--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ লোকসকলে ড্ৰেগনক যুগ যুগ ধৰি সৌভাগ্যৰ প্ৰতীক হিচাপে পূজা কৰি আহিছে। চীনা ড্ৰেগন এতিয়া কেবল চীনতেই নহয় সমগ্ৰ বিশ্বতেই পূজিত হৈছে। ড্ৰেগন দৰাচলতে এটি অদ্ভুত কাল্পনিক প্ৰাণী। পূব দিশৰ সৈতে ড্রোনৰ সম্পর্ক আছে। সেইবাবে ফেংছুইৰ  মতে পূব দিশত কাঠত খোদিত ড্রোনৰ মূৰ্তি ৰাখিব পাৰিলে শুভ ফল লাভ কৰা যায় ।

 ড্ৰেগনে কৰ্ম শক্তি বৃদ্ধি কৰাৰ লগতে নতুন কাম কৰিবলৈ মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। তদুপৰি ড্ৰেগন হৈছে প্রাণশক্তি তথা উৎসাহৰ প্ৰতীক। সেইবাবে ড্ৰেগনৰ মূৰ্তি যদি ঘৰৰ পূব দিশত ৰাখিব পাৰি তেন্তে সৌভাগ্য আৰু কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পায়। দৰাচলতে কৰ্মইহে মানুহক সৌভাগ্যৰ বাট মোকলাই দিয়ে। সেয়ে কর্ম শক্তি লাভ কৰিবলৈ মানুহে ড্ৰেগনৰ মূৰ্ত্তি ঘৰৰ পূব দিশত স্থাপন কৰিব লাগে। ড্ৰেগনৰ মূৰ্তি কাঠৰ উপৰি ছেৰামিক ক্ৰিষ্টেল আদিৰ দ্বাৰাও প্ৰস্তুত কৰা হয়। এনেধৰণৰ মূৰ্তিও ঘৰৰ পূব দিশত স্থাপন কৰিব পাৰি ।

 কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রোনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।

 বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিৰ পূৱ দিশত ড্ৰেগনৰ মূৰ্তি স্থাপন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ড্ৰেগনৰ মূৰ্তি পিছে কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। কাৰণ ড্রোন হৈছে সক্ৰিয়তাৰ প্ৰতীক। শোৱনি কোঠাত মানুহে ক্লান্ত শৰীৰ লৈ প্ৰৱেশ কৰে। মানুহে টোপনিৰ জৰিয়তে ক্লান্ত শৰীৰক পুনৰ সক্ৰিয় কৰে । যদি শোৱনি কোঠাত প্ৰাণ শক্তিৰ প্ৰতীক ড্ৰেগনৰ মূৰ্তি ৰখা হয় তেন্তে মানুহৰ টোপনিত ব্যাঘাত জন্মিব। সেইবাবে শোৱনি কোঠাত কেতিয়াও ড্ৰেগনৰ মূৰ্তি ৰাখিব নালাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ