--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শনিদশা চলিছে বাদশ্বাহ পৰিয়ালৰ। ঘোৰ অন্ধকাৰে ছানি ধৰিছে বাদশ্বাহৰ বিলাসবহুল প্ৰাসাদ। ড্ৰাগছৰ গোচৰত পুত্ৰ ৰঙাঘৰৰ আলহী হোৱাৰ পাছতে বিনিদ্ৰ ৰজনী কটাইছে বলীউড কিং শ্বাহৰূখে। কাৰাগাৰলৈ হাতকুৰি-বাটকুৰি বাই থকাৰ বাহিৰে একোকে কৰিব পৰা নাই শ্বাহৰূখে। আদালতত বাৰম্বাৰ খাৰিজ হৈছে আৰিয়ানৰ জামিন আবেদন। পুত্ৰৰ কাণ্ডৰ বাবে শ্বাহৰূখে হেৰুৱাবলগীয়া হৈছে বৃহত্‍ প্ৰজেক্ট। তথাপি সকলো দোষ মৰিষণ কৰি নিজ পুত্ৰক কাষত বিচাৰিছে শ্বাহৰূখে।

সকলো প্ৰকাৰে চেষ্টা কৰি গৈছে কিং খানে,ফল হ’লে ধৰা নাই। ছলমান খানৰ অধিবক্তাইয়ো আৰিয়ানৰ পক্ষত যুঁজ দি জামিন দিয়াবলৈ সক্ষম নহ’ল। শ্বাহৰূখৰ চিন্তা দিনক দিনে বৃদ্ধি পাই আহিছে।বাদুলী ওলোমা দি ওলমিছে শ্বাহৰূখৰ দুগাল,গৌৰীৰ চকুত চকুলো দুধাৰ।তত্‍সত্বেও শ্বাহৰূখৰ সান্তনা বাণী-মই আছোঁ,মই আছোঁ…। উল্লেখ্য যে, আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত বলীউড বাদশ্বাহ শ্বাহৰূখৰ কাষত থিয় দিছে একাংশ শুভাকাংক্ষীয়ে। শুভাকাংক্ষীৰ সমৰ্থন লাভ কৰিলেও ঘটনাটো সন্দৰ্ভত কাণ সৰালি দিয়া লোকৰ সংখ্যাও কম নহয়। স্বাভিকতে যিটো মাত্ৰাত শেহতীয়াকৈ বলীউড কন্ঠশিল্পী মিকা সিঙেও অভিমত প্ৰদান কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ক্ষোভিত মিকা সিঙ। এটা টুইটত তেওঁ কয়, ‘সকলোৱে শ্বাহৰূখৰ বাটৰ নাটখন চাই আছে।

কোনেও টু-শব্দ এটা কৰা নাই। মই শ্বাহৰূখ খানৰ সৈতে আছো। আৰিয়ানক জামিন দিব লাগিব। সকলো তাৰকাৰ সন্তানক গ্ৰেপ্তাৰ কৰিলেহে বলীউড ইণ্ডাষ্ট্ৰীৰ মানুহে একগোট হ’ব।’ ইফালে, চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গুপ্তাইও ঘটনাটো সন্দৰ্ভত বহুতে নীৰৱ হৈ থকাটো পছন্দ কৰা নাই। শ্বাহৰূখ খানৰ এই ঘোৰ সংকটৰ সময়ত বাদশ্বাহৰ পক্ষত থিয় নোহোৱা কথাটোক মানি ল’ব পৰা নাই সঞ্জয় গুপ্তাই, টুইটাৰত উজাৰিছে ক্ষোভ, দিছে তীব্ৰ গৰিহণা। সঞ্জয় গুপ্তাৰ টুইটৰ পাছতে জিকাৰ খাই উঠিছে মিকা সিঙৰ অন্তৰ।সামাজিক মাধ্যমত উজাৰিছে ক্ষোভ ।২ অক্টোবৰত প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা ড্ৰাগছৰ গোচৰত আৰিয়ানকে ধৰি ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। স্মৰ্তব্য যে, আৰিয়ানৰ গ্ৰেপ্তাৰ পাছতে পোহৰলৈ আহিছিল বলীউডৰ কেতবোৰ গোপন তথ্য।আৰিয়ানেই দিছে ইয়াৰ সম্ভেদ। অৱশ্যে,আৰক্ষীৰ জেৰাত অতীতত কৰি অহা ভুল দুনাই নকৰো বুলি আৰিয়ানে বজ্ৰকঠোৰ প্ৰতিজ্ঞা কৰিলেও মন গলাব পৰা নাই আদালতৰ। কাৰাগাৰাৰ বন্ধ কুঠৰীত পুত্ৰৰ সমান্তৰালকৈ ‘মন্নত’ৰ পৰাই ভাল দিনলৈ বাট চাইছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ