--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে কৰা মিত্ৰতাই কংগ্ৰেছৰ বিস্তৰ ক্ষতিসাধন কৰা বুলি বিভিন্ন মহলে দাবী কৰি আহিছিল।তৰুণ গগৈয়ে “ হু ইজ বদৰুদ্দিন” বুলি কোৱাৰ পৰা ৰিপুণ বৰাই বদৰুদ্দিন আজমলৰ হাতত ধৰালৈকে মাজৰ এই সময়চোৱাত দুই দলৰ সম্পৰ্ক বৰ বেছি মধুৰ মুঠেও নাছিল। তথাপি বাধ্যত পৰি বিগত বিধানসভা নিৰ্বাচনত দুই দলৰ নেতৃত্বই মহাজোঁটৰ বেনাৰত একেখন মঞ্চত থিয় হৈছিল।

কিন্তু ইয়াৰ ফলত উজনি অসমৰ মানুহে কংগ্ৰেছক অতি নিষ্ঠুৰভাৱে প্ৰত্যাখ্যান কৰিলে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক যিমানেই দোষাৰোপ নকৰক কিয় এই কথা নিশ্চয় কংগ্ৰেছ নেতৃত্বইও পোনচাটে অস্বীকাৰ নকৰে।হয়তো সেইবাবেই অতি সোনকালে এ আই ইউ ডিএফ আৰু কংগ্ৰেছৰ মধুচন্দ্ৰিকাৰ আনুষ্ঠনিকভাৱে সমপ্তি ঘটিব বুলি ওলোৱা খবৰৰ সত্যতা নুই কৰিব নোৱাৰি।


যি নহওঁক, এনে সময়তে অন্য এটি খবৰো ওলাইছে। খবৰ এয়াই যে চামগুৰি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে ২০২৪ ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা কৰিব! তেওঁৰ প্ৰতিদ্বণ্ডী হ’ব এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল!আজমলক ৰুধিবলৈ চামগুৰিৰ পৰা ধুবুৰী পাবগৈ ৰকিবুল! আৰু যদিহে সঁচাকৈ সেয়াই হয় তেন্তে সংখ্যালঘুপ্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অতিকে আকৰ্ষণীয় হ’ব। নক’লেও চলে, জঁৰা-ফুকাৰ ৰাজনীতিৰে ধুবুৰী সমষ্টিৰ ভোটাৰৰ মাজত সোমাই পৰা মৌলানা বদৰুদ্দিন আজমলক ৰুধিবলৈ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ দলে ল’ব লাগিব বিস্তৰ পৰিকল্পনা। যি নহওঁক, সকলোবোৰ চৰ্চা হৈ থকা ধৰণেৰেই ঘটি গ’লে ২০২৪ ৰ অন্যতম নিৰ্বাচনী আকৰ্ষণ যে ধুবুৰীয়েই হ’বগৈ সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু