--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মায়াৱী কণ্ঠ ৰুদ্ধ হৈ পৰিল চিৰদিনলৈ। সমগ্ৰ দেশক শোকস্তদ্ধ কৰি নেদেখা সিপাৰলৈ গুচি গ'ল ভাৰতৰ নয়নৰ মণি, কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ। ভাৰতীয় সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা লতা মংগেশকাৰৰ অসমৰ সৈতেও আছিল মধুৰ সম্পৰ্ক। তেওঁ কেইবাটাও অসমীয়া গীতত সুললিত কণ্ঠ নিগৰাই অসম ভূমিক সমৃদ্ধ কৰি থৈ গৈছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতেও লতা মংগেশকাৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। দূৰদৰ্শনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'মেৰে আৱাজ শুনো'ৰ ফাইনেল ৰাউণ্ডত ভূপেন হাজৰিকাৰ সৈতে বিচাৰকৰ আসনত বহিছিল লতা মংগেশকাৰ। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা হিন্দী ছবি ‘Rudaali’ত কণ্ঠ নিগৰাইছিল লতা জীয়ে। সুধাকণ্ঠক দাদা বুলি মাতিছিল লতা জীয়ে। অসমীয়া ছবিতো গীত গাইছিল লতা মংগেশকাৰে। ’অপৰাজেয়’ ছবিত শনি তালুকদাৰে ৰচনা কৰা আকাশ ’অ’ আকাশ মোক জোনাকী এমুঠি দিয়া’ গীতটো গাইছিল লতা মংগেশকাৰে। ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’কোনে শুনা নাই এই সুমধুৰ গীত। যি গীত অসমীয়া সংগীত জগতত কালজয়ী গীত ৰূপেৰে জিলিকি আছে। এই চিৰযুগমীয়া গীতটি গাইছিল লতা মংগেশকাৰে। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। 'এৰা বাটৰ সুৰ' ছবিখনত ১৯৫৬চনত লতা মংগেশকাৰে গাইছিল এই কালজয়ী গীতটি। গীতটিত লতাজীৰ মায়াৱী কণ্ঠত সাৰ পাই উঠিছিল অসমৰ স্নিগ্ধ জোনাক ৰাতিৰ এক মনোমোহা ছবি। এই গীত কৰ্ণকুহৰেদি কুৰুকি কুৰুকি সোমাই প্ৰতিজন অসমীয়াৰ বুকুত বিয়পি পৰিল। আজিও সেই গীত শুনিলে হিয়া শাঁত পৰে অসমীয়াৰ। ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ এই গীতটি অসমীয়া সংগীত জগতত অন্যতম এটি জনপ্ৰিয় গীত। এগৰাকী মাৰাঠী নাৰীৰ হৃদয়ত কিদৰে অসম প্ৰেমে জোৱাৰ তুলিছিল সেই কথা খুব সুন্দৰকৈ এই গীতটিত প্ৰকাশ পাইছিল। এই গীততো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। দূৰণিৰ দেশ হ’লেও গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁ জনাইছিল প্ৰণাম। ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক গীতটি গোৱাৰ লগতে ‘মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটোও গাইছিল লতা মংগেশকাৰে। বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া সংগীতক জীপাল কৰি যোৱা লতাজী অসমবাসীৰ মন আকাশত সদায় ভোটা তৰা হৈ উজলি থাকিব। আৰু পঢ়কঃ এক সোণালী যুগৰ অৱসান! ঘূৰি নহা বাটেৰে গুচি গ’ল লতা মংগেশকাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ