ্জিত আছিল। বহুতকে সুস্থ কৰি তোলা এজন দয়ালু আৰু বিশাল হৃদয়ৰ ব্যক্তি হিচাপে তেওঁক স্মৰণ কৰা হ'ব।" প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "পদ্ম বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ সৈতে হোৱা কথা-বতৰাৰ কথা মনত আছে। তেওঁৰ মৃত্যুত দুখী। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।" পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰি লিখিছে, "দানশীল ডাঃ সুশোভন বন্দ্যোপাধ্যায়ৰ মৃত্যুৰ বিষয়ে জানি দুখ পাইছো।তেওঁ দানশীলতাৰ বাবে পৰিচিত আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জনালোঁ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ