--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি।

ডিজিটেল ডেস্কঃ ভাত কেৰেলা খাই আপুনি কেনে পায়? আপুনি জানেনে ভাত কেৰেলা বহুত উপকাৰী পাচলি। ভাত কেৰেলা এক অতি শক্তিশালী পাচলি। ই স্বাস্থ্যক এটা নহয় বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। এই পাচলিৰ ইমান গুণ আছে যে মাত্ৰ কেইদিনমান খালেই আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ উঠিব।


ইয়াৰ ইংৰাজী নাম Spiny Gourd। ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে ই আমাৰ শৰীৰৰ আন আন উপাদানৰ লগতে ফাইবাৰৰো অভাৱো পূৰ্ণ কৰে।  এই পাচলি বিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাতকেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়। 


ভাতকেৰেলাৰ ঔষধি গুণসমূহ-


১) যদি কোনোবাই ওজন হ্রাস কৰিব বিচাৰে তেন্তে ভাত কেৰেলা খাওক। ওজন হ্ৰাস কৰাৰ বাবে ভিটামিন ‘C’ আৰু কম কেলৰি থকা খাদ্য অতি বেছি প্ৰয়োজনীয় আৰু ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ আকৌ ভাত কেৰেলাত অতি কম পৰিমাণৰ কেলৰি থাকে। গতিকে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প। 


২) ই প্ৰটিন আৰু লো সমৃদ্ধ আৰু ইয়াত কেলৰি কম থাকে। আঁহ আৰু এণ্টিঅক্সিডেণ্টো থাকে। সেয়হে ভাতকেৰেলা খোৱাৰ ফলত কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ হয়।


৩) এই পাচলিয়ে বাৰিষাৰ সময়ত হোৱা নানান সংক্ৰমণ হ্ৰাস কৰাতো সহায়ক হয়। 


৪) উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ভাতকেৰেলা যথেষ্ট উপকাৰী হয়। সতেজ ভাতকেৰেলাৰ ৰস উলিয়াই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায়তা কৰে। 


৫) ছালত সতেজ ভাতকেৰেলাৰ ৰস প্ৰয়োগ কৰিলে মুখৰ শালমইনা সমস্যাৰ পৰা মুক্ত হব পাৰি। 


৬) ভাত কেৰেলাত থকা লুইটেইনৰ (Lutein) দৰে কেৰোটোনইডবোৰে বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


৭) হজম উন্নত কৰাতো ভাত কেৰেলাই ভাল ভূমিকা পালন কৰে। আয়ুৰ্বেদত, ইয়াক এক ঔষধ বুলি গণ্য কৰা হয়, যাক বহুতো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।


গতিকে প্ৰতিদিনে নহ’লেও মাজে সময়ে ইয়াক খালে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। 


ভাতকেৰেলাত পোৱা যায় অধিক প্ৰটিন- বিশেষ প্ৰতিদিন অনুসৰি, মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰে সু-স্বাস্থ্যৰ বাবে যথেষ্ট প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু