--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেমু বুলিলে জিভাৰ পানী পৰা বহুজন ওলাব৷ নেমুই মানুহৰ শৰীৰ বহু ৰোগ নিৰাময় কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনতো সহায় কৰে৷ নেমুই মেদবহুলতাৰ সমস্যা দুৰ কৰাত সহায়ক হয়৷ ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে। নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো সুকীয়া । ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ চৰবত, জাম, জেলী বনাওঁতে, কেক আদি বিভিন্ন বেকাৰী খাদ্য সামগ্ৰীত নেমুৰ ৰস আৰু নেমুৰ বাকলি ব্যৱহাৰ হয়। ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী যেনে চাবোন, শ্বেম্পু, টুথপেস্ট আৰু প্ৰসাধন সামগ্ৰীতো নেমুৰ ব্যৱহাৰ হয়।

নেমুৰ বহুতো প্ৰকাৰ আছে, তাৰভিতৰত কাজি নেমু , গোল নেমু , জৰা নেমু , ইলাচি নেমু ইত্যাদি। অসমত হোৱা কাজি নেমু ভাৰতৰ আন ঠাইত পোৱাত অলপ অসুবিধা। প্ৰচুৰ পৰিমাণে ভিটামিন C থকা বাবে ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী এন্টিঅক্সিডেন্ট। ইয়াৰ উপৰিও ভিটামিন B কম্পলেক্স, ভিটামিন A, ভিটামিন K, ফলেট, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ, জিঙ্ক ইত্যাদি পোৱা যায়। নেমু খালে আমাৰ কি কি কি উপকাৰ হয় জানো আহক-

ভিটামিন চি থকা বাবে ই আমাৰ শৰীৰক বীজাণুৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰৰ পৰিৱৰ্তন হোৱাৰ সময়ত হোৱা চৰ্দি, জ্বৰ, কাহ আদি প্ৰতিৰোধ কৰে।বদহজম হ'লে আদা, ক'লা নিমখ আৰু নেমুৰ মিহলাই খালে সুফল পোৱা যায়৷ ইয়াত থকা মেগনেছিয়াম, পটাছিয়াম হাৰ্টৰ সুস্বাস্থ্যৰ বাবে উপকাৰী উপাদান। নেমুত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে, ৰক্তপ্ৰৱাহ বৃদ্ধি কৰে আৰু হাৰ্ট এটেক, স্ট্রোক আদিৰ পৰা বচাই ৰাখে। নেমুত থকা লিম'নিন নামৰ পদাৰ্থই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মেদবহুলতাৰ সমস্যাত নেমু উপকাৰী। পোৱা খালিপেটত এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস, মৌ মিহলাই খাব লাগে। ইয়াৰ লগত সঠিক খাদ্যাভ্যাস আৰু নিয়মিত শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। ভিটামিন চি থকা বাবে দাঁতৰ বিভিন্ন সমস্যাত উপকাৰী। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত নেমু খালে সুফল পোৱা যায়। নেমুৰ ৰস আৰু বেকিং চডা একেলগে মিহলাই দাঁত ঘঁহিলে দাঁত চিকচিকিয়া হৈ পৰে। ডায়েবেটিচ ৰোগীয়ে নিয়মিত ভাৱে নেমু সেৱন কৰিলে উপকৃত হয়। তেজৰ শৰ্কৰা নিয়ন্ত্রণ কৰাতো ই সহায় কৰে।

তাৰউপৰিও সৌন্দৰ্য বৰ্ধনতো নেমুৰ অৱদান অতুলনীয়৷ ছাল, চুলিৰ পৰিচৰ্যা, মেনিকিউৰ , পেডিকিউৰ আদিত নেমু বহুলভাৱে ব্যৱহৃত হয়। সৌন্দৰ্য চর্চাত ই ছালৰ ক'লা দাগ হ্ৰাস হোৱাত সহায় কৰে৷ ছাল আৰু চুলিত উপযুক্ত উপাদান প্ৰদান কৰি সৌন্দৰ্য বৰ্ধন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ