--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'বুধিয়ক কাউৰী' এই কাহিনীটো আমি সকলোৱে শৈশৱতে নিশ্চয় শুনিছো। য’ত পিয়াহত কণ্ঠ শুকাই থকা কাউৰী এটাই আধা ভৰ্তি কলহৰ পানী খাবলৈ শিলগুটি ভৰাই পানীৰ স্তৰ বৃদ্ধি কৰি পিয়াহ নিবাৰণ কৰিছিল। শেহতীয়াকৈ এই কাহিনী সঁচা হোৱা দেখা গৈছিল, এটা ভিডিঅ' চৰ্চালৈ অহাৰ পাছত ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। য’ত এটা কাউৰীয়ে পানী খাবলৈ শিলগুটি ব্যৱহাৰ কৰা দেখা যায়।


দৰাচলতে @TansuYegen নামৰ এটা টুইটাৰ একাউণ্টত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত এটা পানীৰ বটল ঘাঁহনি পথাৰত ৰখা দেখা গৈছে। য’ত পিয়াহত থকা কাউৰী এটাই ঠোঁট সুমুৱাই পানী খাবলৈ চেষ্টা কৰা দেখা যায়। এই সময়ত তেওঁ বহুবাৰ চেষ্টা কৰে যদিও বটলৰ ভিতৰত পানীৰ মাত্ৰা কম হোৱাৰ বাবে পানী খাবলৈ অক্ষম হয়। ইয়াৰ পিছত তেওঁ বুদ্ধি প্ৰয়োগ কৰি পিয়াহ নিবাৰণ কৰে।

ভিডিঅ’টোত কাউৰীটোৱে পানী খাব নোৱাৰি বটলৰ চাৰিওফালে পৰি যোৱা শিলগুটিবোৰ দেখি ঠোঁটত তুলি লৈ পানীৰ বটলত ভৰাই দিয়ে। ইয়াৰ পাছত বটলৰ ভিতৰৰ পানীৰ স্তৰ ওপৰলৈ উঠি যায়। তেনেকৈয়ে বটলত ঠোঁট ভৰাই কিছু পানী খোৱাৰ পাছত আকৌ কাউৰীটোৱে শিলগুটি তুলি বটলত ভৰাই পানী খোৱা দেখা যায়। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতে সকলো স্তম্ভিত হৈ পৰিছে।

বৰ্তমান এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমানলৈকে ভিডিঅ'টোৱে ছচিয়েল মিডিয়াত ৪ লাখ ২৪ হাজাৰতকৈ অধিক ভিউ আৰু ৭ হাজাৰতকৈ অধিক লাইক লাভ কৰিছে। ভিডিঅ’টো চোৱাৰ পাছত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ আচৰিত প্ৰতিক্ৰিয়াৰ ওপৰত মন্তব্য আগবঢ়াইছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছে যে ‘কাউৰী হৈছে যুক্তিৰ ক্ষমতা থকা কেইটামান অমানৱীয় প্ৰজাতিৰ ভিতৰত অন্যতম’। আন এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ' টোৰ ওপৰত মন্তব্য কৰি কাউৰীটোক আটাইতকৈ চতুৰ চৰাইৰ ভিতৰত অন্যতম বুলি অভিহিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল