--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিআইডিৰ চাইবাৰ চেলে লগে লগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১০৬ ধাৰাৰ অধীনত প্ৰবঞ্চকৰ বেংক একাউণ্টটো ফ্ৰিজ কৰি দিয়ে। লগে লগে হৰলুকি হোৱা সমগ্ৰ ধন উদ্ধাৰ কৰে চাইবাৰ আৰক্ষীয়ে।

ডিজিটেল ডেস্ক: Boss Scam নহয় সলনি হৈছে চাইবাৰ অপৰাধীৰ কৌশল। চাইবাৰ অপৰাধীৰ লক্ষ্য বৃহৎ বৃহৎ প্ৰতিষ্ঠান। হেল্থ চিটী হাস্পালত আৰু অসমৰ দুটা প্ৰতিষ্ঠান ‘বচ স্কেম’ৰ কবলত পৰিছিল আৰু এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিল সোণাপুৰৰ বিখ্যাত ‘ষ্টাৰ চিমেণ্ট’ ফেক্টৰী। 


এক চৰকাৰী চুক্তিৰ বৰ্ডাৰ ৰোডছ অৰ্গানাইজেচন ষ্টাৰ চিমেণ্টে পাবলগীয়া আছিল প্ৰায় ৯০ লাখ টকা। চৰকাৰী ই-মাৰ্কেটপ্লেছ (GeM) প’ৰ্টেলত থকা ষ্টাৰ চিমেণ্টৰ বিক্ৰেতা একাউণ্টত অনৈতিকভাৱে প্ৰৱেশ কৰিলে চাইবাৰ চক্ৰই। কৌশলেৰে কোম্পানীটোৰ পঞ্জীয়নভুক্ত বেংক একাউণ্ট নম্বৰ সলনি কৰি তাৰ পৰিৱৰ্তে সংলগ্ন কৰি দিলে 'M/s Mokshita Enterprises' নামৰ এটা ভুৱা একাউণ্ট। ফলত বৰ্ডাৰ ৰোডছ অৰ্গানাইজেচনে প্ৰেৰণ কৰা ৯০ লাখ টকা ডাইভাৰ্ট হৈ সোমাই পৰিল প্ৰবঞ্চকৰ একাউণ্টত।


ঘটনা সন্দৰ্ভত ষ্টাৰ চিমেণ্টৰ বিষয়া জয় ঘোষে চি.আই.ডি.ত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত ০৩/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে চি.আই.ডি.ৰ চাইবাৰ আৰক্ষীয়ে। চি.আই.ডিৰ চাইবাৰ চেলে লগে লগে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১০৬ ধাৰাৰ অধীনত প্ৰবঞ্চকৰ বেংক একাউণ্টটো ফ্ৰিজ কৰি দিয়ে। লগে লগে হৰলুকি হোৱা সমগ্ৰ ধন উদ্ধাৰ কৰে চাইবাৰ আৰক্ষীয়ে। এই সমগ্ৰ চাইবাৰ প্ৰবঞ্চনাৰ সৈতে জড়িত আছে নীলেশ কুমাৰ আহিৰৱাৰ নামৰ এজন লোক। বৰ্তমান চাইবাৰ প্ৰবঞ্চক নীলেশক বিচাৰি অভিযান চলি আছে চিআইডি চাইবাৰ আৰক্ষীৰ।


উল্লেখ্য যে Boss Scam বা CEO Fraud হৈছে এক প্ৰকাৰৰ চাইবাৰ অপৰাধ বা অনলাইন প্ৰৱঞ্চনা, য'ত প্ৰৱঞ্চকসকলে কোনো এটা প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়া (যেনে- CEO, Managing Director বা Boss) হিচাপে পৰিচয় দিয়ে। প্ৰৱঞ্চকসকলে প্ৰায়ে অফিচৰ অফিচিয়েল ইমেইল এড্ৰেছৰ দৰে একেই দেখিবলৈ পোৱা ভুৱা ইমেইল (Spoofed Email) ব্যৱহাৰ কৰে অথবা হোৱাটছএপ বা অন্য মেছেজিং এপৰ প্ৰফাইল পিকচাৰত অফিচৰ বচ বা চিইঅ'ৰ ছবি লগাই লয়। তেওঁলোকে কৰ্মচাৰীসকলক (বিশেষকৈ একাউণ্ট বা বিত্তীয় বিভাগৰ লোকসকলক) অতি জৰুৰী কাম বুলি যোগাযোগ কৰে আৰু বিশ্বাস জন্মায় যে এই কামটো বৰ্তমান অতি সোনকালে কৰা প্ৰয়োজনীয়। তাৰপিছত তেওঁলোকে গোপনে কোনো বেংক একাউণ্টলৈ টকা স্থানান্তৰ কৰিবলৈ, জৰুৰীভাৱে উপহাৰ কাৰ্ড (Gift Cards) কিনিবলৈ বা কোনো গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক তথ্য শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে। কৰ্মচাৰীয়েও সেয়া বচে কোৱা বুলি ভাবি যি কৰিবলৈ কয় তাকে কৰে আৰু শেষত চাইবাৰ অপৰাধৰ বলি হয়। 


যিকোনো উচ্চপদস্থ বিষয়াই যদি হঠাৎ ছচিয়েল মিডিয়া বা ইমেইলৰ জৰিয়তে তেনে কোনো অস্বাভাৱিক বা গোপন বিত্তীয় লেনদেনৰ নিৰ্দেশ দিয়ে, তেন্তে তৎক্ষণাৎ পোনপটীয়াকৈ ফোন কৰি বা মুখামুখিকৈ কথা পাতি সেই কথা নিশ্চিত কৰি লোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক