--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলো অভিভাৱকে বিচাৰে যে তেওঁলোকৰ সন্তানৰ উন্নতি হওক আৰু ভৱিষ্যতে এজন ভাল মানুহ হওক, কিন্তু  অভিভাৱকসকলে বুজিব লাগিব যে তেওঁলোকৰ প্ৰচেষ্টাৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নহয়।  দৈনন্দিন অভ্যাসত সৰু সৰু পৰিৱৰ্তন কৰি তেওঁলোকে এজন ভাল অভিভাৱক হ’ব পাৰে ।

যিকোনো কামৰ দৰেই অভিভাৱকত্বৰ ক্ষেত্ৰতো প্ৰতিদিনে উন্নতি হোৱাটো প্ৰয়োজন। আনকি আপোনাৰ সৰু সৰু কথা আৰু অভ্যাসেও ডাঙৰ প্ৰভাৱ পেলাব পাৰে যিয়ে শিশুটিৰ ওপৰত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে অভিভাৱকসকলে তেওঁলোকৰ প্ৰতিটো অভ্যাস আৰু গতিবিধিৰ ওপৰত চকু ৰাখিব লাগে। আপোনাৰ সন্তানেও আপুনি কৰা কামবোৰ শিকে, গতিকে আপুনি প্ৰতিদিনে ভাল কাম কৰাতো প্ৰয়োজন যাতে আপোনাৰ সন্তান আপোনাক দেখাৰ পিছত এজন ভাল মানুহ হৈ পৰে।

কিছুমান সৰু সৰু অভিভাৱকত্বৰ অভ্যাস বা অভিভাৱকসকলে নিজকে উন্নত কৰিবলৈ আৰু ভাল হ’বলৈ কৰিব পাৰে। যদি আপুনি শ্ৰেষ্ঠ অভিভাৱক হ’ব বিচাৰে তেন্তে এই সৰু সৰু অভ্যাসবোৰ গ্ৰহণ কৰক।

১) দিনটোৰ প্ৰথম কথা

ৰাতিপুৱা সন্তানৰ লগত ভালকৈ কথা পাতিব লাগে, দিনটো ইতিবাচকতাৰে আৰম্ভ কৰিব লাগে। যেতিয়াই আপুনি আপোনাৰ সন্তানৰ  সৈতে ভাল কথা পাতি দিনটো আৰম্ভ কৰিব, তেতিয়াই তেওঁৰ মনটো আনন্দৰে ভৰি পৰিব। মৰম, আনন্দ আৰু ইতিবাচকতাৰে দিনটো আৰম্ভ কৰক। আনকি আপোনাৰ হাঁহিটোৱেও তেওঁকো বহুত ইতিবাচকতা দিব পাৰে। এই সৰু অভ্যাসৰ দ্বাৰা আপোনাৰ শিশুটিয়ে ভালদৰে বন্ধন গঢ়ি তুলিব আৰু শিশুৱে প্ৰথমে সাৰ পাই আপোনাৰ ওচৰলৈ আহিব বিচাৰিব।

২) তেওঁলোকৰ অনুভৱবোৰ প্ৰথমে বুজি লওক

যদি আপোনাৰ সন্তানে অজানিতে খং কৰে বা  নিজৰ মনৰ কথা ক’ব নোৱাৰে তেন্তে প্ৰথমে তেওঁক কাৰণ সুধিব লাগে। কিয় বিচলিত হৈছে বা ইমান খং উঠিছে কিয় এই সম্পৰ্কে কথা পাতিব লাগে। প্ৰথমে তেওঁৰ উত্তৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। আপোনাৰ সন্তানক তেওঁৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক।

৩) মূল্যবোধ গঢ়ি তুলিবলৈ চেষ্টা কৰক

প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক ভাল মূল্যবোধ প্ৰদান কৰিব বিচাৰে। আপুনি নিবিচাৰে যে আপোনাৰ সন্তানে বিৰক্ত হওক বা আনক আমনি কৰক। কিন্তু এই লক্ষ্য বৰ সহজ পদ্ধতি নহয় বৰঞ্চ কঠিন পদ্ধতিহে। শিশুৰ মাজত ভাল মূল্যবোধৰ বীজ সিঁচাৰ এক ফলপ্ৰসূ উপায় হৈছে তেওঁক পতিয়ন নিয়াওক যে ভাল বা বেয়া হোৱাটো তেওঁৰ নিজা পছন্দ। ই আপোনাৰ সন্তানক ভাল হোৱাত সহায় কৰিব পাৰে।

৪) খং উঠিলে কি কৰিব 

যেতিয়াই শিশুৰ দুষ্টামিত আমি ভাগৰি পৰো তেতিয়াই খং উঠে। আৰু খঙত কিছুমান ভুল কথা কোৱা হয় যিয়ে শিশুটিৰ হৃদয়ত আঘাত দিব পাৰে। খং উঠিলেই এখোজ পিছুৱাই যাওক। সন্তানৰ পৰা আঁতৰি আহি দীঘলকৈ উশাহ লওক নিজকে বুজাওক। এইদৰে আপুনি প্ৰথমে নিজকে শান্ত কৰিব পাৰে আৰু তাৰ পিছত পৰিস্থিতি বুজি পোৱাৰ পিছত সিদ্ধান্ত ল’ব পাৰে।

৫) অৱহেলা নকৰিব

আনৰ প্ৰতি আপোনাৰ আগ্ৰহ কেৱল শৰীৰৰ ভাষাৰ দ্বাৰাহে জনা যায়‌ বা বুজা যায়। যেতিয়া শিশুটিয়ে নিজৰ দিনটোৰ কিছুমান সুন্দৰ মুহূৰ্ত আপোনাৰ লগত শ্বেয়াৰ কৰে তেতিয়া আপুনি তেওঁৰ দৃষ্টি আকৰ্ষণ কৰা উচিত। তেওঁক সম্পূৰ্ণ মনোযোগ দিয়ক আৰু তেওঁক কেতিয়াও অৱহেলা নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ