--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলোকক দেখি নিজেও কম খৰচত  টাটু কৰাৰ কথা ভাবিছিল দুই যুৱক-যুৱতীয়ে৷ সেয়াই তেওঁলোকৰ বাবে কাল হ’ল৷ সস্তীয়া টাটু কৰি তেওঁলোকে দেহত চপাই ল’বলগীয়া হ’ল এইছআইভি৷ ঘটনাটো ঘটিছে বাৰানসীত৷

যোৱা দুমাহত বাৰাণসীৰ জিলা চিকিৎসালয়ৰ চিকিৎসকসকলে কমেও দুজন ৰোগী বিচাৰি পাইছে যিসকলৰ দেহত এইচআইভি পজিটিভ পোৱা গৈছে।  শৰীৰত টাটু কৰাৰ পিছত তেওঁলোক এইছআইভিৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জনা গৈছে। ঘটনাটোৰ বিষয়ে গম পোৱাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় চিন্তিত হৈ পৰিছে।

বাৰাণসীৰ মুখ্য স্বাস্থ্য বিষয়াই নিশ্চিত কৰিছে যে জিলা চিকিৎসালয়ত  চিকিৎসাধীন হৈ থকা দুজন ৰোগীৰ দেহত এইছআইভি ধৰা পৰিছে । তেওঁলোক দুয়োজনে দাবী কৰিছে যে এয়া অসুৰক্ষিত যৌন সম্ভোগ বা সংক্ৰমিত তেজৰ সংক্ৰমণৰ বাবে হোৱা নাই।  তেওঁলোক দুয়োৱে শৰীৰত টাটু কৰিছিল আৰু টাটু কৰোতে ব্যৱহাৰ কৰা বেজীৰ পৰাই এইছআইভি তেওঁলোকৰ দেহলৈ আহিছে৷

জানিব পৰা গৈছে যে বাৰাণসীৰ বৰাগাঁৱৰ এজন ২০ বছৰীয়া যুৱকে গাঁৱত অনুষ্ঠিত  মেলাত তেওঁৰ হাতত টাটু কৰাইছিল। কেইমাহমানৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে। তেওঁ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। জ্বৰ কমি যোৱা নাছিল। সকলো পৰীক্ষা কৰাৰ পিছত তেওঁৰ কোনো ৰোগ বিচাৰি নোপোৱাৰ বাবে তেওঁৰ এইছআইভি পৰীক্ষা কৰা হৈছিল৷ পৰীক্ষাৰ পিছত  দেখা গৈছে যে তেওঁ এইচআইভি পজিটিভ। চিকিৎসকসকলেও ধাৰণা কৰিছে যে  যুৱকজনৰ দেহলৈ এইছআইভি হাতৰ টাটুৰ জৰিয়তেই আহিছে৷ 

বাৰাণসীৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় একেই ঘটনা ঘটিছে। তেওঁ টাটুও কৰিছিল। তাৰ পিছত তেওঁ অসুস্থ হৈ পৰিল। যুৱতীগৰাকীৰ দেহতো এইছআইভি পোৱা গৈছে৷ 

ধাৰণা কৰা অনুসৰি  টাটু কৰা লোকজনে  সকলোৰে বাবে এটাই  বেজী  ব্যৱহাৰ কৰিছিল। পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ৰ ডাঃ প্ৰীতি আগৰৱালৰ মতে, টাটু কৰিবলৈ ব্যৱহাৰ কৰা  বেজীটো অতি ব্যয়বহুল। গতিকে  খৰচ বচাবলৈ লোকজনে একেটা বেজীয়েই ব্যৱহাৰ কৰি  সকলোৰে টাটু কৰিছিল।

চিকিৎসক প্ৰীতি আগৰৱালই সেয়ে এইবুলি  পৰামৰ্শ দিছে যে  টাটু কৰাৰ আগতে  বেজীটো নতুন হয় নে নহয় সেয়া পৰীক্ষা কৰিব লাগিব।নহ’লে সামান্য অসাৱধনাৰ বাবেই শৰীৰত  এইছআইভিৰ দৰে মাৰাত্ম বীজাণু বিয়পি পৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক