--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী ১০ বছৰীয়া কণমানি। কণমানিজনী বৰ্তমান এই পৃথিৱীত নাই। মৃত্যুৰ আগে আগে এই ১০ বছৰীয়া কিশোৰীগৰাকীয়ে পূৰণ কৰিলে এক সপোন। নিজৰ প্ৰেমিকৰ সৈতে বিয়া হোৱাৰ সপোন দেখিছিল ছোৱালীজনীয়ে। ছোৱালীজনী লিউকেমিয়া ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ মাত্ৰ ১২ দিন পূৰ্বে শৈশৱৰ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছোৱালীজনী। ছোৱালীজনীৰ নাম এমা এডৱাৰ্ডছ আৰু এমাৰ প্ৰেমিকৰ নাম ডেনিয়েল মাৰ্শ্বেল ক্রিষ্টোফাৰ। এই ঘটনা আমেৰিকাৰ।
North Carolina girl, 10, fulfils her dying wish by 'marrying' her childhood  sweetheart in heartbreaking ceremony - days before losing brave leukemia  battle | Daily Mail Online
যোৱা বছৰৰ এপ্ৰিল মাহত এমা একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া (ALL) ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আলিনা আৰু এৰন এডৱাৰ্ডছে কয় যে তেওঁলোক আশাবাদী আছিল যে তেওঁলোকৰ কন্যাই এই ৰোগক পৰাস্ত কৰিব পাৰিব। কিন্তু এই বছৰৰ জুন মাহত চিকিৎসকে পৰিয়ালটোক হৃদয়বিদাৰক খবৰটো দি ক’লে যে এমাৰ কৰ্কট ৰোগ নিৰাময় কৰিব নোৱাৰি আৰু তেওঁ এই পৃথিৱীত কেইদিনমানহে জীয়াই থাকিব।
10-year-old “married” her boyfriend a few days before he died of leukemia
এই দুখৰ খবৰটো পোৱাৰ পাছত এমাৰ পিতৃ-মাতৃ দুখত ভাগি পৰে। তেওঁলোকে নিজক চম্ভালি লোৱাৰ পাছত কন্যাৰ সপোন পূৰ কৰিবৰ বাবে সিদ্ধান্ত লয়। এমাই ডাঙৰ হৈ সমবয়সীয়া প্ৰেমিক ডেনিয়েল মাৰ্শ্বেল ক্রিষ্টোফাৰৰ সৈতে বিয়া হোৱাৰ সপোন দেখিছিল। পিতৃ-মাতৃয়ে কন্যাৰ সেই সপোন পূৰ কৰাৰ কথা ভাবে।

এই কথা জনোৱা হ’ল প্ৰেমিক ডেনিয়েলৰ ঘৰত। ডেনিয়েলৰ লগতে তেওঁৰ পৰিয়ালেও মৃত্যুমুখী ছোৱালীজনীৰ সপোন পূৰ কৰিবৰ বাবে সমৰ্থন আগবঢ়ায়।
Little Girl, 10, 'marries' Boyfriend days before dying of leukemia
জোঁৱাই ডেনিয়েলক প্ৰশংসা কৰি এমাৰ মাতৃ এলিনাই কয় "ডেনিয়েল হৈছে আমি লগ পোৱা আটাইতকৈ সুন্দৰ আত্মাৰ গৰাকী। তেওঁৰ হৃদয়খন সোণৰ দৰে উজ্জ্বল আৰু তেওঁ সঁচাকৈয়ে এমাক ভাল পায়।"

দুখৰ খবৰ যে বিয়াৰ মাত্ৰ ১২ দিনৰ পাছতেই সকলোকে কন্দুৱায় নেদেখা দেশলৈ গুচি গ’ল এমা এডৱাৰ্ডছ।

একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া (ALL) হৈছে এক প্ৰকাৰৰ কেন্সাৰ যিয়ে তেজ আৰু হাড়ৰ মজ্জাক প্ৰভাৱিত কৰে। ই দ্ৰুত আৰু আক্ৰমণাত্মকভাৱে শৰীৰত বিয়পি পৰে আৰু ইয়াৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়েই এই ৰোগত আক্ৰান্ত হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ