--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি।

ডিজিটেল ডেস্কঃ ভাত কেৰেলা খাই আপুনি কেনে পায়? আপুনি জানেনে ভাত কেৰেলা বহুত উপকাৰী পাচলি। ভাত কেৰেলা এক অতি শক্তিশালী পাচলি। ই স্বাস্থ্যক এটা নহয় বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। এই পাচলিৰ ইমান গুণ আছে যে মাত্ৰ কেইদিনমান খালেই আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ উঠিব।


ইয়াৰ ইংৰাজী নাম Spiny Gourd। ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে ই আমাৰ শৰীৰৰ আন আন উপাদানৰ লগতে ফাইবাৰৰো অভাৱো পূৰ্ণ কৰে।  এই পাচলি বিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাতকেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়। 


ভাতকেৰেলাৰ ঔষধি গুণসমূহ-


১) যদি কোনোবাই ওজন হ্রাস কৰিব বিচাৰে তেন্তে ভাত কেৰেলা খাওক। ওজন হ্ৰাস কৰাৰ বাবে ভিটামিন ‘C’ আৰু কম কেলৰি থকা খাদ্য অতি বেছি প্ৰয়োজনীয় আৰু ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ আকৌ ভাত কেৰেলাত অতি কম পৰিমাণৰ কেলৰি থাকে। গতিকে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প। 


২) ই প্ৰটিন আৰু লো সমৃদ্ধ আৰু ইয়াত কেলৰি কম থাকে। আঁহ আৰু এণ্টিঅক্সিডেণ্টো থাকে। সেয়হে ভাতকেৰেলা খোৱাৰ ফলত কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ হয়।


৩) এই পাচলিয়ে বাৰিষাৰ সময়ত হোৱা নানান সংক্ৰমণ হ্ৰাস কৰাতো সহায়ক হয়। 


৪) উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ভাতকেৰেলা যথেষ্ট উপকাৰী হয়। সতেজ ভাতকেৰেলাৰ ৰস উলিয়াই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায়তা কৰে। 


৫) ছালত সতেজ ভাতকেৰেলাৰ ৰস প্ৰয়োগ কৰিলে মুখৰ শালমইনা সমস্যাৰ পৰা মুক্ত হব পাৰি। 


৬) ভাত কেৰেলাত থকা লুইটেইনৰ (Lutein) দৰে কেৰোটোনইডবোৰে বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


৭) হজম উন্নত কৰাতো ভাত কেৰেলাই ভাল ভূমিকা পালন কৰে। আয়ুৰ্বেদত, ইয়াক এক ঔষধ বুলি গণ্য কৰা হয়, যাক বহুতো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।


গতিকে প্ৰতিদিনে নহ’লেও মাজে সময়ে ইয়াক খালে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। 


ভাতকেৰেলাত পোৱা যায় অধিক প্ৰটিন- বিশেষ প্ৰতিদিন অনুসৰি, মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰে সু-স্বাস্থ্যৰ বাবে যথেষ্ট প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ