--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলোকক দেখি নিজেও কম খৰচত  টাটু কৰাৰ কথা ভাবিছিল দুই যুৱক-যুৱতীয়ে৷ সেয়াই তেওঁলোকৰ বাবে কাল হ’ল৷ সস্তীয়া টাটু কৰি তেওঁলোকে দেহত চপাই ল’বলগীয়া হ’ল এইছআইভি৷ ঘটনাটো ঘটিছে বাৰানসীত৷

যোৱা দুমাহত বাৰাণসীৰ জিলা চিকিৎসালয়ৰ চিকিৎসকসকলে কমেও দুজন ৰোগী বিচাৰি পাইছে যিসকলৰ দেহত এইচআইভি পজিটিভ পোৱা গৈছে।  শৰীৰত টাটু কৰাৰ পিছত তেওঁলোক এইছআইভিৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জনা গৈছে। ঘটনাটোৰ বিষয়ে গম পোৱাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় চিন্তিত হৈ পৰিছে।

বাৰাণসীৰ মুখ্য স্বাস্থ্য বিষয়াই নিশ্চিত কৰিছে যে জিলা চিকিৎসালয়ত  চিকিৎসাধীন হৈ থকা দুজন ৰোগীৰ দেহত এইছআইভি ধৰা পৰিছে । তেওঁলোক দুয়োজনে দাবী কৰিছে যে এয়া অসুৰক্ষিত যৌন সম্ভোগ বা সংক্ৰমিত তেজৰ সংক্ৰমণৰ বাবে হোৱা নাই।  তেওঁলোক দুয়োৱে শৰীৰত টাটু কৰিছিল আৰু টাটু কৰোতে ব্যৱহাৰ কৰা বেজীৰ পৰাই এইছআইভি তেওঁলোকৰ দেহলৈ আহিছে৷

জানিব পৰা গৈছে যে বাৰাণসীৰ বৰাগাঁৱৰ এজন ২০ বছৰীয়া যুৱকে গাঁৱত অনুষ্ঠিত  মেলাত তেওঁৰ হাতত টাটু কৰাইছিল। কেইমাহমানৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে। তেওঁ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। জ্বৰ কমি যোৱা নাছিল। সকলো পৰীক্ষা কৰাৰ পিছত তেওঁৰ কোনো ৰোগ বিচাৰি নোপোৱাৰ বাবে তেওঁৰ এইছআইভি পৰীক্ষা কৰা হৈছিল৷ পৰীক্ষাৰ পিছত  দেখা গৈছে যে তেওঁ এইচআইভি পজিটিভ। চিকিৎসকসকলেও ধাৰণা কৰিছে যে  যুৱকজনৰ দেহলৈ এইছআইভি হাতৰ টাটুৰ জৰিয়তেই আহিছে৷ 

বাৰাণসীৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় একেই ঘটনা ঘটিছে। তেওঁ টাটুও কৰিছিল। তাৰ পিছত তেওঁ অসুস্থ হৈ পৰিল। যুৱতীগৰাকীৰ দেহতো এইছআইভি পোৱা গৈছে৷ 

ধাৰণা কৰা অনুসৰি  টাটু কৰা লোকজনে  সকলোৰে বাবে এটাই  বেজী  ব্যৱহাৰ কৰিছিল। পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ৰ ডাঃ প্ৰীতি আগৰৱালৰ মতে, টাটু কৰিবলৈ ব্যৱহাৰ কৰা  বেজীটো অতি ব্যয়বহুল। গতিকে  খৰচ বচাবলৈ লোকজনে একেটা বেজীয়েই ব্যৱহাৰ কৰি  সকলোৰে টাটু কৰিছিল।

চিকিৎসক প্ৰীতি আগৰৱালই সেয়ে এইবুলি  পৰামৰ্শ দিছে যে  টাটু কৰাৰ আগতে  বেজীটো নতুন হয় নে নহয় সেয়া পৰীক্ষা কৰিব লাগিব।নহ’লে সামান্য অসাৱধনাৰ বাবেই শৰীৰত  এইছআইভিৰ দৰে মাৰাত্ম বীজাণু বিয়পি পৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ