--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মায়াৱী কণ্ঠ ৰুদ্ধ হৈ পৰিল চিৰদিনলৈ। সমগ্ৰ দেশক শোকস্তদ্ধ কৰি নেদেখা সিপাৰলৈ গুচি গ'ল ভাৰতৰ নয়নৰ মণি, কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ। ভাৰতীয় সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা লতা মংগেশকাৰৰ অসমৰ সৈতেও আছিল মধুৰ সম্পৰ্ক। তেওঁ কেইবাটাও অসমীয়া গীতত সুললিত কণ্ঠ নিগৰাই অসম ভূমিক সমৃদ্ধ কৰি থৈ গৈছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতেও লতা মংগেশকাৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। দূৰদৰ্শনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'মেৰে আৱাজ শুনো'ৰ ফাইনেল ৰাউণ্ডত ভূপেন হাজৰিকাৰ সৈতে বিচাৰকৰ আসনত বহিছিল লতা মংগেশকাৰ। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা হিন্দী ছবি ‘Rudaali’ত কণ্ঠ নিগৰাইছিল লতা জীয়ে। সুধাকণ্ঠক দাদা বুলি মাতিছিল লতা জীয়ে। অসমীয়া ছবিতো গীত গাইছিল লতা মংগেশকাৰে। ’অপৰাজেয়’ ছবিত শনি তালুকদাৰে ৰচনা কৰা আকাশ ’অ’ আকাশ মোক জোনাকী এমুঠি দিয়া’ গীতটো গাইছিল লতা মংগেশকাৰে। ‘জোনাকৰে ৰাতি, অসমীৰে মাটি, জিলিকি জিলিকি পৰে…’কোনে শুনা নাই এই সুমধুৰ গীত। যি গীত অসমীয়া সংগীত জগতত কালজয়ী গীত ৰূপেৰে জিলিকি আছে। এই চিৰযুগমীয়া গীতটি গাইছিল লতা মংগেশকাৰে। এই গীতটিৰ কথা, সুৰ আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। 'এৰা বাটৰ সুৰ' ছবিখনত ১৯৫৬চনত লতা মংগেশকাৰে গাইছিল এই কালজয়ী গীতটি। গীতটিত লতাজীৰ মায়াৱী কণ্ঠত সাৰ পাই উঠিছিল অসমৰ স্নিগ্ধ জোনাক ৰাতিৰ এক মনোমোহা ছবি। এই গীত কৰ্ণকুহৰেদি কুৰুকি কুৰুকি সোমাই প্ৰতিজন অসমীয়াৰ বুকুত বিয়পি পৰিল। আজিও সেই গীত শুনিলে হিয়া শাঁত পৰে অসমীয়াৰ। ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ এই গীতটি অসমীয়া সংগীত জগতত অন্যতম এটি জনপ্ৰিয় গীত। এগৰাকী মাৰাঠী নাৰীৰ হৃদয়ত কিদৰে অসম প্ৰেমে জোৱাৰ তুলিছিল সেই কথা খুব সুন্দৰকৈ এই গীতটিত প্ৰকাশ পাইছিল। এই গীততো কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। দূৰণিৰ দেশ হ’লেও গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁ জনাইছিল প্ৰণাম। ভূপেন হাজৰিকাৰ সৈতে ‘দুয়ো মুখামুখি’ শীৰ্ষক গীতটি গোৱাৰ লগতে ‘মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটোও গাইছিল লতা মংগেশকাৰে। বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া সংগীতক জীপাল কৰি যোৱা লতাজী অসমবাসীৰ মন আকাশত সদায় ভোটা তৰা হৈ উজলি থাকিব। আৰু পঢ়কঃ এক সোণালী যুগৰ অৱসান! ঘূৰি নহা বাটেৰে গুচি গ’ল লতা মংগেশকাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান