--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘এতিয়া আয়কৰ বিভাগহে আহিছে, চিবিআই আহিব, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আহিব…।’ দেশৰ ৰাজনীতিৰ এটা অশুভ পৰম্পৰাক কটাক্ষ কৰি এই মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ ক্ৰমাৎ তীব্ৰ হ’বলৈ ধৰাৰ সময়তে কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলে তেওঁলোকৰ ‘বহু চৰ্চিত’ আৰু ‘বহু বিতৰ্কিত’ খেলখন খেলিবলৈ আৰম্ভ কৰিছে। বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে আৰম্ভ হৈছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্ত। উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ পক্ষে নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰাৰ সময়তে বিজেপি চাপৰ সন্মুখীন হোৱাটো স্পষ্ট হৈ পৰিছে।

ইতিমধ্যেই দীঘলীয়া কাৰ্যসূচী হৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশৰ সাংসদসকলৰ সৈতে ভাগে ভাগে চলিছে মোদীৰ বৈঠক। ইটোৰ পাছত সিটো প্ৰকল্পৰে চমক দিয়াৰ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ মাজতে তৎপৰ হৈ পৰিছে বিজেপিৰ ‘বি টীম’ বুলি অভিহিত কেন্দ্ৰীয় সংস্থাসমূহ। শনিবাৰে পুৱাৰ ভাগতে অখিলেশৰ দলৰ এগৰাকী শীৰ্ষ নেতা আৰু তেওঁৰ সচিবৰ ঘৰত আয়কৰ বিভাগে তালাচী চলায়। আয়কৰৰ এই অভিযান নিৰ্বাচনকেন্দ্ৰিক বুলি অভিহিত কৰিছে অখিলেশ যাদৱে।
মই আগেয়েও কৈছোঁ আৰু এতিয়াও কওঁ যে, নিৰ্বাচন চমু চপাৰ লগে লগে এইবোৰ কাৰ্য আৰম্ভ হয়। এতিয়া আয়কৰৰ দল আহিছে, আগলৈ ইডি আহিব, চিবিআই আহিব।

কিন্তু সমাজবাদী পাৰ্টীৰ চাইকেলৰ গতি ৰুদ্ধ নহয়, ই সমান গতিবেগেৰে চলি থাকিব। উত্তৰ প্ৰদেশৰ পৰা বিজেপিক উৎখাত কৰা হ’ব। জনগণত মূৰ্খ সজাই থাকিব নোৱাৰি। ৰাজীৱ ৰাইৰ ঘৰত এমাহ আগেয়ে তালাচী চলোৱা হোৱা নাছিল কিয়? এতিয়া কিয় তালাচী চলিছে? কাৰণ নিৰ্বাচনৰ দিন চমু চাপিছে? এই ঘটনাক লৈ কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অখিলেশ। তেওঁ কয়, বিজেপি কংগ্ৰেছৰ পথেৰেই আগবাঢ়িছে। পূৰ্বে কাৰোবাক ভয় দেখুৱাবলৈ হ’লে কংগ্ৰেছে এই কৌশল গ্ৰহণ কৰিছিল, বিজেপিয়েও এতিয়া তাকেই কৰিছে। নিৰ্বাচনৰ আগে আগে এনেদৰে তালাচী আৰম্ভ কৰা আয়কৰ বিভাগেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক বুলিও তেওঁ কটাক্ষ কৰে।


উল্লেখ্য যে শনিবাৰে পুৱা সমাজবাদী পাৰ্টীৰ নেতা তথা মুখপাত্ৰ ৰাজীৱ ৰাই আৰু অখিলেশৰ ব্যক্তিগত সচিব জিতেন্দ্ৰ যাদৱৰ ঘৰত আয়কৰ বিভাগে তালাচী চলাইছিল। দলটোৰ আন এজন যাদৱৰ নেতা মনোজ যাদৱৰ ঘৰটো তালাচী চলায় আয়কৰ বিভাগে। ৰাজ্যখনৰ পূব প্ৰান্তৰ মৌ জিলাত থকা ৰাইৰ ঘৰত আজি পুৱা বাৰানসীৰ পৰা যোৱা আয়কৰ বিভাগৰ এটা দলে তালাচী চলায়। কৰ্ণাটকত ভালেমান শৈক্ষিক প্ৰতিষ্ঠান ৰাইৰ এটা কোম্পানী সম্পৰ্কত এই তালাচী চলোৱা বুলি জানিব পৰা গৈছে। এই তালাচী চলাৰ খবৰ পোৱাৰ পাছতে অখিলেশে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘বিজেপিৰ পৰাজিত হোৱাৰ ভয় যিমানে বাঢ়ি যাব, সিমানে বিৰোধীৰ ওপৰত তালাচীৰ হেঁচা বাঢ়ি যাব। তথাপি সমাজবদী পাৰ্টীৰ ৰথৰ চকা অগ্ৰসৰ হৈয়েই থাকিব। এতিয়া সমগ্ৰ জনতা বিৰোধীৰ সৈতে বিজেপিৰ বিৰুদ্ধে ঠিয় হৈ আছে। এতিয়া উত্তৰ প্ৰদেশৰ ২২কোটি জনতাৰ ঘৰত বিজেপিয়ে তালাচী চলাব নেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন