--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ পিছত নেৰানেপেৰাকৈ লাগিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী তৃণমূলৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হোৱাই নহয় তেওঁ তৃণমূলৰ ভৱিষ্যতৰ মিছনৰো নেতৃত্ব দিয়াৰ বাবে সাজু হৈছে। ত্ৰিপুৰাত ২০২৩চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত তৃণমূলে ক্ষমতা দখলৰ কুচকাৱাড এতিয়াৰ পৰাই আৰম্ভ কৰিছে আৰু ইয়াক নেতৃত্ব দিয়াসকলৰ ভিতৰত অন্যতম হৈছে অভিষেক বেনাৰ্জীও। অহা বুধাবাৰে তেওঁ ত্ৰিপুৰাৰ আগৰতলাত তৃণমূলৰ হৈ এটা ৰোডশ্ব’ত অংশ ল’ব। এই ৰোডশ্ব’ৰেই ৰাজ্যখনত ক্ষমতা দখলৰ যুঁজৰ পাতনি মেলিব তৃণমূলে।

কিন্তু এই ৰোডশ্ব’ৰ প্ৰস্তুতিৰ মাজতে অভিষেক বেনাৰ্জীলৈ আন এখন চমন জাৰি কৰিছে ইডি-এ। অবৈধ কয়লা খনন কেলেংকাৰীৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁলৈ জাৰি কৰা হৈছে নতুন চমন। ২১ ছেপ্টেম্বৰত তেওঁক তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁক শুকুৰবাৰেই দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ তাৎক্ষণিক জাননীতে দিল্লীত উপস্থিত হ’ব নোৱাৰে বুলি কোৱাত নতুন তাৰিখ নিৰ্ধাৰণ কৰি তেওঁক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, যোৱা ৬ ছেপ্টেম্বৰতো তেওঁক জেৰা কৰিছিল তদন্তকাৰী সংস্থাটোৱে।

দিল্লীৰ জাম নগৰ হাউছত তেওঁ আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছিল। তেওঁৰ লগতে তেওঁৰ পত্নী ৰুজিৰাকো জেৰা কৰিছিল ইডি-এ। তৃণমূলৰ নেতাৰ বিৰদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এনে তৎপৰতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মমতা বেনাৰ্জী। ৰাজনৈতিক উদ্দেশ্যত কেন্দ্ৰীয় চৰকাৰে এনেদৰে বিৰোধী দলৰ নেতাক চাপত ৰখাৰ কৌশল গ্ৰহণ কৰাৰ বুলিও সমালোচনাৰ জোৱাৰ উঠি আহিছে বিভিন্ন সময়ত। শেহতীয়াকৈ বংগ আৰু অসমৰ উপ নিৰ্বাচক লৈ তৃণমূলৰ তৎপৰতা তথা ত্ৰিপুৰা দখলৰ পৰিকল্পনাৰ মাজতে তৃণমূলৰ নেতাৰ ওপৰত কেন্দ্ৰীয় সংস্থাৰ এনে চাপ সৃষ্টি বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু