--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ফেংছুইৰ মতে মুঠেও ভাল নহয়। বিশেষকৈ নিশাৰ ভাগত বহুতেই বিছনাৰ কাষতে পানীৰ বটল অথবা জাগ আদি ৰাখে। কিন্তু শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ভাল নে?  সাধাৰণতে মানুহ যিটো কোঠাত শোৱে সেই কোঠাটোত  সহজে ঢুকি পাব পৰা অৱস্থাত পানীৰ পাত্ৰ, ফিল্টাৰ, জলাধাৰ আদি ৰাখে। 

সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এয়া যথেষ্ট সুবিধাজনক কাম। কিন্তু ফেংছুইৰ মতে যিটো কোঠাত মানুহে শোৱে সেই কোঠাটোত কেতিয়াও পানীৰ কোনো পাত্র, জলাধাৰ, একুৱাৰিয়াম, ফিল্টাৰ আদি ৰাখিব নালাগে। এনেদৰে পানীৰ কোনো পাত্ৰ আদি শোৱনি কোঠাত ৰখাটো অমংগলৰ পৰিচায়ক বুলি ফেংছুইয়ে গণ্য কৰে। কেবল পানীৰ পাত্ৰই নহয়, শোৱনি কোঠাৰ ভিতৰত নৈ, নিজৰা, সমুদ্ৰ আদিৰ ছবিও ৰাখিব নালাগে ।

এনেদৰে শোৱনি কোঠাত নৈ, নিজৰা আদিৰ ছবি ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেয়ে যদি আপোনাৰ শোৱনি কোঠাৰ ভিতৰত কোনোধৰণৰ জলাধাৰ অথবা পানী সম্পৰ্কীয় কোনো ছবি আদি থাকে তেন্তে সেয়া তৎকালে আঁতৰাই পেলোৱা ভাল বুলি ফেংছুইয়ে বিধান দিছে।

পানী হৈছে উত্তৰ দিশত থকা প্ৰধান উপাদান। প্রকৃতিৰ পাঁচটা মূল উপাদানৰ ভিতৰত পানী হৈছে মুখ্য উপাদান। এই উপাদানে মানুহক জীয়াই ৰখাত সহায় কৰি আহিছে। কিন্তু এই উপাদান শোৱনি কোঠাত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰে। 

ফেংছুইৰ মতে শোৱনি কোঠাটো যদি উত্তৰ পিনে নিৰ্মাণ কৰা হয় তেন্তে সুখ-সমৃদ্ধি লাভত ব্যাঘাত জন্মিব পাৰে। উত্তৰ দিশটো যিহেতু পানীৰ অৱস্থানৰ দিশ সেইবাবে সেই দিশত শোৱনি কোঠা নিৰ্মাণ কৰিলে সুখ-শান্তি বিঘ্নিত হ’ব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন