--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী ১০ বছৰীয়া কণমানি। কণমানিজনী বৰ্তমান এই পৃথিৱীত নাই। মৃত্যুৰ আগে আগে এই ১০ বছৰীয়া কিশোৰীগৰাকীয়ে পূৰণ কৰিলে এক সপোন। নিজৰ প্ৰেমিকৰ সৈতে বিয়া হোৱাৰ সপোন দেখিছিল ছোৱালীজনীয়ে। ছোৱালীজনী লিউকেমিয়া ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ মাত্ৰ ১২ দিন পূৰ্বে শৈশৱৰ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছোৱালীজনী। ছোৱালীজনীৰ নাম এমা এডৱাৰ্ডছ আৰু এমাৰ প্ৰেমিকৰ নাম ডেনিয়েল মাৰ্শ্বেল ক্রিষ্টোফাৰ। এই ঘটনা আমেৰিকাৰ।
North Carolina girl, 10, fulfils her dying wish by 'marrying' her childhood  sweetheart in heartbreaking ceremony - days before losing brave leukemia  battle | Daily Mail Online
যোৱা বছৰৰ এপ্ৰিল মাহত এমা একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া (ALL) ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আলিনা আৰু এৰন এডৱাৰ্ডছে কয় যে তেওঁলোক আশাবাদী আছিল যে তেওঁলোকৰ কন্যাই এই ৰোগক পৰাস্ত কৰিব পাৰিব। কিন্তু এই বছৰৰ জুন মাহত চিকিৎসকে পৰিয়ালটোক হৃদয়বিদাৰক খবৰটো দি ক’লে যে এমাৰ কৰ্কট ৰোগ নিৰাময় কৰিব নোৱাৰি আৰু তেওঁ এই পৃথিৱীত কেইদিনমানহে জীয়াই থাকিব।
10-year-old “married” her boyfriend a few days before he died of leukemia
এই দুখৰ খবৰটো পোৱাৰ পাছত এমাৰ পিতৃ-মাতৃ দুখত ভাগি পৰে। তেওঁলোকে নিজক চম্ভালি লোৱাৰ পাছত কন্যাৰ সপোন পূৰ কৰিবৰ বাবে সিদ্ধান্ত লয়। এমাই ডাঙৰ হৈ সমবয়সীয়া প্ৰেমিক ডেনিয়েল মাৰ্শ্বেল ক্রিষ্টোফাৰৰ সৈতে বিয়া হোৱাৰ সপোন দেখিছিল। পিতৃ-মাতৃয়ে কন্যাৰ সেই সপোন পূৰ কৰাৰ কথা ভাবে।

এই কথা জনোৱা হ’ল প্ৰেমিক ডেনিয়েলৰ ঘৰত। ডেনিয়েলৰ লগতে তেওঁৰ পৰিয়ালেও মৃত্যুমুখী ছোৱালীজনীৰ সপোন পূৰ কৰিবৰ বাবে সমৰ্থন আগবঢ়ায়।
Little Girl, 10, 'marries' Boyfriend days before dying of leukemia
জোঁৱাই ডেনিয়েলক প্ৰশংসা কৰি এমাৰ মাতৃ এলিনাই কয় "ডেনিয়েল হৈছে আমি লগ পোৱা আটাইতকৈ সুন্দৰ আত্মাৰ গৰাকী। তেওঁৰ হৃদয়খন সোণৰ দৰে উজ্জ্বল আৰু তেওঁ সঁচাকৈয়ে এমাক ভাল পায়।"

দুখৰ খবৰ যে বিয়াৰ মাত্ৰ ১২ দিনৰ পাছতেই সকলোকে কন্দুৱায় নেদেখা দেশলৈ গুচি গ’ল এমা এডৱাৰ্ডছ।

একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া (ALL) হৈছে এক প্ৰকাৰৰ কেন্সাৰ যিয়ে তেজ আৰু হাড়ৰ মজ্জাক প্ৰভাৱিত কৰে। ই দ্ৰুত আৰু আক্ৰমণাত্মকভাৱে শৰীৰত বিয়পি পৰে আৰু ইয়াৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়েই এই ৰোগত আক্ৰান্ত হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন