--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুজৰাট নিৰ্বাচনৰ দিন চমু অহাৰ সময়তে কংগ্ৰেছক আন এক নতুন প্ৰত্যাহ্বানৰ মুখামুখি কৰোঁৱাই দলত্যাগ কৰিছে হাৰ্দিক পেটেলে। পাটিদাৰ আন্দোলনৰ নেতা তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্ডিকৰ পদত্যাগ এক আকস্মিক ঘটনা নহ’লেও ই কংগ্ৰেছৰ বাবে এক বৃহৎ আঘাত বিবেচিত হৈছে। দীৰ্ঘদিন ধৰি দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি অহাৰ পাছত দলটো এৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে হাৰ্ডিকে। কংগ্ৰেছ ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিব বুলিও চৰ্চা চলিছে। 

তেওঁৰ বিজেপি গমন সন্দৰ্ভত চলি থকা বিভিন্ন জল্পনা-কল্পনাৰ মাজতে এইবাৰ মুখ খুলিছে হাৰ্ডিকে। প্ৰথমবাৰৰ বাবে তেওঁক লৈ চলি থকা জল্পনা-কল্পনাৰ প্ৰতি সঁহাৰি জনাই হাৰ্ডিক পেটেলে কয়, তেওঁ বিজেপিত যোগদান কৰা নাই বা তেওঁ এতিয়ালৈকে এই বিষয়ে কোনো সিদ্ধান্ত লোৱা নাই। 

কংগ্ৰেছৰ পদত্যাগৰ পাছত, হাৰ্দিক পেটেলক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। এই জল্পনা-কল্পনা অনুসৰি দাবী কৰা হৈছে যে, তেওঁ এতিয়া সোনকালেই বিজেপিত যোগদান কৰিব পাৰে। উল্লেখ্য যে, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ লিখা পত্ৰত হাৰ্দিক পেটেলে অনুচ্ছেদ ৩৭০, ৰাম মন্দিৰ আৰু ‘কা’-এনআৰচিৰ কথা উল্লেখ কৰিছে, যাৰ ফলত তেওঁৰ বিজেপিত যোগদানৰ সম্ভাৱনা তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে, এই মুহূৰ্তত তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথা  তেওঁ অস্বীকাৰ কৰিছে।

গুজৰাটৰ আহমেদাবাদত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি হাৰ্দিক পেটেলে কয়, গুজৰাটত পাটিদাৰ হওক বা আন কোনো সম্প্ৰদায়ৰ লোক হওক, তেওঁ কংগ্ৰেছত অসুবিধাৰ সন্মুখীন হ'বই। কংগ্ৰেছত থাকোঁতে, ডাঙৰ নেতাসকলে নেতা এগৰাকীৰ বদনাম কৰিবলৈ চেষ্টা কৰে আৰু সেয়াই হৈছে তেওঁলোকৰ ৰণনীতি। 

ইয়াৰ পূৰ্বে, হাৰ্দিক পেটেলে টুইটাৰত পদত্যাগৰ কথা ঘোষণা কৰিছিল। ইয়াৰ লগতে তেওঁ ছোনিয়া গান্ধীলৈ লিখা তেওঁৰ পত্ৰখন ছ'চিয়েল মিডিয়াত পোষ্ট কৰে, য'ত হাৰ্দিকে কংগ্ৰেছক কেৱল প্ৰতিবাদৰ ৰাজনীতিত আৱদ্ধ থকা বুলি অভিযোগ কৰে। কেৱল সেয়াই নহয়, তেওঁ ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায়। গুজৰাট বিধানসভা নিৰ্বাচনৰ ঠিক আগতে হাৰ্দিকৰ দলত্যাগ কংগ্ৰেছৰ বাবে এটা ডাঙৰ বিফলতা হিচাপে চিহ্নিত হৈছে। তেওঁ শেহতীয়াকৈ কংগ্ৰেছক আটাইতকৈ সাম্প্ৰদায়িক দল আখ্যা দিয়াকে ধৰি বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে, কংগ্ৰেছত থকা সময়ত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি অহা হাৰ্ডিক পেটেলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈকো আহ্বান জনোৱা হৈছিল। গুজৰাটত ক্ষমতা দখলৰ বাবে তীব্ৰ প্ৰচেষ্টা চলাই থকা আম আদমী পাৰ্টীৰ বাবে হাৰ্ডিক পেটেলৰ দৰে নেতাৰ অন্তৰ্ভুক্তি বৃহৎ সাফল্য বিবেচিত হ’ব পাৰে। কিন্তু তেওঁ এই সন্দৰ্ভত কোনো কথা স্পষ্টকৈ কোৱা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ