--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ পিছত নেৰানেপেৰাকৈ লাগিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী তৃণমূলৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হোৱাই নহয় তেওঁ তৃণমূলৰ ভৱিষ্যতৰ মিছনৰো নেতৃত্ব দিয়াৰ বাবে সাজু হৈছে। ত্ৰিপুৰাত ২০২৩চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত তৃণমূলে ক্ষমতা দখলৰ কুচকাৱাড এতিয়াৰ পৰাই আৰম্ভ কৰিছে আৰু ইয়াক নেতৃত্ব দিয়াসকলৰ ভিতৰত অন্যতম হৈছে অভিষেক বেনাৰ্জীও। অহা বুধাবাৰে তেওঁ ত্ৰিপুৰাৰ আগৰতলাত তৃণমূলৰ হৈ এটা ৰোডশ্ব’ত অংশ ল’ব। এই ৰোডশ্ব’ৰেই ৰাজ্যখনত ক্ষমতা দখলৰ যুঁজৰ পাতনি মেলিব তৃণমূলে।

কিন্তু এই ৰোডশ্ব’ৰ প্ৰস্তুতিৰ মাজতে অভিষেক বেনাৰ্জীলৈ আন এখন চমন জাৰি কৰিছে ইডি-এ। অবৈধ কয়লা খনন কেলেংকাৰীৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁলৈ জাৰি কৰা হৈছে নতুন চমন। ২১ ছেপ্টেম্বৰত তেওঁক তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁক শুকুৰবাৰেই দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ তাৎক্ষণিক জাননীতে দিল্লীত উপস্থিত হ’ব নোৱাৰে বুলি কোৱাত নতুন তাৰিখ নিৰ্ধাৰণ কৰি তেওঁক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, যোৱা ৬ ছেপ্টেম্বৰতো তেওঁক জেৰা কৰিছিল তদন্তকাৰী সংস্থাটোৱে।

দিল্লীৰ জাম নগৰ হাউছত তেওঁ আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছিল। তেওঁৰ লগতে তেওঁৰ পত্নী ৰুজিৰাকো জেৰা কৰিছিল ইডি-এ। তৃণমূলৰ নেতাৰ বিৰদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এনে তৎপৰতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মমতা বেনাৰ্জী। ৰাজনৈতিক উদ্দেশ্যত কেন্দ্ৰীয় চৰকাৰে এনেদৰে বিৰোধী দলৰ নেতাক চাপত ৰখাৰ কৌশল গ্ৰহণ কৰাৰ বুলিও সমালোচনাৰ জোৱাৰ উঠি আহিছে বিভিন্ন সময়ত। শেহতীয়াকৈ বংগ আৰু অসমৰ উপ নিৰ্বাচক লৈ তৃণমূলৰ তৎপৰতা তথা ত্ৰিপুৰা দখলৰ পৰিকল্পনাৰ মাজতে তৃণমূলৰ নেতাৰ ওপৰত কেন্দ্ৰীয় সংস্থাৰ এনে চাপ সৃষ্টি বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ