--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'বুধিয়ক কাউৰী' এই কাহিনীটো আমি সকলোৱে শৈশৱতে নিশ্চয় শুনিছো। য’ত পিয়াহত কণ্ঠ শুকাই থকা কাউৰী এটাই আধা ভৰ্তি কলহৰ পানী খাবলৈ শিলগুটি ভৰাই পানীৰ স্তৰ বৃদ্ধি কৰি পিয়াহ নিবাৰণ কৰিছিল। শেহতীয়াকৈ এই কাহিনী সঁচা হোৱা দেখা গৈছিল, এটা ভিডিঅ' চৰ্চালৈ অহাৰ পাছত ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। য’ত এটা কাউৰীয়ে পানী খাবলৈ শিলগুটি ব্যৱহাৰ কৰা দেখা যায়।


দৰাচলতে @TansuYegen নামৰ এটা টুইটাৰ একাউণ্টত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত এটা পানীৰ বটল ঘাঁহনি পথাৰত ৰখা দেখা গৈছে। য’ত পিয়াহত থকা কাউৰী এটাই ঠোঁট সুমুৱাই পানী খাবলৈ চেষ্টা কৰা দেখা যায়। এই সময়ত তেওঁ বহুবাৰ চেষ্টা কৰে যদিও বটলৰ ভিতৰত পানীৰ মাত্ৰা কম হোৱাৰ বাবে পানী খাবলৈ অক্ষম হয়। ইয়াৰ পিছত তেওঁ বুদ্ধি প্ৰয়োগ কৰি পিয়াহ নিবাৰণ কৰে।

ভিডিঅ’টোত কাউৰীটোৱে পানী খাব নোৱাৰি বটলৰ চাৰিওফালে পৰি যোৱা শিলগুটিবোৰ দেখি ঠোঁটত তুলি লৈ পানীৰ বটলত ভৰাই দিয়ে। ইয়াৰ পাছত বটলৰ ভিতৰৰ পানীৰ স্তৰ ওপৰলৈ উঠি যায়। তেনেকৈয়ে বটলত ঠোঁট ভৰাই কিছু পানী খোৱাৰ পাছত আকৌ কাউৰীটোৱে শিলগুটি তুলি বটলত ভৰাই পানী খোৱা দেখা যায়। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতে সকলো স্তম্ভিত হৈ পৰিছে।

বৰ্তমান এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমানলৈকে ভিডিঅ'টোৱে ছচিয়েল মিডিয়াত ৪ লাখ ২৪ হাজাৰতকৈ অধিক ভিউ আৰু ৭ হাজাৰতকৈ অধিক লাইক লাভ কৰিছে। ভিডিঅ’টো চোৱাৰ পাছত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ আচৰিত প্ৰতিক্ৰিয়াৰ ওপৰত মন্তব্য আগবঢ়াইছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছে যে ‘কাউৰী হৈছে যুক্তিৰ ক্ষমতা থকা কেইটামান অমানৱীয় প্ৰজাতিৰ ভিতৰত অন্যতম’। আন এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ' টোৰ ওপৰত মন্তব্য কৰি কাউৰীটোক আটাইতকৈ চতুৰ চৰাইৰ ভিতৰত অন্যতম বুলি অভিহিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস