--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত দেশবিৰোধী কাম-কাজ চলাই থকা, সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা তথা বিচ্ছিন্নতাবাদী কাম-কাজক ব্যাপকভাৱে উদগনি দি অহা য়াছিন মালিকৰ দিন এতিয়া চমু চাপিছে। বিচ্ছিন্নতাবাদী নেতাজনক আনুষ্ঠানিকভাৱে দোষী সাব্যস্ত কৰিছে নিয়াৰ আদালতে। মালিকে পূৰ্বে তেওঁৰ বিৰুদ্ধে অনা অভিযোগসমূহ স্বীকাৰ কৰি লৈছিল। তাৰ পাছত বৃহস্পতিবাৰে তেওঁক আনুষ্ঠানিকভাৱে দোষী সাব্যস্ত কৰা হয়। 

এতিয়া নিয়াৰ তদন্তকাৰী গোটে মালিকৰ অৰ্থনৈতিক স্থিতিৰ অনুসন্ধান কৰিব আৰু তেওঁক কি শাস্তি বিহা হ’ব সেই সম্পৰ্কত অহা ২৫ মে’ত নিৰ্ধাৰণ কৰা হ’ব। ইফালে, য়াছিন মালিকক তেওঁৰ সম্পত্তিৰ সবিশেষ উল্লেখ কৰি এখন শপতনামা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। ২৫ মে’ত তেওঁৰ শাস্তি সম্পৰ্কীয় শুনানিৰ সময়ত তেওঁ এই শপতনামা আদালতত জমা দিব লাগিব।

উল্লেখ্য যে, বিগত ১০ মে’ত মালিকে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগক স্বীকাৰ কৰি লৈছিল। তাৰ ভিতৰত বেআইনী কাম-কাজ প্ৰতিৰোধ গোচৰৰ অধীনত ৰুজু হোৱা বিভিন্ন গোচৰো আছে। দিল্লীৰ এখন আদালতত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ স্বীকাৰ কৰি লয়। তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাম-কাজ চলোৱাৰ ষড়যন্ত্ৰ ৰচা, সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হোৱা, অপৰাধিক ষড়যন্ত্ৰ, দেশদ্ৰোহ আদি গোচৰ ৰুজু কৰা হৈছিল।

জম্মু-কাশ্মীৰক দীৰ্ঘসময় ধৰি অস্থিৰ কৰি ৰখা, নানা দেশবিৰোধী কাম-কাজৰ কেন্দ্ৰ গঢ় দিয়া য়াছিন মালিকৰ দৰে বিচ্ছিন্নতাবাদীয়ে এতিয়া কিমান কঠোৰ শাস্তি লাভ কৰে সেয়া লক্ষ্যণীয় বিষয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন