--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে দেশৰ ৰাজধানী চহৰ নতুন  দিল্লীৰ জনজীৱন। বৰষুণৰ মাজতে হঠাতে ভাঙি পৰিল  বিমানবন্দৰৰ টাৰ্মিনেলৰ চাল । ইয়াৰ বাবেই এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন লোক গুৰুতৰভাবে আহত হয় ।  দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চাল ভাঙি পৰাৰ পিছতে  টাৰ্মিনেলটো  সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। 

উল্লেখ্য শুকুৰবাৰে পুৱাৰে পৰা দিল্লীত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে ১ নং টাৰ্মিনেলৰ চালৰ এটা বৃহৎ অংশ ভাঙি পৰে। ছাদৰ লগতে এটা খুঁটাও ভাঙি যায়। মূলতঃ বিমানবন্দৰৰ সেই অংশত  গাড়ী পাৰ্কিং কৰা হয়। চালখন ভাঙি পৰাৰ  সময়ত সেই স্থানত  বহু গাড়ী আৰু কেব আছিল। ফলত বহু কেখন  গাড়ীৰো ক্ষতিসাধন হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে বিমানবন্দৰত উদ্ধাৰ অভিযান আৰম্ভ কৰি  ক্ষতিগ্ৰস্ত বাহনখনৰ পৰা এজন মৃত ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই  এক বিবৃতিত কয় যে টাৰ্মিনেল ১ৰ পৰা সকলো বিমানৰ সেৱা বন্ধ কৰি দিয়া হৈছে। 

মন কৰিব যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয়  বিমানবন্দৰৰ এই টাৰ্মিনেলৰ পৰা ঘৰুৱা বিমানহে যাত্ৰা কৰে। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এক্স হেণ্ডেলৰ এটা পোষ্টত কয় যে  তেওঁ সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছে। তেওঁ কয়, ‘সকলো বিমান সংস্থাক ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ কাষত থিয় হ’বলৈ কোৱা হৈছে। ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।” দিল্লী আৰক্ষীয়ে জনোৱা মতে, আহতসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ। অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়েও উদ্ধাৰ অভিযানত যোগদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ