--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কমনৱেলছ গেমছত ভাৰতীয় দলটোৱে চমকপ্ৰদ সফলতা লাভ কৰিছিল। আৰম্ভণিৰে পৰাই দেশখনে ১৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মঙলবাৰে লনবল প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলটোৱে ইতিহাস সৃষ্টি কৰিছিল।কাৰণ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰতে এটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰিছিল।

ভাৰতৰ কন্যা লাভলী চৌবে, ৰূপাৰাণী তিৰ্কী, পিংকি আৰু নয়নমণি শইকীয়াই সোণৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়ালে। কিন্তু তেওঁলোকৰ বাবে এই বাট আছিল অতি কঠোৰ। কাৰণ তেওঁলোকৰ কোনো পুঁজি বা প্ৰশিক্ষক নাছিল। অৰ্থাৎ সকলোবোৰ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই সম্ভৱ হ’ল। কিন্তু ২০১৮ চনৰ কমনৱেলথ গেমছৰ পৰা লনবলৰ মহিলা দলৰ কোনো প্ৰশিক্ষক নাছিল। অৰ্থাৎ বিগত ৪ বছৰ ধৰি তেওঁলোকে নিজেই অনুশীলন অব্যাহত ৰাখিছিল।

এইবাৰৰ কমনৱেলথ গেমছত এই কঠোৰ পৰিশ্ৰমেৰে তেওঁলোক সফল হৈছিল আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই ভাৰতে সোণৰ পদক লাভ কৰিলে। বিগত ৯২ বছৰ ধৰি লন বলছ কমনৱেলথ গেমছৰ অংশ হৈ আছে। যাৰ ফলত এতিয়া সোণ অথবা ৰূপ নিশ্চিত হৈছে ভাৰতীয় লন বলৰ মহিলা দলটোৰ। এই চাৰিজনীয়া দলটোতেই আছে অসমৰ নয়নমণি শইকীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ