--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে কৰা মিত্ৰতাই কংগ্ৰেছৰ বিস্তৰ ক্ষতিসাধন কৰা বুলি বিভিন্ন মহলে দাবী কৰি আহিছিল।তৰুণ গগৈয়ে “ হু ইজ বদৰুদ্দিন” বুলি কোৱাৰ পৰা ৰিপুণ বৰাই বদৰুদ্দিন আজমলৰ হাতত ধৰালৈকে মাজৰ এই সময়চোৱাত দুই দলৰ সম্পৰ্ক বৰ বেছি মধুৰ মুঠেও নাছিল। তথাপি বাধ্যত পৰি বিগত বিধানসভা নিৰ্বাচনত দুই দলৰ নেতৃত্বই মহাজোঁটৰ বেনাৰত একেখন মঞ্চত থিয় হৈছিল।

কিন্তু ইয়াৰ ফলত উজনি অসমৰ মানুহে কংগ্ৰেছক অতি নিষ্ঠুৰভাৱে প্ৰত্যাখ্যান কৰিলে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক যিমানেই দোষাৰোপ নকৰক কিয় এই কথা নিশ্চয় কংগ্ৰেছ নেতৃত্বইও পোনচাটে অস্বীকাৰ নকৰে।হয়তো সেইবাবেই অতি সোনকালে এ আই ইউ ডিএফ আৰু কংগ্ৰেছৰ মধুচন্দ্ৰিকাৰ আনুষ্ঠনিকভাৱে সমপ্তি ঘটিব বুলি ওলোৱা খবৰৰ সত্যতা নুই কৰিব নোৱাৰি।


যি নহওঁক, এনে সময়তে অন্য এটি খবৰো ওলাইছে। খবৰ এয়াই যে চামগুৰি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে ২০২৪ ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা কৰিব! তেওঁৰ প্ৰতিদ্বণ্ডী হ’ব এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল!আজমলক ৰুধিবলৈ চামগুৰিৰ পৰা ধুবুৰী পাবগৈ ৰকিবুল! আৰু যদিহে সঁচাকৈ সেয়াই হয় তেন্তে সংখ্যালঘুপ্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অতিকে আকৰ্ষণীয় হ’ব। নক’লেও চলে, জঁৰা-ফুকাৰ ৰাজনীতিৰে ধুবুৰী সমষ্টিৰ ভোটাৰৰ মাজত সোমাই পৰা মৌলানা বদৰুদ্দিন আজমলক ৰুধিবলৈ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ দলে ল’ব লাগিব বিস্তৰ পৰিকল্পনা। যি নহওঁক, সকলোবোৰ চৰ্চা হৈ থকা ধৰণেৰেই ঘটি গ’লে ২০২৪ ৰ অন্যতম নিৰ্বাচনী আকৰ্ষণ যে ধুবুৰীয়েই হ’বগৈ সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ