--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সম্ৰাজ্ঞী, ভাৰতৰ নাইটিংগেল খ্যাত লতা মংগেশকাৰে আজি সকলোকে কন্দুৱাই গুচি গ'ল তৰাৰ দেশলৈ। নিজৰ সুমধুৰ কণ্ঠেৰে সমগ্ৰ ভাৰতকে গৌৰৱান্বিত কৰি ৰখা লতা মংগেশকাৰৰ মহাপ্ৰস্থানত শোকস্তব্ধ হৈ পৰিছে দেশ। লতা জীৰ কণ্ঠত বিৰাজমান আছিল যেন সাক্ষাৎ সৰস্বতী। ইমান সুৱদী..ইমান শুৱলা..ইমান মিঠা আছিল সেই কণ্ঠ। বহু গায়িকা আহিল, বহু গ'ল কিন্তু লতাজীক পাৰ কৰি কোনো যাব নোৱাৰিলে। সেয়ে তেওঁক কোৱা হয় সুৰৰ সম্ৰাজ্ঞী(Queen of Melody)। ভাৰতীয় সংগীত জগতৰ একছত্ৰী সম্ৰাজ্ঞী আছিল লতা দিদি। আচাৰ-আচাৰণ, মাতে-কথাই, বেশভূষাৰে আছিল তেওঁ গাম্ভীৰ্যৰে পৰিপূৰ্ণ..যেন দেৱী সৰস্বতীৰ জীৱন্ত ৰূপ। কালি সকলোৱে সৰস্বতী পূজা পালন কৰে আৰু সৰস্বতী পূজাৰ পাছদিনাই ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি সৃষ্টি কৰি ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জীৱন্ত সৰস্বতী লতা মংগেশকাৰে। লতা মংগেশকাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা লাখ লাখ গুণমুগ্ধই তেওঁৰ দ্ৰুত আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল। কিন্তু বিধিৰ বিধান মানি ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিলে সুৰৰ সম্ৰাজ্ঞীগৰাকী। লতাজীৰ মৃত্যুত দেশৰ ভিন্ন গণ্য-মান্য ব্যক্তিয়ে কৰিছে গভীৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি কয়-''লতাজীৰ মৃত্যুয়ে এক শূণ্যতাৰ সৃষ্টি কৰিলে। ইয়াৰ পূৰণ কেতিয়াও কোনোৱে কৰিব নোৱাৰে। এই দুখ প্ৰকাশ কৰিবলৈ মোৰ শব্দৰ অভাৱ। দয়ালু আৰু যত্নশীল লতা দিদিয়ে আমাক এৰি গৈছে। তেওঁ আমাৰ দেশত এক শূন্যতা সৃষ্টি কৰি থৈ গৈছে যিটো কেতিয়াও পূৰণ কৰিব নোৱাৰি। আগন্তুক প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী শক্তিশালী ব্যক্তি হিচাপে স্মৰণ কৰিব, যাৰ সুমধুৰ কণ্ঠস্বৰৰে মানুহক মন্ত্ৰমুগ্ধ কৰাৰ এক অতুলনীয় ক্ষমতা আছিল।'' ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়-''লতাজীৰ মৃত্যুৰ খবৰ মোৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে এক হৃদয় বিদাৰক খবৰ। ভাৰতৰ সাৰাংশ আৰু সৌন্দৰ্য প্ৰদান কৰা তেওঁৰ গানৰ বিশাল পৰিসৰত ভাৰতীয় প্ৰজন্মই তেওঁলোকৰ আৱেগৰ অভিব্যক্তি বিচাৰি পাইছিল। ভাৰত ৰত্ন লতাজীৰ সফলতা অতুলনীয় হৈ থাকিব।'' উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লতা মংগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় ''লতাজীৰ প্ৰস্থান অতি দুখজনক। কলা জগতৰ অপূৰণীয় ক্ষতি হ'ল।'' অমিত শ্বাহে টুইট কৰি কয়, "মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে সময়ে সময়ে মই লতা দিদিৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আহিছো। তেওঁৰ অতুলনীয় দেশপ্ৰেম, মিঠা কণ্ঠ স্বৰ আৰু নম্ৰতাৰ সৈতে তেওঁ সদায় আমাৰ সৈতে থাকিব। মই তেওঁৰ পৰিয়াল আৰু অগণন অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।'' কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "লতা মংগেশকাৰজীৰ মৃত্যুৰ দুখজনক খবৰ পাইছো। তেওঁ কেইবা দশক ধৰি ভাৰতৰ আটাইতকৈ প্ৰিয় কণ্ঠস্বৰ হৈ আছিল। তেওঁৰ সোণালী কণ্ঠস্বৰ অমৰ হৈ থাকিব আৰু তেওঁৰ অনুৰাগীসকলৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।" দেশৰ ৰাজনৈতিক মহলৰ পৰা বলীউড জগতলৈকে সকলোৱে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকবাৰ্তা লিখিছে। দেশৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী লতা মংগেশকাৰৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ঢৌ তুলিছে। কেন্দ্ৰীয় চৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচি দুদিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। জানিব পৰা অনুসৰি দেওবাৰে সন্ধিয়া ৬.৩০ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব লতা মংগেশকাৰৰ। আৰু পঢ়কঃ ‘জোনাকৰে ৰাতি,অসমীৰে মাটি’-অনেক গীতেৰে অসমকো সমৃদ্ধ কৰি গৈছে লতা জীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ