--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কমনৱেলছ গেমছত ভাৰতীয় দলটোৱে চমকপ্ৰদ সফলতা লাভ কৰিছিল। আৰম্ভণিৰে পৰাই দেশখনে ১৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মঙলবাৰে লনবল প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলটোৱে ইতিহাস সৃষ্টি কৰিছিল।কাৰণ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰতে এটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰিছিল।

ভাৰতৰ কন্যা লাভলী চৌবে, ৰূপাৰাণী তিৰ্কী, পিংকি আৰু নয়নমণি শইকীয়াই সোণৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়ালে। কিন্তু তেওঁলোকৰ বাবে এই বাট আছিল অতি কঠোৰ। কাৰণ তেওঁলোকৰ কোনো পুঁজি বা প্ৰশিক্ষক নাছিল। অৰ্থাৎ সকলোবোৰ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই সম্ভৱ হ’ল। কিন্তু ২০১৮ চনৰ কমনৱেলথ গেমছৰ পৰা লনবলৰ মহিলা দলৰ কোনো প্ৰশিক্ষক নাছিল। অৰ্থাৎ বিগত ৪ বছৰ ধৰি তেওঁলোকে নিজেই অনুশীলন অব্যাহত ৰাখিছিল।

এইবাৰৰ কমনৱেলথ গেমছত এই কঠোৰ পৰিশ্ৰমেৰে তেওঁলোক সফল হৈছিল আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই ভাৰতে সোণৰ পদক লাভ কৰিলে। বিগত ৯২ বছৰ ধৰি লন বলছ কমনৱেলথ গেমছৰ অংশ হৈ আছে। যাৰ ফলত এতিয়া সোণ অথবা ৰূপ নিশ্চিত হৈছে ভাৰতীয় লন বলৰ মহিলা দলটোৰ। এই চাৰিজনীয়া দলটোতেই আছে অসমৰ নয়নমণি শইকীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ