--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেমু বুলিলে জিভাৰ পানী পৰা বহুজন ওলাব৷ নেমুই মানুহৰ শৰীৰ বহু ৰোগ নিৰাময় কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনতো সহায় কৰে৷ নেমুই মেদবহুলতাৰ সমস্যা দুৰ কৰাত সহায়ক হয়৷ ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে। নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো সুকীয়া । ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ চৰবত, জাম, জেলী বনাওঁতে, কেক আদি বিভিন্ন বেকাৰী খাদ্য সামগ্ৰীত নেমুৰ ৰস আৰু নেমুৰ বাকলি ব্যৱহাৰ হয়। ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী যেনে চাবোন, শ্বেম্পু, টুথপেস্ট আৰু প্ৰসাধন সামগ্ৰীতো নেমুৰ ব্যৱহাৰ হয়।

নেমুৰ বহুতো প্ৰকাৰ আছে, তাৰভিতৰত কাজি নেমু , গোল নেমু , জৰা নেমু , ইলাচি নেমু ইত্যাদি। অসমত হোৱা কাজি নেমু ভাৰতৰ আন ঠাইত পোৱাত অলপ অসুবিধা। প্ৰচুৰ পৰিমাণে ভিটামিন C থকা বাবে ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী এন্টিঅক্সিডেন্ট। ইয়াৰ উপৰিও ভিটামিন B কম্পলেক্স, ভিটামিন A, ভিটামিন K, ফলেট, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ, জিঙ্ক ইত্যাদি পোৱা যায়। নেমু খালে আমাৰ কি কি কি উপকাৰ হয় জানো আহক-

ভিটামিন চি থকা বাবে ই আমাৰ শৰীৰক বীজাণুৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰৰ পৰিৱৰ্তন হোৱাৰ সময়ত হোৱা চৰ্দি, জ্বৰ, কাহ আদি প্ৰতিৰোধ কৰে।বদহজম হ'লে আদা, ক'লা নিমখ আৰু নেমুৰ মিহলাই খালে সুফল পোৱা যায়৷ ইয়াত থকা মেগনেছিয়াম, পটাছিয়াম হাৰ্টৰ সুস্বাস্থ্যৰ বাবে উপকাৰী উপাদান। নেমুত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে, ৰক্তপ্ৰৱাহ বৃদ্ধি কৰে আৰু হাৰ্ট এটেক, স্ট্রোক আদিৰ পৰা বচাই ৰাখে। নেমুত থকা লিম'নিন নামৰ পদাৰ্থই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মেদবহুলতাৰ সমস্যাত নেমু উপকাৰী। পোৱা খালিপেটত এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস, মৌ মিহলাই খাব লাগে। ইয়াৰ লগত সঠিক খাদ্যাভ্যাস আৰু নিয়মিত শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। ভিটামিন চি থকা বাবে দাঁতৰ বিভিন্ন সমস্যাত উপকাৰী। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত নেমু খালে সুফল পোৱা যায়। নেমুৰ ৰস আৰু বেকিং চডা একেলগে মিহলাই দাঁত ঘঁহিলে দাঁত চিকচিকিয়া হৈ পৰে। ডায়েবেটিচ ৰোগীয়ে নিয়মিত ভাৱে নেমু সেৱন কৰিলে উপকৃত হয়। তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাতো ই সহায় কৰে।

তাৰউপৰিও সৌন্দৰ্য বৰ্ধনতো নেমুৰ অৱদান অতুলনীয়৷ ছাল, চুলিৰ পৰিচৰ্যা, মেনিকিউৰ , পেডিকিউৰ আদিত নেমু বহুলভাৱে ব্যৱহৃত হয়। সৌন্দৰ্য চর্চাত ই ছালৰ ক'লা দাগ হ্ৰাস হোৱাত সহায় কৰে৷ ছাল আৰু চুলিত উপযুক্ত উপাদান প্ৰদান কৰি সৌন্দৰ্য বৰ্ধন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান