--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ প্ৰায়েই চৰ্চাত থাকে। গো প্ৰতিপাল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যদিও ৰাজ্য নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰি ৰখাত বিফল হৈছে  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ৷ যোগীৰ ৰাজ্যত এতিয়া চাৰিওপিনে চৰম বিশৃংখলতা৷  যোৱা মঙ্গলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত দাখিল হোৱা এক তথ্যই দাঙি যোগীৰ যোগস্থলী উত্তৰ প্ৰদেশৰ বাস্তৱ চিত্ৰখন৷ 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২০ চনত গ্ৰেপ্তাৰ হোৱা ভাৰতৰ ৩,৭১,৮৪৮ জন অপৰাধীৰ ভিতৰত ২৫ শতাংশ অৰ্থাৎ ৮০,৫৫৭ জন লোক উত্তৰ  প্ৰদেশৰ ৷ ২০১৬ চনৰ পৰা ২০২০ চনলৈকে উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক অপৰাধ সংঘটিত হৈছে৷

গ্ৰেপ্তাৰ হোৱা কয়দীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বিহাৰ৷ বিহাৰত ৪৪,১৮৭ জন লোক ২০২০ চনত গ্ৰেপ্তাৰ হৈছে৷ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পিছতেই আছে মধ্য প্ৰদেশ৷ মধ্য প্ৰদেশৰ ৩১,৭১২ জন লোক বিভিন্ন অপৰাধত গ্ৰেপ্তাৰ হৈছে৷ আনফালে , মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ২৬,১৭১ জন৷

ভাৰতৰ আন ৰাজ্য সমূহতৰ তুলনাত অৰুণাচল প্ৰদেশতেই আটাইতকৈ কম অপৰাধ সংঘটিত হৈছে৷২০২০ চনত অৰুণাচল প্ৰদেশৰ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা আছিল ১২৭ জন৷

আনহাতে , যোগী আদিত্য নাথে সততে হিন্দু সভ্যতা তথা হিন্দু ধৰ্মৰ কথা কয় যদিও তেওঁৰ ৰাজ্যখনতে ৬২৮ জন লোকৰ ধৰ্মীয় উন্মাদনা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে৷ 

এতিয়া গো পালনৰ উপৰিও ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ তথা সামাজিক অস্থিৰতাক যোগী আদিত্য নাথে কেনেদৰে নিয়ন্ত্ৰণ কৰিব সেইয়া লক্ষণীয় হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ