--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ফেংছুইৰ মতে মুঠেও ভাল নহয়। বিশেষকৈ নিশাৰ ভাগত বহুতেই বিছনাৰ কাষতে পানীৰ বটল অথবা জাগ আদি ৰাখে। কিন্তু শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ভাল নে?  সাধাৰণতে মানুহ যিটো কোঠাত শোৱে সেই কোঠাটোত  সহজে ঢুকি পাব পৰা অৱস্থাত পানীৰ পাত্ৰ, ফিল্টাৰ, জলাধাৰ আদি ৰাখে। 

সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এয়া যথেষ্ট সুবিধাজনক কাম। কিন্তু ফেংছুইৰ মতে যিটো কোঠাত মানুহে শোৱে সেই কোঠাটোত কেতিয়াও পানীৰ কোনো পাত্র, জলাধাৰ, একুৱাৰিয়াম, ফিল্টাৰ আদি ৰাখিব নালাগে। এনেদৰে পানীৰ কোনো পাত্ৰ আদি শোৱনি কোঠাত ৰখাটো অমংগলৰ পৰিচায়ক বুলি ফেংছুইয়ে গণ্য কৰে। কেবল পানীৰ পাত্ৰই নহয়, শোৱনি কোঠাৰ ভিতৰত নৈ, নিজৰা, সমুদ্ৰ আদিৰ ছবিও ৰাখিব নালাগে ।

এনেদৰে শোৱনি কোঠাত নৈ, নিজৰা আদিৰ ছবি ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেয়ে যদি আপোনাৰ শোৱনি কোঠাৰ ভিতৰত কোনোধৰণৰ জলাধাৰ অথবা পানী সম্পৰ্কীয় কোনো ছবি আদি থাকে তেন্তে সেয়া তৎকালে আঁতৰাই পেলোৱা ভাল বুলি ফেংছুইয়ে বিধান দিছে।

পানী হৈছে উত্তৰ দিশত থকা প্ৰধান উপাদান। প্রকৃতিৰ পাঁচটা মূল উপাদানৰ ভিতৰত পানী হৈছে মুখ্য উপাদান। এই উপাদানে মানুহক জীয়াই ৰখাত সহায় কৰি আহিছে। কিন্তু এই উপাদান শোৱনি কোঠাত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰে। 

ফেংছুইৰ মতে শোৱনি কোঠাটো যদি উত্তৰ পিনে নিৰ্মাণ কৰা হয় তেন্তে সুখ-সমৃদ্ধি লাভত ব্যাঘাত জন্মিব পাৰে। উত্তৰ দিশটো যিহেতু পানীৰ অৱস্থানৰ দিশ সেইবাবে সেই দিশত শোৱনি কোঠা নিৰ্মাণ কৰিলে সুখ-শান্তি বিঘ্নিত হ’ব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা