--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত কাৰাবন্দী হৈ ৪০ দিনৰ জামিনত মুক্তিলাভ কৰিয়ে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে বাবা ৰাম ৰহিমে। শেহতীয়াকৈ তেওঁ তোলনীয়া কন্যা হানিপ্ৰীতৰো নাম সলনি কৰিছে। এতিয়াৰে পৰা হানিপ্ৰীতক ৰোহানী দিদি, চমুকৈ ৰুহদি নামেৰে মাতিব পৰা যাব।

উল্লখ্য যে ৪১ বৰ্ষীয়া হানীপ্ৰীতো ৰাম ৰহিমৰ সমানেই বিতৰ্কিত। নিজকে ‘পাপা কী পৰী’ হিচাপে আখ্যা দিয়া হানীপ্ৰীতে ৰাম ৰহিমৰ বিভিন্ন অনুষ্ঠানত অংশ লৈ আহিছে।

কিন্তু হানিপ্ৰীতৰ স’তে কিধৰণৰ সম্পৰ্ক বাবা ৰাম ৰহিমৰ? ৰাজহুৱা জীৱনত তোলনীয়া জী হিচাপে চিনাকি দিলেও সঁচাকৈয়ে জীয়েক আৰু পিতাকৰ সম্পৰ্ক আছেনে তেওঁলোকৰ মাজত?

হানিপ্ৰীতি এগৰাকী বিবাহিতা মহিলা আছিল। ১৯৯৯ চনত বিশ্বাস গুপ্তৰ স’তে তেওঁৰ বিবাহ হৈছিল। ১১ বছৰৰ পাছত তেওঁলোকৰ দাম্পত্য জীৱনত আৱিৰ্ভাৱ ঘটে ৰাম ৰহিমৰ। হানিপ্ৰীতে সঘন মিলা-মিছা কৰিব ধৰে ৰাম ৰহিমৰ স’তে।

তাৰপাছত হানীপ্ৰীতে দাম্পত্য জীৱন ত্যাগ কৰে। থাকিবলৈ লয় ৰাম ৰহিমৰ স’তে। নিজৰ পৰিচয় ৰাম ৰহিমৰ তোলনীয়া জীয়েক হিচাপে দিবলৈ ধৰে।

কিন্তু হানীপ্ৰীতৰ স্বামী বিশ্বাস গুপ্তই অভিযোগ কৰে ২০১১ চনত হানিপ্ৰীতৰ স’তে ৰাম ৰহিমক যৌনসংগমৰত অৱস্থাত ধৰা পেলোৱা হৈছিল। তাৰপাছতে হানিপ্ৰীত আৰু ৰাম ৰহিম, দুয়োৱে বিশ্বাস গুপ্তক হত্যাৰ ভাবুকি দিয়ে।

এই হত্যা-ধৰ্ষণৰ স’তে ৰাম ৰহিমৰ উতঃপ্ৰোত সম্পৰ্ক আছে। এইধৰণৰ এটা গোচৰতে তেওঁ কাৰাবন্দী হৈ আহিছে। গোচৰটো হৈছে ২০০২ চনৰ। সেই বৰ্ষতে সাংবাদিক ৰামচন্দ্ৰ ছত্ৰপতিয়ে ‘পুৰা সচ্’ নামৰ সংবাদপত্ৰখনত ৰাম ৰহিমে এগৰাকী শিষ্যাক ধৰ্ষণ কৰা বুলি এটা বাতৰি প্ৰকাশ কৰিছিল। তাৰপাছতে সাংবাদিকগৰাকীক হত্যা কৰা হয়।

ঘটনাটোত ৰাম ৰহিমক অভিযুক্ত সাব্যষ্ট কৰা হয়। চিবিআইৰ তদন্ত আৰু বহু আইনী প্ৰক্ৰিয়াৰ মাজেৰে দোষী সাব্যষ্ট কৰা হয় ৰাম ৰহিমক।

ৰাম ৰহিমৰ জামিন লাভ কৰি ৪০ দিনৰ মুক্তি লাভ কৰিলেও ইয়াৰ তীব্ৰ বিৰোধিতা হোৱা দেখা গৈছে। এই সংক্ৰান্তত দিল্লী মহিলা আয়োগৰ সচিব স্বাতী মালিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত লিখা হৈছে যে ৰাম ৰহিমৰ দৰে অপৰাধীক জেলৰ পৰা মুক্তি দিয়াটো অন্যায় হৈছে। ৰাম ৰহিমৰ আৰ্শীবাদ ল’বলৈ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী-নেতাসকলকো সমালোচনা কৰা হৈছে পত্ৰখনত।

উল্লেখ্য যে ৰাম ৰহিমৰ এই মুক্তিক লৈ উত্তপ্ত হৈ আছে হাৰিয়ানাৰ ৰাজনীতি। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। তেনেস্থলত ৰাম ৰহিমৰ মুক্তি বিজেপিৰ ৰাজনৈতিক কৌশল হিচাপে অনেকে গণ্য কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক