--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰিবাৰিক বিবাদৰ ফলত ৰাজস্থানত সংঘটিত এক আশ্চৰ্যকৰ তথা কৰুণ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। দৈনন্দিন সৃষ্টি হোৱা পাৰিবাৰিক বিবাদে ব্যক্তিক কেনে এক ভয়াৱহ পৰিণতিৰ ফালে ঠেলি পঠাব পাৰে, তাৰ এক জলন্ত প্ৰমাণ হৈ পৰিছে এই ঘটনাটো। ৰাজস্থানৰ আজমেৰ জিলাত নিজৰ পৰিয়ালৰ মাজত সৃষ্টি হোৱা দৈনন্দিন বাক-বিতণ্ডাৰ ফলত অতিষ্ঠ হৈ এগৰাকী মহিলাই বাছি ল’লে এক চৰম পন্থা।

জিলাখনৰ এক ভিতৰুৱা এলেকাৰ এই মহিলাগৰাকীয়ে সন্মুখীন হোৱা দৈনন্দিন অত্যাচাৰৰ পৰিণতিত নিজৰ চাৰি সন্তানৰ সৈতে কুঁৱাত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়। মহিলাগৰাকীৰ এনে চৰম সিদ্ধান্ত তথা কৰ্মৰ ফলত মৃত্যু ঘটিছে চাৰিওটি শিশুৰে। চাৰি শিশুৰ ভিতৰত আটাইতকৈ কনিষ্ঠ শিশুটিৰ বয়স আছিল মাত্ৰ এমাহ।

আনহাতে এই শোকাৱহ ঘটনাত শিশু কেইটিৰ মৃত্যু ঘটিলেও জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীক। স্থানীয় মংগলিয়াৱাছ আৰক্ষীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে আবেলি হোৱা এই ঘটনাত নিশালৈ তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল। আনহাতে আজি পুৱা আটাইতকৈ কনিষ্ঠ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ কিছু সময় পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। আত্মহত্যাৰ দৰে চৰম পন্থা অৱলন্বন কৰা এই ৩২ বৰ্ষীয় মহিলাগৰাকীক মাটিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

মংগলিয়াৱাছ আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই ঘটনাৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নিহত শিশুকেইটিক কোমল (৪), ৰিংকু (৩), ৰাজবীৰ (২২ মাহ) আৰু দেৱৰাজ (এমাহ) বুলি চিনাক্ত কৰা হৈছে।

টাডাই জানিবলৈ দিয়া মতে শিশু কেইটিৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহত ৰখা হৈছিল। আনহাতে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই যদিও আৰক্ষীয়ে নিজাকৈ তদন্ত আৰম্ভ কৰিছে বুলি ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই লগতে উল্লেখ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক