--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত দেশবিৰোধী কাম-কাজ চলাই থকা, সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা তথা বিচ্ছিন্নতাবাদী কাম-কাজক ব্যাপকভাৱে উদগনি দি অহা য়াছিন মালিকৰ দিন এতিয়া চমু চাপিছে। বিচ্ছিন্নতাবাদী নেতাজনক আনুষ্ঠানিকভাৱে দোষী সাব্যস্ত কৰিছে নিয়াৰ আদালতে। মালিকে পূৰ্বে তেওঁৰ বিৰুদ্ধে অনা অভিযোগসমূহ স্বীকাৰ কৰি লৈছিল। তাৰ পাছত বৃহস্পতিবাৰে তেওঁক আনুষ্ঠানিকভাৱে দোষী সাব্যস্ত কৰা হয়। 

এতিয়া নিয়াৰ তদন্তকাৰী গোটে মালিকৰ অৰ্থনৈতিক স্থিতিৰ অনুসন্ধান কৰিব আৰু তেওঁক কি শাস্তি বিহা হ’ব সেই সম্পৰ্কত অহা ২৫ মে’ত নিৰ্ধাৰণ কৰা হ’ব। ইফালে, য়াছিন মালিকক তেওঁৰ সম্পত্তিৰ সবিশেষ উল্লেখ কৰি এখন শপতনামা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। ২৫ মে’ত তেওঁৰ শাস্তি সম্পৰ্কীয় শুনানিৰ সময়ত তেওঁ এই শপতনামা আদালতত জমা দিব লাগিব।

উল্লেখ্য যে, বিগত ১০ মে’ত মালিকে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগক স্বীকাৰ কৰি লৈছিল। তাৰ ভিতৰত বেআইনী কাম-কাজ প্ৰতিৰোধ গোচৰৰ অধীনত ৰুজু হোৱা বিভিন্ন গোচৰো আছে। দিল্লীৰ এখন আদালতত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ স্বীকাৰ কৰি লয়। তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাম-কাজ চলোৱাৰ ষড়যন্ত্ৰ ৰচা, সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হোৱা, অপৰাধিক ষড়যন্ত্ৰ, দেশদ্ৰোহ আদি গোচৰ ৰুজু কৰা হৈছিল।

জম্মু-কাশ্মীৰক দীৰ্ঘসময় ধৰি অস্থিৰ কৰি ৰখা, নানা দেশবিৰোধী কাম-কাজৰ কেন্দ্ৰ গঢ় দিয়া য়াছিন মালিকৰ দৰে বিচ্ছিন্নতাবাদীয়ে এতিয়া কিমান কঠোৰ শাস্তি লাভ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক