--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধৰ্মীয় বিশ্বাসেই হওক বা সৌন্দৰ্য্যবৰ্ধনৰ কাৰণেই হওক আজিকালি সকলো লোকৰ ঘৰতে ‘মানি প্লাণ্ট’ ৰোপণ কৰা দেখা যায়। বহু গছ-গছনিক সুখ-সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয় যদিও ইয়াৰ ভিতৰত ‘মানি প্লাণ্ট’ৰ গুৰুত্ব অপৰিসীম। কিন্তু ঘৰত কেৱল ‘মানি প্লাণ্ট’ ৰুলেই নহ’ব, ইয়াৰ পৰা আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ হ’লে এইকেইটা টিপছ মানি চলিব লাগিব।

 জানো আহক কি কি?

১. ঘৰৰ উত্তৰ-পূব দিশত মানি প্লাণ্ট ৰোপণ কৰিলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানি প্লাণ্ট সদায় ঘৰৰ দক্ষিণ পূব দিশত ৰোপণ কৰিলে শুভ ফল প্ৰদান কৰে।

২. মানি প্লাণ্ট কেতিয়াও শুকাই যাব দিব নালাগে, কাৰণ মানি প্লাণ্টৰ শুকান পাতে ঘৰলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে। সেয়ে মানি প্লাণ্টৰ পৰা শুকান পাতবোৰ আঁতপাই পেলাব লাগে বা ঘৰত নতুনকৈ মানি প্লাণ্ট ৰোপণ কৰিব লাগে।

৩. মানি প্লাণ্ট ঘৰৰ বাহিৰত কেতিয়াও ৰোপণ কৰিব নালাগে। মা্নি প্লাণ্ট সদায় ঘৰৰ ভিতৰত ৰুলেহে শুভ ফল লাভ কৰে।

৪. মানি প্লাণ্টৰ লতা সদায় তলৰ পৰা ওপৰলৈ উঠা দিব লাগে। ইয়াৰ লাঠী বা সূতাৰ সহায়ত মানি প্লাণ্ট লতাডাল ওপৰলৈ তুলি দিব লাগে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ সুখ-সমৃদ্ধি বৃদ্ধি হয়।

৫. মানি প্লাণ্ট কেতিয়াও প্লাষ্টিকৰ বটল বা পাত্ৰত ৰুব নালাগে, ইয়াৰ ফলত আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’ব পাৰে। কাঁচ বা মাটিৰ পাত্ৰত মানি প্লাণ্ট ৰোপণ কৰা শুভ বুলি গণ্য কৰা হয়।

৬. মানি প্লাণ্ট কেতিয়াও উপহাৰ হিচাপে দিব নালাগে। এেন কৰিলে শুক্ৰ গ্ৰহ ৰুষ্ট হয় বুলি বিশ্বাস কৰা হয়। শুক্ৰ গ্ৰহত সুখ আৰু শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ