--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ প্ৰায়েই চৰ্চাত থাকে। গো প্ৰতিপাল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যদিও ৰাজ্য নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰি ৰখাত বিফল হৈছে  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ৷ যোগীৰ ৰাজ্যত এতিয়া চাৰিওপিনে চৰম বিশৃংখলতা৷  যোৱা মঙ্গলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত দাখিল হোৱা এক তথ্যই দাঙি যোগীৰ যোগস্থলী উত্তৰ প্ৰদেশৰ বাস্তৱ চিত্ৰখন৷ 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২০ চনত গ্ৰেপ্তাৰ হোৱা ভাৰতৰ ৩,৭১,৮৪৮ জন অপৰাধীৰ ভিতৰত ২৫ শতাংশ অৰ্থাৎ ৮০,৫৫৭ জন লোক উত্তৰ  প্ৰদেশৰ ৷ ২০১৬ চনৰ পৰা ২০২০ চনলৈকে উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক অপৰাধ সংঘটিত হৈছে৷

গ্ৰেপ্তাৰ হোৱা কয়দীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বিহাৰ৷ বিহাৰত ৪৪,১৮৭ জন লোক ২০২০ চনত গ্ৰেপ্তাৰ হৈছে৷ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পিছতেই আছে মধ্য প্ৰদেশ৷ মধ্য প্ৰদেশৰ ৩১,৭১২ জন লোক বিভিন্ন অপৰাধত গ্ৰেপ্তাৰ হৈছে৷ আনফালে , মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ২৬,১৭১ জন৷

ভাৰতৰ আন ৰাজ্য সমূহতৰ তুলনাত অৰুণাচল প্ৰদেশতেই আটাইতকৈ কম অপৰাধ সংঘটিত হৈছে৷২০২০ চনত অৰুণাচল প্ৰদেশৰ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা আছিল ১২৭ জন৷

আনহাতে , যোগী আদিত্য নাথে সততে হিন্দু সভ্যতা তথা হিন্দু ধৰ্মৰ কথা কয় যদিও তেওঁৰ ৰাজ্যখনতে ৬২৮ জন লোকৰ ধৰ্মীয় উন্মাদনা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে৷ 

এতিয়া গো পালনৰ উপৰিও ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ তথা সামাজিক অস্থিৰতাক যোগী আদিত্য নাথে কেনেদৰে নিয়ন্ত্ৰণ কৰিব সেইয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ