--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বুধবাৰে (৯ আগষ্ট) ৰাষ্ট্ৰপতি আৰিফ আলভিক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰাৰ পৰামৰ্শ দিব। সংসদৰ নিম্ন সদনৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিব ১২ আগষ্টত। এ আৰ ৱাই নিউজ, ডেইলী পাকিস্তান আৰু পাকিস্তান অবজাৰ্ভাৰৰ বাতৰি অনুসৰি শ্বাহবাজ শ্বৰীফৰ পদত্যাগৰ পাছত জলিল আব্বাছ জিলানী  প্ৰধানমন্ত্ৰী হ’ব পাৰে।

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছে জলিল আব্বাছ জিলানী। প্ৰাক্তন বৈদেশিক সচিব জলিল আব্বাছ জিলানীয়ে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত, অষ্ট্ৰেলিয়াত পাকিস্তানৰ উচ্চায়ুক্ত আৰু ভাৰতত পাকিস্তানৰ উপ-উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ৰাষ্ট্ৰীয় বিধানসভা ভংগ হোৱাৰ লগে লগে পাকিস্তানত পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাট মুকলি হ’ব। মঙলবাৰে শ্বাহবাজ শ্বৰীফে কৈছিল যে বৰ্তমান চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত বুধবাৰে ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি ৰাষ্ট্ৰীয় বিধানসভা ভংগ কৰি পৰামৰ্শ দিম। ইয়াৰ পাছত এখন অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব ল’ব।

তেওঁ কয় যে ২০২৩ চনৰ নৱেম্বৰ মাহত পাকিস্তানৰ জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে নিজৰ চৰকাৰ নিৰ্বাচন কৰিব। পাকিস্তানৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই। ৰাষ্ট্ৰপতি আলভিয়ে হয় তৎক্ষণাত বিধানসভা ভংগ কৰাৰ বাবে অধিসূচনা জাৰি কৰিব পাৰে আৰু যদি তেওঁ তেনে নকৰে তেন্তে ৪৮ ঘণ্টাৰ পিছত বিধানসভাখন নিজেই ভংগ হ’ব।

মঙলবাৰে প্ৰধানমন্ত্ৰী শ্বৰীফে সাধাৰণ মুখ্য কাৰ্যালয় (জি এইচ কিউ)লৈও বিদায় ভ্ৰমণ কৰে। ২০২২ চনৰ ১০ এপ্ৰিলত পাকিস্তানত উদ্ভৱ হোৱা ৰাজনৈতিক সংকটৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ পিছত বিৰোধী দলসমূহৰ হৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শ্বাহবাজ শ্বৰীফক মনোনীত কৰা হৈছিল। পিছদিনা অৰ্থাৎ ২০২২ চনৰ ১১ এপ্ৰিলত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস