--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰিবাৰিক বিবাদৰ ফলত ৰাজস্থানত সংঘটিত এক আশ্চৰ্যকৰ তথা কৰুণ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। দৈনন্দিন সৃষ্টি হোৱা পাৰিবাৰিক বিবাদে ব্যক্তিক কেনে এক ভয়াৱহ পৰিণতিৰ ফালে ঠেলি পঠাব পাৰে, তাৰ এক জলন্ত প্ৰমাণ হৈ পৰিছে এই ঘটনাটো। ৰাজস্থানৰ আজমেৰ জিলাত নিজৰ পৰিয়ালৰ মাজত সৃষ্টি হোৱা দৈনন্দিন বাক-বিতণ্ডাৰ ফলত অতিষ্ঠ হৈ এগৰাকী মহিলাই বাছি ল’লে এক চৰম পন্থা।

জিলাখনৰ এক ভিতৰুৱা এলেকাৰ এই মহিলাগৰাকীয়ে সন্মুখীন হোৱা দৈনন্দিন অত্যাচাৰৰ পৰিণতিত নিজৰ চাৰি সন্তানৰ সৈতে কুঁৱাত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়। মহিলাগৰাকীৰ এনে চৰম সিদ্ধান্ত তথা কৰ্মৰ ফলত মৃত্যু ঘটিছে চাৰিওটি শিশুৰে। চাৰি শিশুৰ ভিতৰত আটাইতকৈ কনিষ্ঠ শিশুটিৰ বয়স আছিল মাত্ৰ এমাহ।

আনহাতে এই শোকাৱহ ঘটনাত শিশু কেইটিৰ মৃত্যু ঘটিলেও জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীক। স্থানীয় মংগলিয়াৱাছ আৰক্ষীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে আবেলি হোৱা এই ঘটনাত নিশালৈ তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল। আনহাতে আজি পুৱা আটাইতকৈ কনিষ্ঠ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ কিছু সময় পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। আত্মহত্যাৰ দৰে চৰম পন্থা অৱলন্বন কৰা এই ৩২ বৰ্ষীয় মহিলাগৰাকীক মাটিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

মংগলিয়াৱাছ আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই ঘটনাৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নিহত শিশুকেইটিক কোমল (৪), ৰিংকু (৩), ৰাজবীৰ (২২ মাহ) আৰু দেৱৰাজ (এমাহ) বুলি চিনাক্ত কৰা হৈছে।

টাডাই জানিবলৈ দিয়া মতে শিশু কেইটিৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে শৱগৃহত ৰখা হৈছিল। আনহাতে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই যদিও আৰক্ষীয়ে নিজাকৈ তদন্ত আৰম্ভ কৰিছে বুলি ষ্টেচন হাউচ অফিচাৰ সুনেজ টাডাই লগতে উল্লেখ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ