--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছবি জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয় দাদাচাহেব ফাল্কে বঁটাক। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দাদাচাহেব ফাল্কে বঁটা ৰজনীকান্তক প্ৰদান কৰা হয়। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা নিজ হাতে এই বঁটা গ্ৰহণ কৰে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে।

ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা দাদাচাহেব ফাল্কে গ্ৰহণ কৰি থকা সময়ত ৰজনীকান্ত

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য আৰু জোঁৱায়েক ধনুষ উপস্থিত আছিল। উল্লেখনীয় কথাটো হ'ল ৰজনীকান্তৰ জোঁৱাই ধনুষে 'অসুৰণ' ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়কঃ আপুনি ‘অমৰ’ হ’ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে খৰচ কৰিব লাগিব ইমান টকা!

বঁটা গ্ৰহণ কৰি পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠে ৰজনীকান্ত। এসময়ত তেওঁ বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল সেই কথাও উল্লেখ কৰে। কণ্ডাক্টৰ হৈ থাকোঁতে লগ পোৱা বাছচালক বন্ধু ৰাজ বাহাদুৰৰ অন্যতন অৱদান আছিল তেওঁৰ জীৱনত বুলি স্মৰণ কৰে অভিনেতাগৰাকীয়ে। ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা কথাটোৱে সুখী কৰি তুলিছে দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যেগক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ