--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাধীনতা দিৱস কাষ চাপি অহাৰ সমান্তৰালভাৱে দেশত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷ দেশৰ সুৰক্ষাৰ স্বাৰ্থত সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা।পোন্ধৰ আগষ্টত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ আশংকাত আগষ্ট মাহৰ ৮ তাৰিখে  ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে জম্মুৰ দ’দা জিলাত কিছু অনুসন্ধানমূলক অভিযান চলায় ৷

জম্মু- কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ ফ’ৰ্চে অভিযান চলোৱা ঠাই সমূহ চাৰিওফালৰ পৰা ঘেৰি ৰাখিছে৷ আনকি অভিযান চলোৱা ঠাইসমূহত বিশেষ কিছুমান নীতিও বলবৎ কৰা হৈছে৷ 

জানিব পৰা মতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কিত কিছুমান ভিডিঅ’  আৰু সন্দেহজনক তথ্য জব্দ কৰিছে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল নাগৰিকৰ বিত্তীয় লেনদেনৰ প্ৰতি চকু ৰাখিছে৷ লগতে নিষিদ্ধ ঘোষিত সংগঠন সমূহৰ সৈতে ধনৰ লেনদেন কৰা সকলৰ ম’বাইল ফোনও নজৰত ৰখা হৈছে৷ 

উল্লেখযোগ্য যে জম্মুত শান্তি-শৃংখলা বিঘ্নিত কৰাৰ স্বাৰ্থত সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰখা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে লোকৰ বৰ্ধিত সংখ্যাৰ বাবেই অনুসন্ধান অভিযান চলাবলৈ বাধ্য হৈ পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা৷ জম্মুৰ দ’দা জিলাত এবছৰ পূৰ্বেও আজিৰ দিনটোতে অনুসন্ধান অভিযান চলোৱা হৈছিল৷ 

তদুপৰি অভিযানৰ সময়তেই পুঞ্চ জিলাত এটা গ্ৰেনেডো পোৱা গৈছে৷ তদুপৰি SIA য়ে 
জম্মু কাশ্মীৰৰ মুঠ সাতটা স্থানত অনুসন্ধান চলাইছে বুলি জনা গৈছে৷ এই ঠাই সমূহ হৈছে উত্তৰ কাশ্মীৰৰ বাৰমুল্লা, পুঞ্চ আৰু কুপৱাৰা৷  আনহাতে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শংকাত অমৰনাথ যাত্ৰাৰ বাবে যাত্ৰী আগমন হ্ৰাস পোৱাত জম্মুত স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু