--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাধীনতা দিৱস কাষ চাপি অহাৰ সমান্তৰালভাৱে দেশত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ দেশৰ সুৰক্ষাৰ স্বাৰ্থত সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা।পোন্ধৰ আগষ্টত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ আশংকাত আগষ্ট মাহৰ ৮ তাৰিখে  ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে জম্মুৰ দ’দা জিলাত কিছু অনুসন্ধানমূলক অভিযান চলায় ৷

জম্মু- কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ ফ’ৰ্চে অভিযান চলোৱা ঠাই সমূহ চাৰিওফালৰ পৰা ঘেৰি ৰাখিছে৷ আনকি অভিযান চলোৱা ঠাইসমূহত বিশেষ কিছুমান নীতিও বলবৎ কৰা হৈছে৷ 

জানিব পৰা মতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কিত কিছুমান ভিডিঅ’  আৰু সন্দেহজনক তথ্য জব্দ কৰিছে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল নাগৰিকৰ বিত্তীয় লেনদেনৰ প্ৰতি চকু ৰাখিছে৷ লগতে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ সৈতে ধনৰ লেনদেন কৰা সকলৰ ম’বাইল ফোনও নজৰত ৰখা হৈছে৷ 

উল্লেখযোগ্য যে জম্মুত শান্তি-শৃংখলা বিঘ্নিত কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰখা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে লোকৰ বৰ্ধিত সংখ্যাৰ বাবেই অনুসন্ধান অভিযান চলাবলৈ বাধ্য হৈ পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা৷ জম্মুৰ দ’দা জিলাত এবছৰ পূৰ্বেও আজিৰ দিনটোতে অনুসন্ধান অভিযান চলোৱা হৈছিল৷ 

তদুপৰি অভিযানৰ সময়তেই পুঞ্চ জিলাত এটা গ্ৰেনেডো পোৱা গৈছে৷ তদুপৰি SIA য়ে 
জম্মু কাশ্মীৰৰ মুঠ সাতটা স্থানত অনুসন্ধান চলাইছে বুলি জনা গৈছে৷ এই ঠাই সমূহ হৈছে উত্তৰ কাশ্মীৰৰ বাৰমুল্লা, পুঞ্চ আৰু কুপৱাৰা৷  আনহাতে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শংকাত অমৰনাথ যাত্ৰাৰ বাবে যাত্ৰী আগমন হ্ৰাস পোৱাত জম্মুত স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ