--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সম্ৰাজ্ঞী, ভাৰতৰ নাইটিংগেল খ্যাত লতা মংগেশকাৰে আজি সকলোকে কন্দুৱাই গুচি গ'ল তৰাৰ দেশলৈ। নিজৰ সুমধুৰ কণ্ঠেৰে সমগ্ৰ ভাৰতকে গৌৰৱান্বিত কৰি ৰখা লতা মংগেশকাৰৰ মহাপ্ৰস্থানত শোকস্তব্ধ হৈ পৰিছে দেশ। লতা জীৰ কণ্ঠত বিৰাজমান আছিল যেন সাক্ষাৎ সৰস্বতী। ইমান সুৱদী..ইমান শুৱলা..ইমান মিঠা আছিল সেই কণ্ঠ। বহু গায়িকা আহিল, বহু গ'ল কিন্তু লতাজীক পাৰ কৰি কোনো যাব নোৱাৰিলে। সেয়ে তেওঁক কোৱা হয় সুৰৰ সম্ৰাজ্ঞী(Queen of Melody)। ভাৰতীয় সংগীত জগতৰ একছত্ৰী সম্ৰাজ্ঞী আছিল লতা দিদি। আচাৰ-আচাৰণ, মাতে-কথাই, বেশভূষাৰে আছিল তেওঁ গাম্ভীৰ্যৰে পৰিপূৰ্ণ..যেন দেৱী সৰস্বতীৰ জীৱন্ত ৰূপ। কালি সকলোৱে সৰস্বতী পূজা পালন কৰে আৰু সৰস্বতী পূজাৰ পাছদিনাই ভাৰতীয় সংগীত জগতত অপূৰণীয় ক্ষতি সৃষ্টি কৰি ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জীৱন্ত সৰস্বতী লতা মংগেশকাৰে। লতা মংগেশকাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছৰে পৰা লাখ লাখ গুণমুগ্ধই তেওঁৰ দ্ৰুত আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল। কিন্তু বিধিৰ বিধান মানি ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিলে সুৰৰ সম্ৰাজ্ঞীগৰাকী। লতাজীৰ মৃত্যুত দেশৰ ভিন্ন গণ্য-মান্য ব্যক্তিয়ে কৰিছে গভীৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি কয়-''লতাজীৰ মৃত্যুয়ে এক শূণ্যতাৰ সৃষ্টি কৰিলে। ইয়াৰ পূৰণ কেতিয়াও কোনোৱে কৰিব নোৱাৰে। এই দুখ প্ৰকাশ কৰিবলৈ মোৰ শব্দৰ অভাৱ। দয়ালু আৰু যত্নশীল লতা দিদিয়ে আমাক এৰি গৈছে। তেওঁ আমাৰ দেশত এক শূন্যতা সৃষ্টি কৰি থৈ গৈছে যিটো কেতিয়াও পূৰণ কৰিব নোৱাৰি। আগন্তুক প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী শক্তিশালী ব্যক্তি হিচাপে স্মৰণ কৰিব, যাৰ সুমধুৰ কণ্ঠস্বৰৰে মানুহক মন্ত্ৰমুগ্ধ কৰাৰ এক অতুলনীয় ক্ষমতা আছিল।'' ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়-''লতাজীৰ মৃত্যুৰ খবৰ মোৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে এক হৃদয় বিদাৰক খবৰ। ভাৰতৰ সাৰাংশ আৰু সৌন্দৰ্য প্ৰদান কৰা তেওঁৰ গানৰ বিশাল পৰিসৰত ভাৰতীয় প্ৰজন্মই তেওঁলোকৰ আৱেগৰ অভিব্যক্তি বিচাৰি পাইছিল। ভাৰত ৰত্ন লতাজীৰ সফলতা অতুলনীয় হৈ থাকিব।'' উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লতা মংগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় ''লতাজীৰ প্ৰস্থান অতি দুখজনক। কলা জগতৰ অপূৰণীয় ক্ষতি হ'ল।'' অমিত শ্বাহে টুইট কৰি কয়, "মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে সময়ে সময়ে মই লতা দিদিৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আহিছো। তেওঁৰ অতুলনীয় দেশপ্ৰেম, মিঠা কণ্ঠ স্বৰ আৰু নম্ৰতাৰ সৈতে তেওঁ সদায় আমাৰ সৈতে থাকিব। মই তেওঁৰ পৰিয়াল আৰু অগণন অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।'' কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "লতা মংগেশকাৰজীৰ মৃত্যুৰ দুখজনক খবৰ পাইছো। তেওঁ কেইবা দশক ধৰি ভাৰতৰ আটাইতকৈ প্ৰিয় কণ্ঠস্বৰ হৈ আছিল। তেওঁৰ সোণালী কণ্ঠস্বৰ অমৰ হৈ থাকিব আৰু তেওঁৰ অনুৰাগীসকলৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।" দেশৰ ৰাজনৈতিক মহলৰ পৰা বলীউড জগতলৈকে সকলোৱে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকবাৰ্তা লিখিছে। দেশৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী লতা মংগেশকাৰৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ঢৌ তুলিছে। কেন্দ্ৰীয় চৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচি দুদিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। জানিব পৰা অনুসৰি দেওবাৰে সন্ধিয়া ৬.৩০ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব লতা মংগেশকাৰৰ। আৰু পঢ়কঃ ‘জোনাকৰে ৰাতি,অসমীৰে মাটি’-অনেক গীতেৰে অসমকো সমৃদ্ধ কৰি গৈছে লতা জীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন