--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বুধবাৰে (৯ আগষ্ট) ৰাষ্ট্ৰপতি আৰিফ আলভিক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰাৰ পৰামৰ্শ দিব। সংসদৰ নিম্ন সদনৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিব ১২ আগষ্টত। এ আৰ ৱাই নিউজ, ডেইলী পাকিস্তান আৰু পাকিস্তান অবজাৰ্ভাৰৰ বাতৰি অনুসৰি শ্বাহবাজ শ্বৰীফৰ পদত্যাগৰ পাছত জলিল আব্বাছ জিলানী  প্ৰধানমন্ত্ৰী হ’ব পাৰে।

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছে জলিল আব্বাছ জিলানী। প্ৰাক্তন বৈদেশিক সচিব জলিল আব্বাছ জিলানীয়ে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত, অষ্ট্ৰেলিয়াত পাকিস্তানৰ উচ্চায়ুক্ত আৰু ভাৰতত পাকিস্তানৰ উপ-উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ৰাষ্ট্ৰীয় বিধানসভা ভংগ হোৱাৰ লগে লগে পাকিস্তানত পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাট মুকলি হ’ব। মঙলবাৰে শ্বাহবাজ শ্বৰীফে কৈছিল যে বৰ্তমান চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত বুধবাৰে ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰি পৰামৰ্শ দিম। ইয়াৰ পাছত এখন অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব ল’ব।

তেওঁ কয় যে ২০২৩ চনৰ নৱেম্বৰ মাহত পাকিস্তানৰ জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে নিজৰ চৰকাৰ নিৰ্বাচন কৰিব। পাকিস্তানৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই। ৰাষ্ট্ৰপতি আলভিয়ে হয় তৎক্ষণাত বিধানসভা ভংগ কৰাৰ বাবে অধিসূচনা জাৰি কৰিব পাৰে আৰু যদি তেওঁ তেনে নকৰে তেন্তে ৪৮ ঘণ্টাৰ পিছত বিধানসভাখন নিজেই ভংগ হ’ব।

মঙলবাৰে প্ৰধানমন্ত্ৰী শ্বৰীফে সাধাৰণ মুখ্য কাৰ্যালয় (জি এইচ কিউ)লৈও বিদায় ভ্ৰমণ কৰে। ২০২২ চনৰ ১০ এপ্ৰিলত পাকিস্তানত উদ্ভৱ হোৱা ৰাজনৈতিক সংকটৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ পিছত বিৰোধী দলসমূহৰ হৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শ্বাহবাজ শ্বৰীফক মনোনীত কৰা হৈছিল। পিছদিনা অৰ্থাৎ ২০২২ চনৰ ১১ এপ্ৰিলত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন