--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শনিদশা চলিছে বাদশ্বাহ পৰিয়ালৰ। ঘোৰ অন্ধকাৰে ছানি ধৰিছে বাদশ্বাহৰ বিলাসবহুল প্ৰাসাদ। ড্ৰাগছৰ গোচৰত পুত্ৰ ৰঙাঘৰৰ আলহী হোৱাৰ পাছতে বিনিদ্ৰ ৰজনী কটাইছে বলীউড কিং শ্বাহৰূখে। কাৰাগাৰলৈ হাতকুৰি-বাটকুৰি বাই থকাৰ বাহিৰে একোকে কৰিব পৰা নাই শ্বাহৰূখে। আদালতত বাৰম্বাৰ খাৰিজ হৈছে আৰিয়ানৰ জামিন আবেদন। পুত্ৰৰ কাণ্ডৰ বাবে শ্বাহৰূখে হেৰুৱাবলগীয়া হৈছে বৃহত্‍ প্ৰজেক্ট। তথাপি সকলো দোষ মৰিষণ কৰি নিজ পুত্ৰক কাষত বিচাৰিছে শ্বাহৰূখে।

সকলো প্ৰকাৰে চেষ্টা কৰি গৈছে কিং খানে,ফল হ’লে ধৰা নাই। ছলমান খানৰ অধিবক্তাইয়ো আৰিয়ানৰ পক্ষত যুঁজ দি জামিন দিয়াবলৈ সক্ষম নহ’ল। শ্বাহৰূখৰ চিন্তা দিনক দিনে বৃদ্ধি পাই আহিছে।বাদুলী ওলোমা দি ওলমিছে শ্বাহৰূখৰ দুগাল,গৌৰীৰ চকুত চকুলো দুধাৰ।তত্‍সত্বেও শ্বাহৰূখৰ সান্তনা বাণী-মই আছোঁ,মই আছোঁ…। উল্লেখ্য যে, আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত বলীউড বাদশ্বাহ শ্বাহৰূখৰ কাষত থিয় দিছে একাংশ শুভাকাংক্ষীয়ে। শুভাকাংক্ষীৰ সমৰ্থন লাভ কৰিলেও ঘটনাটো সন্দৰ্ভত কাণ সৰালি দিয়া লোকৰ সংখ্যাও কম নহয়। স্বাভিকতে যিটো মাত্ৰাত শেহতীয়াকৈ বলীউড কন্ঠশিল্পী মিকা সিঙেও অভিমত প্ৰদান কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ক্ষোভিত মিকা সিঙ। এটা টুইটত তেওঁ কয়, ‘সকলোৱে শ্বাহৰূখৰ বাটৰ নাটখন চাই আছে।

কোনেও টু-শব্দ এটা কৰা নাই। মই শ্বাহৰূখ খানৰ সৈতে আছো। আৰিয়ানক জামিন দিব লাগিব। সকলো তাৰকাৰ সন্তানক গ্ৰেপ্তাৰ কৰিলেহে বলীউড ইণ্ডাষ্ট্ৰীৰ মানুহে একগোট হ’ব।’ ইফালে, চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গুপ্তাইও ঘটনাটো সন্দৰ্ভত বহুতে নীৰৱ হৈ থকাটো পছন্দ কৰা নাই। শ্বাহৰূখ খানৰ এই ঘোৰ সংকটৰ সময়ত বাদশ্বাহৰ পক্ষত থিয় নোহোৱা কথাটোক মানি ল’ব পৰা নাই সঞ্জয় গুপ্তাই, টুইটাৰত উজাৰিছে ক্ষোভ, দিছে তীব্ৰ গৰিহণা। সঞ্জয় গুপ্তাৰ টুইটৰ পাছতে জিকাৰ খাই উঠিছে মিকা সিঙৰ অন্তৰ।সামাজিক মাধ্যমত উজাৰিছে ক্ষোভ ।২ অক্টোবৰত প্ৰমোদতৰীৰ পাৰ্টীৰ পৰা ড্ৰাগছৰ গোচৰত আৰিয়ানকে ধৰি ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। স্মৰ্তব্য যে, আৰিয়ানৰ গ্ৰেপ্তাৰ পাছতে পোহৰলৈ আহিছিল বলীউডৰ কেতবোৰ গোপন তথ্য।আৰিয়ানেই দিছে ইয়াৰ সম্ভেদ। অৱশ্যে,আৰক্ষীৰ জেৰাত অতীতত কৰি অহা ভুল দুনাই নকৰো বুলি আৰিয়ানে বজ্ৰকঠোৰ প্ৰতিজ্ঞা কৰিলেও মন গলাব পৰা নাই আদালতৰ। কাৰাগাৰাৰ বন্ধ কুঠৰীত পুত্ৰৰ সমান্তৰালকৈ ‘মন্নত’ৰ পৰাই ভাল দিনলৈ বাট চাইছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু