--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত কাৰাবন্দী হৈ ৪০ দিনৰ জামিনত মুক্তিলাভ কৰিয়ে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে বাবা ৰাম ৰহিমে। শেহতীয়াকৈ তেওঁ তোলনীয়া কন্যা হানিপ্ৰীতৰো নাম সলনি কৰিছে। এতিয়াৰে পৰা হানিপ্ৰীতক ৰোহানী দিদি, চমুকৈ ৰুহদি নামেৰে মাতিব পৰা যাব।

উল্লখ্য যে ৪১ বৰ্ষীয়া হানীপ্ৰীতো ৰাম ৰহিমৰ সমানেই বিতৰ্কিত। নিজকে ‘পাপা কী পৰী’ হিচাপে আখ্যা দিয়া হানীপ্ৰীতে ৰাম ৰহিমৰ বিভিন্ন অনুষ্ঠানত অংশ লৈ আহিছে।

কিন্তু হানিপ্ৰীতৰ স’তে কিধৰণৰ সম্পৰ্ক বাবা ৰাম ৰহিমৰ? ৰাজহুৱা জীৱনত তোলনীয়া জী হিচাপে চিনাকি দিলেও সঁচাকৈয়ে জীয়েক আৰু পিতাকৰ সম্পৰ্ক আছেনে তেওঁলোকৰ মাজত?

হানিপ্ৰীতি এগৰাকী বিবাহিতা মহিলা আছিল। ১৯৯৯ চনত বিশ্বাস গুপ্তৰ স’তে তেওঁৰ বিবাহ হৈছিল। ১১ বছৰৰ পাছত তেওঁলোকৰ দাম্পত্য জীৱনত আৱিৰ্ভাৱ ঘটে ৰাম ৰহিমৰ। হানিপ্ৰীতে সঘন মিলা-মিছা কৰিব ধৰে ৰাম ৰহিমৰ স’তে।

তাৰপাছত হানীপ্ৰীতে দাম্পত্য জীৱন ত্যাগ কৰে। থাকিবলৈ লয় ৰাম ৰহিমৰ স’তে। নিজৰ পৰিচয় ৰাম ৰহিমৰ তোলনীয়া জীয়েক হিচাপে দিবলৈ ধৰে।

কিন্তু হানীপ্ৰীতৰ স্বামী বিশ্বাস গুপ্তই অভিযোগ কৰে ২০১১ চনত হানিপ্ৰীতৰ স’তে ৰাম ৰহিমক যৌনসংগমৰত অৱস্থাত ধৰা পেলোৱা হৈছিল। তাৰপাছতে হানিপ্ৰীত আৰু ৰাম ৰহিম, দুয়োৱে বিশ্বাস গুপ্তক হত্যাৰ ভাবুকি দিয়ে।

এই হত্যা-ধৰ্ষণৰ স’তে ৰাম ৰহিমৰ উতঃপ্ৰোত সম্পৰ্ক আছে। এইধৰণৰ এটা গোচৰতে তেওঁ কাৰাবন্দী হৈ আহিছে। গোচৰটো হৈছে ২০০২ চনৰ। সেই বৰ্ষতে সাংবাদিক ৰামচন্দ্ৰ ছত্ৰপতিয়ে ‘পুৰা সচ্’ নামৰ সংবাদপত্ৰখনত ৰাম ৰহিমে এগৰাকী শিষ্যাক ধৰ্ষণ কৰা বুলি এটা বাতৰি প্ৰকাশ কৰিছিল। তাৰপাছতে সাংবাদিকগৰাকীক হত্যা কৰা হয়।

ঘটনাটোত ৰাম ৰহিমক অভিযুক্ত সাব্যষ্ট কৰা হয়। চিবিআইৰ তদন্ত আৰু বহু আইনী প্ৰক্ৰিয়াৰ মাজেৰে দোষী সাব্যষ্ট কৰা হয় ৰাম ৰহিমক।

ৰাম ৰহিমৰ জামিন লাভ কৰি ৪০ দিনৰ মুক্তি লাভ কৰিলেও ইয়াৰ তীব্ৰ বিৰোধিতা হোৱা দেখা গৈছে। এই সংক্ৰান্তত দিল্লী মহিলা আয়োগৰ সচিব স্বাতী মালিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত লিখা হৈছে যে ৰাম ৰহিমৰ দৰে অপৰাধীক জেলৰ পৰা মুক্তি দিয়াটো অন্যায় হৈছে। ৰাম ৰহিমৰ আৰ্শীবাদ ল’বলৈ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী-নেতাসকলকো সমালোচনা কৰা হৈছে পত্ৰখনত।

উল্লেখ্য যে ৰাম ৰহিমৰ এই মুক্তিক লৈ উত্তপ্ত হৈ আছে হাৰিয়ানাৰ ৰাজনীতি। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। তেনেস্থলত ৰাম ৰহিমৰ মুক্তি বিজেপিৰ ৰাজনৈতিক কৌশল হিচাপে অনেকে গণ্য কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু