--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি আৰম্ভ কৰা বিজেপিৰ পৰিকল্পিত ‘অপাৰেচন লটাচ'ত হঠাতে লাগিছে কেৰোণ। মহাৰাষ্ট্ৰত সূচাৰুৰূপত এই অপাৰেচন লটাচ কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত এইবাৰ এই বিজেপিৰ এই নীতি উভালি পৰিছে বিহাৰত। বিজেপিৰ এই অভিলাসী কূটকৌশলক প্ৰতিহত কৰি বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে মিত্ৰশক্তি জনতা দল (ইউনাইটেড)। শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ অংশস্বৰূপে আজি প্ৰায় নিশ্চিত হৈ পৰিছে বিহাৰৰ জেডিইও আৰু বিজেপি চৰকাৰৰ পতন। বিজেপিৰ পৰিকল্পিত ৰাজনীতিৰ জাল ফালি ওলাই অহাৰ যো-জা প্ৰায় সম্পূৰ্ণ কৰিছে নীতিশ কুমাৰৰ জেডিইউ- এ। বিগত কিছুদিন ধৰি বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বিৰুদ্ধে চতুৰতাৰে স্থিতি গ্ৰহণ কৰি অহা নীতিশ কুমাৰে বিজেপিৰ সঙ্গ ত্যাগ কৰি পুনৰ লালু প্ৰসাদ যাদৱৰ আৰজেডি- ৰ কাষ চাপিছে। প্ৰায় নিশ্চিত হৈ পৰিছে এই নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনা। 

ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দলীয় বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে আৰু বিজেপিৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত চূড়ান্ত কৰিছে বুলি জানিব পৰা গৈছে। কুমাৰে শেহতীয়াকৈ কেবিনেটৰ পৰা বিজেপিৰ সদস্যসকলক পদত্যাগৰ বাবেও আহ্বান জনাইছে। নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ লৈ কিছু সময় পিছতে বিহাৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ আৰু লালুপুত্ৰ তথা আৰজেডি নেতা তেজস্বী যাদৱ। ইফালে কুমাৰে মিত্ৰতাৰ প্ৰস্তাৱ লৈ কংগ্ৰেছ মুৰব্বী ছোনিয়া গান্ধীৰ সৈতেও শেহতীয়াকৈ যোগাযোগ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছিল। নীতিশ কুমাৰৰ প্ৰতি সম্ভাৱ্য সমৰ্থনৰ ওপৰত নিজৰ স্থিতি নিৰ্ণয় কৰিবলৈ কংগ্ৰেছেও বিহাৰত কেইবালানি বৈঠকত মিলিত হোৱাৰ খবৰ পোৱা গৈছে। 

উল্লেখ্য যে নীতিশ কুমাৰে শেহতীয়াকৈ বিজেপিয়ে মহাৰাষ্ট্ৰৰ দৰেই বিহাৰতো শাসকীয় জনতা দল (ইউনাইটেড)ক বিভক্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছে বুলি অভিযোগ কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই উদ্দেশ্যত প্ৰধান পৃষ্ঠপোষক হিচাপে কাম কৰাৰ পৰোক্ষ ইঙ্গিত দিছিল কুমাৰে। জেডিইউৰ সভাপতি ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙেও “অমিত শ্বাহে আমাৰ দলীয় বিষয় নিৰ্ণয় কৰাৰ অধিকাৰ নাই” বুলি শেহতীয়াকৈ মন্তব্য কৰিছিল।  এই কূটকৌশলক বাস্তৱায়িত কৰাৰ বাবে বিজেপিয়ে জেডিইউ- ৰ প্ৰাক্তন নেতা আৰচিপি সিঙক ব্যৱহাৰ কৰিছে বুলি দাবী কৰিছিল নীতিশ কুমাৰে। উল্লেখ্য যে দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছতে সিঙে যোৱা সপ্তাহত জেডিইউ ত্যাগ কৰিছিল। 

নীতিশ কুমাৰৰ শেহতীয়া এই স্থিতিত প্ৰধানকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে প্ৰভাৱ পেলোৱা বুলি ভাবিব পাৰি। নীতিশ কুমাৰ নিশ্চিত যে অমিত শ্বাহে বিহাৰত মহাৰাষ্ট্ৰৰ আৰ্হি পুনৰাবৃত্তি কৰিব বিচাৰে। যিদৰে বিজেপিয়ে একনাথ সিন্দেক সমুখত ৰাখি উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ পতন ঘটাইছিল, সেই একেদৰেই আৰচিপি সিঙক ব্যৱহাৰ কৰি তেওঁৰ চৰকাৰ ভঙাৰ পৰিকল্পনাত অমিত শ্বাহ লিপ্ত হোৱা বুলি নীতিশ কুমাৰ নিশ্চিত হৈ পৰিছিল। আৰু এই পৰিকল্পনাক প্ৰতিহত কৰিবলৈকে কুমাৰে শেহতীয়াকৈ আৰজেডিৰ কাষ চাপিছিল। আৰজেডি নেতা তেজস্বী যাদৱেও নীতিশ কুমাৰৰ সৈতে মিত্ৰজোঁটত বান্ধ খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। 

উল্লেখ্য যে বিহাৰেই হৈছে হিন্দীবলয়ৰ একমাত্ৰ ৰাজ্য, যি ৰাজ্যত বিজেপিয়ে কেতিয়াও অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই। বিগত সাধাৰণ নিৰ্বাচনত মুঠ ২৪৩ খন আসনৰ ভিতৰত ৭৪ খন আসন লাভ কৰাৰ পিছতো বিজেপিয়ে মাত্ৰ ৪৩ খন আসন লাভ কৰা জেডিইউৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিব লগা হৈছিল।

কিন্তু ৰাজ্যখনত নিজৰ ভেটি মজবুত কৰাৰ স্বাৰ্থত বিজেপিয়ে বিহাৰৰ ৰাজনীতিত এক সুকীয়া আসন দখল কৰি নীতিশ কুমাৰক ক্ৰমশ: দুৰ্বল কৰি তোলাৰ প্ৰচেষ্টাত লিপ্ত হৈছিল। কিন্তু দীৰ্ঘকালীন ৰাজনৈতিক পৰিক্ৰমাৰে পুষ্ট অভিজ্ঞ ৰাজনীতিবিদ কুমাৰে বিজেপিৰ এই পৰিকল্পনা ঠিকেই অনুধাৱন কৰিব পাৰিছিল আৰু দলটোৰ এই বিয়াগোম ‘অপাৰেচন লটাচ’ কাৰ্যসূচীক বাধা প্ৰদানৰ বাবে নতুন ৰাজনৈতিক চালনাৰ আশ্ৰয় লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ