--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে দেশৰ ৰাজধানী চহৰ নতুন  দিল্লীৰ জনজীৱন। বৰষুণৰ মাজতে হঠাতে ভাঙি পৰিল  বিমানবন্দৰৰ টাৰ্মিনেলৰ চাল । ইয়াৰ বাবেই এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন লোক গুৰুতৰভাবে আহত হয় ।  দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চাল ভাঙি পৰাৰ পিছতে  টাৰ্মিনেলটো  সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। 

উল্লেখ্য শুকুৰবাৰে পুৱাৰে পৰা দিল্লীত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে ১ নং টাৰ্মিনেলৰ চালৰ এটা বৃহৎ অংশ ভাঙি পৰে। ছাদৰ লগতে এটা খুঁটাও ভাঙি যায়। মূলতঃ বিমানবন্দৰৰ সেই অংশত  গাড়ী পাৰ্কিং কৰা হয়। চালখন ভাঙি পৰাৰ  সময়ত সেই স্থানত  বহু গাড়ী আৰু কেব আছিল। ফলত বহু কেখন  গাড়ীৰো ক্ষতিসাধন হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে বিমানবন্দৰত উদ্ধাৰ অভিযান আৰম্ভ কৰি  ক্ষতিগ্ৰস্ত বাহনখনৰ পৰা এজন মৃত ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই  এক বিবৃতিত কয় যে টাৰ্মিনেল ১ৰ পৰা সকলো বিমানৰ সেৱা বন্ধ কৰি দিয়া হৈছে। 

মন কৰিব যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰ এই টাৰ্মিনেলৰ পৰা ঘৰুৱা বিমানহে যাত্ৰা কৰে। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এক্স হেণ্ডেলৰ এটা পোষ্টত কয় যে  তেওঁ সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছে। তেওঁ কয়, ‘সকলো বিমান সংস্থাক ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ কাষত থিয় হ’বলৈ কোৱা হৈছে। ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।” দিল্লী আৰক্ষীয়ে জনোৱা মতে, আহতসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ। অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়েও উদ্ধাৰ অভিযানত যোগদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু